সৰাপাতৰ শিকনি
সৰাপাতবোৰক সুধিলো
পুৱাৰ বেলিটো কেনি হেৰাই?
জৰজৰাই মৰমৰাই উঠিল
হৃদয় খনক সুধি চোৱা
যি বাটেৰে স্মৃতি বোৰ এৰি আহিলা
যি বাটেৰে হৃদয় খন
এৰি আহিলা
বেলিটো তাতেই লুকাল
এতিয়া ঘনঘোৰ এন্ধাৰত
সেপিয়াই চোৱা জীৱনৰ খহটাবোৰতেই
কলিজাখন বেলিহৈ লাগি ধৰা পাবা
আৰু টোপা টোপে পৰি থকা
কলিজাৰ তেজৰ চেকুৰাবোৰ চকুলো হৈ
নিগৰি সিক্ত কৰিব
তেওঁ ঘূৰি যোৱা সেই বাটটো
যি বাটেৰে বেলিটোই
আবেলিৰ হেঙুল হাইতাল বিলাইছিল
তেওঁ সুবনশিৰি কেঁচাসোনহৈ
জিলিকিব মৰণৰ আঁচলত
তথাপি জীৱন জীয়াৰ নামত
অলপ ৰঙৰ সঁফুৰা
পৰজনমৰ শুভাকাংক্ষী হেঁপাহ
বোলাই ৰাখিবলৈ
তেওঁ আহক এইবাটেৰে
যত মেঁটমৰা হেঁপাহৰ বোজা বৈ যায়
জীয়াই থকা মানুহ বোৰে।
এনেকৈ সৰাপাতবোৰে উচিত লিখনি য়ে দিয়ে।
✍️বীনা দেবী-মৰিগাওঁ
No comments:
Post a Comment