Tuesday, January 10, 2023

বৰ্তমান সময়ত আমাৰ সমাজ এখন কোন দিশে ধাৱমান:চন্দ্ৰ শেখৰ পৰাজুলী

 🔹বৰ্তমান সময়ত আমাৰ সমাজ এখন কোন দিশে ধাৱমান:-

   


     

       খ্ৰীষ্টপূৰ্ব (৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু, দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা চাণক্যই সেই তেতিয়াই কৈছিল যে " মূর্খ লােকৰ কাৰণে সমাজ নষ্ট নহয়,সমাজ নষ্ট হয় শিক্ষিত লােকৰ মূর্খ স্বভাৱৰ কাৰনে। " অৰ্থাৎ চাণক্যই সেই সময়তে চিন্তন,মনন আৰু অধ্যয়ন কৰি পোৱা কথাবোৰ আজিৰ সময়তো হুবহু মিল আছে। ইয়াতে মই সাধাৰণ এটা উদাহৰণ দি কথাটো বিতংকৈ বুজায় দিবলৈ চেষ্টা কৰিছোঁ। আচলতে আমাৰ নিম্ন শ্ৰেণীৰ বা অশিক্ষিত প্ৰায় প্ৰতিজন লোকে নিজ নিজ পিতৃ- মাতৃক বহুত মৰম,আদৰ আৰু সন্মান কৰে। সেয়েহে তেওঁলোকে নিজৰ পিতৃ-মাতৃক বৃদ্ধা আশ্ৰমত বা নিজ ঘৰৰ পৰা বাহিৰ কৰাৰ কথা ভাবিৱও নোৱাৰে। কিন্তু এই ক্ষেত্ৰত বেছিভাগেই উচ্চ শ্ৰেণীৰ শিক্ষিত লোকেসকলে নিজ নিজ বৃদ্ধা পিতৃ -মাতৃক বৃদ্ধা আশ্ৰমত থৈ যায় বা নিজ ঘৰৰ পৰা বাহিৰ কৰি দিয়া দেখা যায়। 

         আজিৰ সময়ত আকৌ  প্ৰতিজন মানুহৰ মাজতে প্ৰতিটো ক্ষেত্ৰত প্ৰতিযোগিতা কোন কিমান বুদ্ধিয়ক । অৰ্থাৎ কোনে, কিমান, কেনেকৈ ঠগিবলৈ সক্ষম হৈছে। যত মিছা কথা কোৱা পাপ কৰ্মৰ সমতুল্য  কিন্তু আজি সেই দেশতে মিছা কথা কৈ মানুহক ঠগ, লুণ্ঠনৰ জালেৰে মেৰিয়াই ধৰা শিক্ষিত লোকসকলৰ প্ৰধান অস্ত্ৰ। নহলে চাওক আজি প্ৰতিগৰাকী মানুহৰ মোবাইলত এনে এটা ফোনকল বা মেচেজ নিশ্চিয় আহিছে যে আপুনি আমাৰ লাকী কাষ্টামাৰ গতিকে আপুনি আমাৰ লটাৰীত ৫ লাখ টকা জিকিলে। সেয়েহে আপুনি আমালৈ উপহাৰ ল'বলৈ ২৫০০০,৫০০০০ টকা প্ৰথমে প্ৰেৰণ কৰক বা আপোনাৰ বেংকৰ নথি-পত্ৰ সমূহ আমাক দি দিয়ক। চাওক এইবোৰ খেলৰ খেলুৱৈ প্ৰায়বোৰেই কিন্তু উচ্চ শিক্ষিত লোক। অৰ্থাৎ আজিকালি শিক্ষিত লোকসকলে পৰিশ্ৰম কৰিবলৈ নিবিচাৰে বা কম পৰিশ্ৰম বিনিময়তে বহুতো টকা ঘটিবলৈ বিচাৰে। আৰু বৰ্তমানেও এনে বহুতো উদাহৰণ আছে য'ত সামান্য শিক্ষা আৰু সামান্য বুদ্ধিমত্তাৰ সৈতে যুজি,যুজি সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে।

            গতিকে আজিৰ সমাজ  বা ৰাষ্ট্ৰ এখন আগৰ তুলনাত নি-সন্দেহ  বহুত বিকশিত হৈছে আৰু ইয়াৰ গুৰি ধৰোতা এচাম জ্ঞানী শিক্ষিত সমাজে বুলি ক'ব লাগিব আমি । কিন্তু আজিৰ শিক্ষিত মানুহবোৰে  সমাজ বা ৰাষ্ট্ৰহীত পৰিহাৰ কৰি  যিধৰনে কেৱল নিজা স্বাৰ্থ পূৰণ কৰাৰ দিশত আগুৱাই গৈ আছে সেয়া কিন্তু এক ডাঙৰ মূৰ্খাতা। আৰু ইয়াৰ পৰিণাম স্বৰূপ অনাগত দিনবোৰত আমি যদি জীয়াই থাকো তেন্তে নিজ চকুৰে চাবলৈ সক্ষম হ'ম।

                

🔸চন্দ্ৰ শেখৰ পৰাজুলী

বিশ্বনাথ চাৰিআলি,অসম

দূৰঘাষ:- ৮৬৩৮০৯৮৯২২

ডাক ঘৰ:- বিশ্বনাথ চাৰিআলি।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...