Showing posts with label চন্দ্ৰ শেখৰ পৰাজুলী. Show all posts
Showing posts with label চন্দ্ৰ শেখৰ পৰাজুলী. Show all posts

Wednesday, March 22, 2023

জোখতকৈ বেছি ভাল হ'লেই বিপদ

 প্ৰবন্ধ

জোখতকৈ বেছি ভাল হ'লেই  বিপদ:-

                ‌‌  মানুহে যেতিয়া বাঁহৰ বাৰিত বাঁহ কাটিবলৈ সোমাই। তেতিয়া প্ৰায় সকলোবোৰ মানুহে চিধা বাঁহ গছ জোপাকে প্ৰথমে কাটিবলৈ লয়। চকুৰ সন্মুখত বহুতো টেৰা-বেকা বাঁহ থাকিলেও পোন প্ৰথমতে আহি চিধা চিধিকৈ লপলপাই বগাই যোবা বাহঁ গছ জোপাকে বিচাৰি বিচাৰি কাটিবলৈ আৰম্ভ কৰোঁ। অৰ্থাৎ আমি চিধাচিধি মানুহ হোৱাটো কোনো বেয়া কথা নহয় । কিন্তু ইমানেই চিধাচিধি মানুহো নহ'ব যাতে সকলোৰে প্ৰধান আৰু প্ৰথম লক্ষ্য আপোনাকে কৰি লয় । চাওঁক আজিকালি যুগ বহুতো সলনি হ'ল। এই সংসাৰত এতিয়া ভাল বস্তু, ভাল মানুহ,ভাল কামৰ স্থান দিনক দিনে নাইকীয়া হৈ পৰিছে। বৰ্তমান সময়ত জোখতকৈ বেছি ভাল হ'লেই  বিপদ। 

          অতীততে মানুহৰ বহুত সহজ-সৰল জীৱন প্ৰণালী আছিল। আৰু তেতিয়াৰ মানুহৰ স্বভাৱ চৰিত্ৰবোৰ বৰ ভদ্ৰ-নম্ৰ আছিল। অতীতত মানুহৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ নাছিল। নিজে কৰিছিল আৰু নিজে খাই,বৈ বৰ আনন্দতে জীৱন নিৰ্বাহ কৰিছিল। তেতিয়া আনৰ অনিষ্ট সাধন কৰা দূৰৰে কথা । আনৰ অনিষ্ট সাধনৰ কথা মনলৈ আহিলেও এক পাপৰ সমতুল্য বুলি বিবেচনা কৰিছিল । কিন্তু সময়ৰ সোঁতত লাহে লাহে আমাৰ সংসাৰ খন আধুনিকতাৰ ফালে ঢপলি মেলিলে। শিক্ষা, বিজ্ঞান, ঔদ্যোগিক ক্ষেত্ৰখনত এক নতুন ক্ৰান্তিৰ সূচনা হ'ল। 

  আৰু ইয়াৰ লগে লগে সলনি হবলৈ ধৰিল মানুহ সংস্কাৰ,স্বভাৱ-চৰিত্ৰ। আচলতে এতিয়া বেয়া কথাবোৰেই ভাল হৈ পৰিল আৰু ভাল কথাবোৰ যেন এতিয়া অশুৱনি লাগিবলৈ আৰম্ভ কৰিছে। মুঠতে এতিয়া আপুনি আহি মোক ঠগিছে, মই‌‌ গৈ বেলেগ কাৰোবাৰ ঠগিবলৈ বাধ্য হৈছোঁ । এনেকৈয়ে আমাৰ সংসাৰখন বিকশিত দিশলৈ ধাৱমান হৈছে নে ধ্বংসৰ দিশে গতি কৰিছে?।

             গতিকে সময়ৰ লগত নিজকে সলনি কৰিবলৈ হ'লে প্ৰথমতে নিজকে এবাৰ প্ৰশ্ন কৰক ?। মই জোখতকৈ বৰ বেছি ভাল নেকি বাৰু ?। জোখতকৈ বেছি ভাল, জোখতকৈ বেছি চিধা মানুহ এই সময়ছোৱাত জীৱন নিৰ্বাহ কৰিবলৈ বৰ কষ্টকৰ। আপুনি আনক অন্যায় নকৰে সেইটো বৰ ভাল কথা । কিন্তু ইমানো মূৰ্খ নহ'ব যাতে আপুনি সদায় আনৰ অন্যায় সহ্য কৰিব লগিয়া হয়। মানি ললো আপুনি সকলোবোৰ অন্যায় দুখ কষ্ট সহ্য কৰিবলৈ সক্ষম। কিন্তু ইয়াৰো একো একোটা সীমা থাকে। সেই সকলোবোৰ সীমা চেৰাই যোৱাৰ পাছতো যদি আপুনি এনেই হাতত হাত ধৰি বহি থাকে তেন্তে আপুনি সমাজ এখনত কেৱল এক নিন্দনীয়ৰ পাত্ৰ ৰূপে পৰিগণিত হ'ব। 

             ...........................................

             চন্দ্ৰ শেখৰ পৰাজুলী

             বিশ্বনাথ চাৰিআলি, অসম

             দূৰভাষ:-৮৬৩৮০৯৮৯২২

             ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

             ডাক নং:-৭৮৪১৭৬

Tuesday, February 28, 2023

কন্যাৰ ঘৰত যৌতুকত কি দাবী কৰিব

 কন্যাৰ ঘৰত যৌতুকত কি দাবী কৰিব



         কন্যা এগৰাকীক বিয়া কৰি আনিবলৈ যাওঁতে যেতিয়া দৰা পক্ষৰ ঘৰৰ পৰা বা দৰা হ'বলৈ যোৱা লৰাজনে বিয়া কৰিব লগীয়া কন্যা নাইবা কন্যা পক্ষৰ ঘৰৰ মানুহক বিয়াৰ বিনিময়ত ধন, সম্পত্তি বা কিবা সামগ্ৰীৰ দাবী জনোৱা নিয়ম বা পৰম্পৰাকে যৌতুক প্ৰথা বুলি আমি সাধাৰণতে জানো। আচলতে হিন্দু সমাজত নাৰীসকল পুৰুষসকলোৰ নিচিনা সমানভাৱে সম্পত্তিৰ উত্তাৰিধকাৰী হোৱা নাছিল। সেই বাবে অনেক আগৰ পৰাই হিন্দু সমাজত নাৰীসকলোক বিবাহৰ সময়ত যৌতুক দিয়াৰ প্ৰচলন আছিল । কিন্তু এতিয়া গৈ গৈ যৌতুক প্ৰথা এক কন্যা পক্ষৰ ঘৰৰ বাবে কষ্টকৰ প্ৰথা বা পৰম্পৰাত পৰিগণিত হৈছে। কিন্তু ২০০০ চনত নাৰী তথা শিশু নিৰ্যাতন দমন আইন অনুসৰি        

যৌতুক দিয়া বা লোৱা উভয় পক্ষকে শাস্তি মূলক অপৰাধ হিচাপে বিবেচনা কৰা হৈছে। অপৰাধ যদি প্ৰমাণিত হয় তেন্তে উভয়ে ১ ৰ পৰা ৫ বছৰ লৈকে কাৰাদণ্ড বা জৰিমনা দিব লগিয়া হব পাৰে। ইয়াৰ আগতেও ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ১৯৬১ চনতে যৌতুক লোৱা বা দিয়া বা দাবি কৰাৰ শাস্তি সৰ্বোচ্চ ছয় মাহৰ কাৰাদণ্ড বা পাঁচ হাজাৰ ৰূপী জৰিমানা ভৰিব লাগিব বুলি উল্লেখ কৰা হৈছিল।

                 গতিকে উপৰোক্ত আলোচনাতে উল্লেখ কৰিছোঁ যে, আমাৰ দেশত অৰ্থাৎ পুনপ্ৰথমে হিন্দু সমাজত নাৰী সকলক পুৰুষসকলোৰ নিচিনা সমানভাৱে সম্পত্তিৰ উত্তাৰিধকাৰী হোৱা নাছিল। সেই বিষয়ে চিন্তা চৰ্চা কৰি কন্যা সন্তানক বিয়া দিয়াৰ লগে লগে তাৰ বিনিময়ত কন্যা পক্ষৰ মানুহে নিজৰ ইচ্ছা অনুসৰি কিবা নহয় কিবা দানত দিয়া প্ৰচলনক এসময়ত গৈ গৈ যৌতুক প্ৰথাৰ ৰূপ ল'লে। তথাপিও চাওঁক আজিৰ সময়তো কন্যা সন্তানক পিতৃ পক্ষৰ সম্পত্তিৰ পৰা বঞ্চিত ৰখা হয়। এইটো উচিত নে অনুচিত এবাৰ এবাৰ সকলোৱে বহু চিন্তনীয় বিষয়। যৌতুক প্ৰথাৰ সূত্ৰপাত হোৱা মূল শিপাবোৰ আজিও কিন্তু জীবিত অৱস্থাত আছে। 

                 এতিয়া অন্তিম মই কওঁ প্ৰতিজন দৰাই কন্যা পক্ষৰ মানুহক লগতে কন্যাক যৌতুকৰ দাবী কৰিব। কিন্তু ইয়াতে কথা হ'ল কি কি দাবী কৰিব ?। চাওঁক কন্যা এজনীয়ে বিয়াৰ সময়ত খালি হাতেৰে বিয়া হৈ আহিলেও সেই কন্যা গৰাকীৰ আচাৰ, ব্যৱহাৰ,সংস্কাৰ, চৰিত্ৰ আদি সকলোবোৰ পুন প্ৰথমে নিজ পৰিয়াল আৰু   ডাঙৰ হৈ আহি বিবাহ হোৱাৰ সময়লৈকে নিজৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে যৌতুকত আপুনি দৰা হিচাপে বা দৰা পক্ষৰ মানুহ হিচাপে এগৰাকী কন্যা বা কন্যা পক্ষৰ মানুহবোৰক উচ্চ গুণসম্পন্ন ছোৱালী এজনীয়ে যৌতুক বিচাৰি আগবাঢ়ি যাব। কাৰণ ধন, সম্পত্তি নাইবা কিবা সামগ্ৰীবোৰে কেৱল আপোনাক সন্তেকিয়া সুখ প্ৰদান কৰিব কিন্তু গোটেই জীৱন স্ত্ৰী আৰু স্বামীয়ে একেলগে মিলি কটাবলগীয়া হয়। জীৱন সংগী বিচাৰি গৈ সন্তেকিয়া সুখৰ মায়াজালৰ সোমাই নপৰিব।


চন্দ্ৰ শেখৰ পৰাজুলী

বিশ্বনাথ চাৰিআলি, অসম

দূৰভাষ:-৮৬৩৮০৯৮৯২২

ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

ডাক নং:-৭৮৪১৭৬

ধাৰ্মিক কাৰ্যকলাপৰ প্ৰতি কিমান সচেতন আজিৰ সমাজ ?

 ধাৰ্মিক কাৰ্যকলাপৰ প্ৰতি কিমান সচেতন আজিৰ সমাজ ?



              চাওঁক ধাৰ্মিক কাৰ্যকলাপ প্ৰতি পৃথিৱীৰ সৃষ্টিৰ অনাদি কালৰ আৰম্ভণিৰে পৰা  আমি মানব জাতিটো জড়িত হৈ আছোঁ বুলিয়ে ক'ব লাগিব। ইয়াত জাতি, সম্প্ৰদায়, প্ৰতিটো ধৰ্মীয় মতামতত কিছু অন্তৰ থাকিলেও লোক বিশ্বাস অনুসৰি আমি প্ৰায় প্ৰতিজন মানুহে কিবা নহয় কিবা অদৃশ্য শক্তিৰ প্ৰতি বিশ্বাস বা স্মৰণ কৰি আহিছোঁ। হয়তো তাৰে মাজতে কিছুমান নাস্তিক মানুহৰো অভাৱ নাই আমাৰ সমাজত। নাস্তিক অৰ্থাৎ আধ্যাত্মিক বা অদৃশ্য শক্তিৰ প্ৰতি বিশ্বাস নথকা মানুহবোৰ। এতিয়া কথা হ'ল, ধৰ্ম আমাৰ মানুহৰ মনৰ কেৱল এটি বিশ্বাস নে আমাৰ অন্ধবিশ্বাস ? । ইয়াক লৈয়ো বহুতো মানুহৰে মতামতত অন্তৰ থকা দেখা যায় । আৰু এনেবোৰ বিষয় ওপৰত আলোচনা কৰা মানে আকাশৰ তৰাবোৰ গণনা কৰি শেষ কৰা । অৰ্থাৎ আজিলৈকে এনেবোৰ বিষয় বস্তুবোৰক লৈ কোনো সঠিক মন্তব্য প্ৰকাশ কৰা সম্ভৱপৰ হোৱাগৈ নাই । 

              গতিকে যিয়ে নহয়ওক মই আজি উল্লেখ কৰিব বিচৰা প্ৰকৃত বিষয়টো হৈ, ধাৰ্মিক কাৰ্যকলাপ প্ৰতি কিমান সচেতন আজিৰ সমাজ ? । মোৰ এই প্ৰশ্নটো কেৱল কোনো এটা ধৰ্মী লগত জড়িত লোকসকল লৈ উত্থাপন কৰিছোঁ এনে নহয় । মই ইয়াতে প্ৰতিটো ধৰ্মাৱলম্বী লোকলৈ প্ৰশ্ন কৰিছোঁ। চাওঁক প্ৰতিটো ধৰ্মৰে সাধাৰণ কিছুমান নীতি,নিয়ম থাকে। তাক আজি আমি কিমানে সূচাৰুৰূপে পালন কৰি গৈছো ?। আচলতে প্ৰতিটো ধৰ্মতে মানব জাতিৰ কল্যাণ সাধনৰ নিমিত্তে প্ৰায় একেধৰণৰে সামান্য কিছুমান নীতিগত শিক্ষা প্ৰদান কৰা থাকে। তাৰে ভিতৰত কিমানে আজি ধৰ্মীয় নীতিগত শিক্ষাৰ মাজেৰে ৫০ শতাংশ মান হ'লেও হুবহু পালন কৰি যাবলৈ সক্ষম হৈছোঁ ?। আজি আমি আমাৰ আচল স্বৰূপটো পাহৰি কেৱল লোক প্ৰদৰ্শনৰ বাবেহে বেছিভাগ মানুহে ধাৰ্মিক কাৰ্যকলাপৰ লগত জড়িত হৈ আছোঁ নেকি বাৰু?। এই কথাটো নিজেই নিজকে এবাৰ হ'লেও প্ৰশ্ন কৰি চাব আপুনি। ইয়াৰ উওৰ প্ৰতিজন মানুহে নিজৰ মনৰ মাজতে বিচাৰি পাব। মানুহে যদি সচাকৈ আন্তৰিকতাৰে ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱা হ'লে তেন্তে আজি এই বিশ্বত বসবাস কৰা লোকসকলক এই গতি নহ'ল হেতেন । 

              গতিকে ধৰ্মক লৈ ৰাজনীতি, বেপাৰ কৰিবলৈ বন্ধ কৰক আপুনি যদি প্ৰকৃত মানুহ হয়। আপুনি ধৰ্মক লৈ প্ৰদৰ্শন কৰি যাব নালাগে।কাৰন ধৰ্ম মানে হ'ল,নিজে নিজৰ আত্ম উত্থান সাধন কৰা লগতে বিশ্ব কল্যাণৰ  উদ্দেশ্য আগত ৰাখি অনাদি কালৰ পৰা চলি অহা এক ৰীতি নীতি,এক পৰম্পৰা বা লোকবিশ্বাস। নাইবা ধৰ্ম মানে ই হ'ল এক প্ৰকাৰৰ মানুহৰ মনৰ পৰিবৰ্তন। অৰ্থাৎ অসত্য পথ এৰি সত্যতাৰ পথলৈ বুলি এক দিঘলীয়া যাত্ৰা। আপুনি কিমান ধাৰ্মিক মানুহ তাক লৈ প্ৰদৰ্শন কৰাত ব্যস্ত নাথাকিব। কাৰণ আপোনাৰ ব্যৱহাৰে ক'বই নহয় আপুনি কেনেকুৱা মানুহ।

              

              চন্দ্ৰ শেখৰ পৰাজুলী

              বিশ্বনাথ চাৰিআলি,অসম

              দূৰভাষ:-৮৬৩৮০৯৮৯২২

              ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

              ডাক নং:-৭৮৪১৭৬

Tuesday, February 21, 2023

চিন্তা চৰ্চাৰ স্বাধীনতা প্ৰদান কৰক সন্তানক:চন্দ্ৰ শেখৰ পৰাজুলী,

চিন্তা চৰ্চাৰ স্বাধীনতা প্ৰদান কৰক সন্তানক



                              

        প্ৰকৃততে মগনিয়া পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি সফলতাৰ শিৰ্ষত থকা দুয়ো পিতৃ-মাতৃৰ জৰিয়তেও নিজৰ সন্তানৰ সদায় সুন্দৰ,সফল ভবিষ্যতৰ কল্পনা কৰে নহয়নে ? । আচলতে বেছিভাগ ক্ষেত্ৰতে এজন সফল ব্যক্তিৰ আঁৰত প্ৰথম ভেটিটো হেনো নিজ নিজ পিতৃ-মাতৃৰ জৰিয়তে নিৰ্মাণ হয় । গতিকে প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰতে দেখা যায় যে, এজন মানুহে নিজ নিজ জীৱনত কৰি অহা সংগ্ৰাম, সংঘৰ্ষবোৰৰ পৰা নিজৰ সন্তানক আতৰ কৰি ৰাখিবলৈ সদায় যন্ত কৰে। কিন্তু তাৰে মাজতে কিছুমান অভিভাৱক নিজ সন্তানকো এজন শত্ৰুততৈ বেয়া ব্যৱহাৰ কৰি অহা ঠায়ে ঠায়ে দেখা যায়।এনেবোৰ বিষয় সমাজ এখনৰ অসামান্যৰ তালিকাত পৰে । কিন্তু এতিয়া কথা হ'ল মই ইয়াত উল্লেখ কৰিবলৈ বিচাৰিছোঁ নিজ সন্তানক প্ৰদান কৰা চিন্তা,চৰ্চাৰ স্বাধীনতাৰ কথা ।

              আচলতে এজন মগনিয়াৰ সন্তান ভবিষ্যতে গৈ এজন মগনিয়ায়ে হওক বুলি কোনো এজন অভিভাৱকে কেতিয়াও কল্পনা নকৰে। কিন্তু এজন মধ্যবিত্ত বা এজন ধনী,ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত অভিভাৱক সকলে হয়তো তেওঁৰ জীৱনত ঢুকি নোপোৱা কেতবোৰ আধৰোৱা সপোনবোৰ নিজ নিজ সন্তানৰ জৰিয়তে পূৰ্ণ কৰাৰ বহুতৰে মনত হাবিয়াস থাকে নহয়নে ?। চাওঁক আজিকালিৰ সময়ছোৱা প্ৰতিটো ক্ষেত্ৰতে পৰিবৰ্তনশীল । সেয়েহে হয়তো আপোনাৰ সময়ত আপুনি যত,যত সফলতা পোৱাৰ পৰা বঞ্চিত আছিল ভবিষ্যতে গৈ আপোনাৰ সন্তানে সেইবোৰ ক্ষেত্ৰতে গৈ সফলতা অৰ্জন কৰিব বুলি কিমান  যুক্তিপূৰ্ণ কথা। আমাৰ লাগিলে তেজৰে সম্পৰ্ক নহওক কিয় আমি প্ৰতিটো মানুহৰ এজন,আনজনতকৈ বহুত পৃথক। কিছু কিছু ক্ষেত্ৰত হয়তো অভিভাৱকৰ লগত মিল থাকিলেও স্বাভাবিকতে ঢিন্তাধাৰাবোৰ পৃথক হোৱাটো একেবাৰে সামান্য। গতিকে নিজ সন্তানক আপোনাৰ আধৰোৱা সপোনবোৰ জাপি দিয়াতকৈ সদায় এজন ভাল মানুহ আৰু দেশৰ এজন সৎ নাগৰিক হোৱাৰ শিক্ষা প্ৰদান কৰক। স্বাধীনতাৰে চিন্তা, চৰ্চা কৰা আমি জন্মসূত্ৰে লাভ কৰা মৌলিক অধিকাৰ। গতিকে প্ৰতিজন অভিভাৱকে নিজ নিজ সন্তানক সদায় চিন্তা,চৰ্চা কৰাৰ স্বাধীনতা প্ৰদান কৰক । আপোনাৰ সন্তানক যদি মুক্ত মনৰ জৰিয়তে চিন্তা ,চৰ্চাৰ কৰি আগুৱাই যাবলৈ সুবিধা প্ৰদান কৰে তেন্তে তেওঁলোকৰ সুপ্ত প্ৰতিভাবোৰ বিকাশত সহায়ক হয়।

           


চন্দ্ৰ শেখৰ পৰাজুলী

বিশ্বনাথ চাৰিআলি, অসম

দূৰভাষ:-৮৬৩৮০৯৮৯২২

ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

ডাক নং:-৭৮৪১৭৬

Thursday, January 26, 2023

আমাৰ মাজত সজাগতাৰ অতি প্ৰয়োজন

 🔴আমাৰ মাজত সজাগতাৰ অতি প্ৰয়োজন:-

                              


        অলপদিন আগতে লোকসভাৰ অধিবেশনত ইমতিয়াজ জলিল নামৰ লোকসভাৰ সদস্য এজনে কেইদিনমান আগতে হৈ যোৱা বিশ্বকাপ ফুটবল খেলৰ বিষয়ে উল্লেখ কৰি ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত থকা লজ্জাজনক পৰিস্থিতিৰ কথা উল্লেখ কৰিছিল। হয়তো আমি বহুতেই তেওঁৰ ভাষণ শুনি আপ্লুত হৈছোঁ  আৰু এই বিষয়ে আমি সকলোৱে মিলি বহলাই চিন্তা=চৰ্চা কৰাও অতিকৈ আবশ্যক । চাওক ভাৰতবৰ্ষ উন্নত দেশৰ তালিকাত আহিবলৈ হ'লে কেৱল এটি দিশতে মনোনিবেশ কৰিলে নহ'ব। আৰু আমি আজিও নিজৰ নূন্যতম প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰিবলৈ ব্যৰ্থ আছোঁ। হয়তো আমাৰ নূন্যতম প্ৰয়োজনীয় সমূহ পূৰ্ণ কৰিবলৈ কিছুমান পুঁজিপতি মানুহ লগতে চৰকাৰৰ ফালৰ পৰা সম্পুৰ্ণ সহযোগীতা পোৱাগৈ নাই। অৰ্থাৎ বিনামূলীয়া ঘৰ, চাউল,শৌচালয়ৰ আদিয়ে পোৱাৰে যোগ্য নেকি বৰ্তমান সময়ৰ আমি সকলো ভাৰতীয়। প্ৰতিটো ক্ষেত্ৰতে আমাৰ পৰা আমি জনা,নজনাকৈ আমাৰ আয়ৰ কৰ পৰিশোধ কৰি থাকিব লগিয়া হৈছে চৰকাৰক। অৰ্থাৎ কষ্ট কৰি আমি উপাৰ্জন কৰা টকাবোৰৰ পৰা বেলেগে বিনা কাৰণতেই খায় বৰ সোৱাদ ল'বলৈ সক্ষম হৈছে।

       এতিয়া আহো প্ৰকৃত কথালৈ। অৰ্থাৎ প্ৰাচীন সময়ত বিশেষকৈ শিক্ষাকে বৰ বেছিকৈ প্ৰাধান্য দি হৈছিল। আৰু ইয়াৰ লগতে খেল=ধেমালি, নানান কলাত্মক দিশসমূহৰ কেৱল মাত্ৰ কিছুমান ঠাইবোৰতে সীমাবদ্ধ আছিল। কিন্তু আজিৰ সময়ত এজন প্ৰকৃত মানুহ হ'বলৈ মানুহৰ সৰ্বাংগীন বিকাশ হোৱাটো অতি আবশ্যক।তাৰ উপৰিও বৰ্তমান সময়ত শিক্ষা=দিক্ষাৰ লগতে নানান ক্ৰীড়া আৰু নানান কলাত্মক দিশসমূহৰ পৰা নিজে স্বাভলম্ভি হোৱাৰ লগতে নিজ ৰাজ্য আৰু দেশৰ হৈ গৌৰৱ কঢ়িয়াই লৈ আনিব পাৰি। চাওক আজি  এটা শিশুয়ে হয়তো নিজ দেশৰ বিশিষ্ট সাহিত্যিক বা   বৈজ্ঞানিক এজন নাম কব নোৱাৰিবও পাৰে । কিন্তু এজন বিশ্ববিখ্যাত ক্ৰিকেটাৰ বা ফুটবলাৰ কোন বুলি কলে তেওঁ তৎক্ষণাৎ উত্তৰ দি দিব।

           গতিকে আমি কেৱল এটা দিশতে মনোনিবেশ কৰি বহি থাকিলে নহ'ব। সময়ৰ সৈতে নিজক আৰু নিজ দেশক আগুৱাই লৈ যাবলৈ আমি সম্পূৰ্ণ চেষ্টা আৰু চিন্তা=চৰ্চা কৰাৰ সময় আহি পৰিছে। কেৱল নিজ দেশৰ কেতবোৰ পুঁজিপতিৰ  কাঠৰ পুতলা আৰু চৰকাৰৰ ভোট বেংক হৈ কিমানদিন বহি থাকিম। আমাৰ মাজত সজাগতা আমি প্ৰতিজনে মিলি আনিবলৈ চেষ্টা কৰিব লাগিব। নহলে এসময়ত মানুহবোৰ অন্যান্য গ্ৰহলৈ স্থানান্তৰ হৈ যাবগৈ । আৰু আমাৰ বাবে এইখন সংসাৰতে তিষ্টি থাকিবলৈ ঠাই নাইকিয়া হ'ব। 

           

           চন্দ্ৰ শেখৰ পৰাজুলী

           বিশ্বনাথ চাৰিআলি,অসম

           দূৰভাষ:-৮৬৩৮০৯৮৯২২

Tuesday, January 10, 2023

বৰ্তমান সময়ত আমাৰ সমাজ এখন কোন দিশে ধাৱমান:চন্দ্ৰ শেখৰ পৰাজুলী

 🔹বৰ্তমান সময়ত আমাৰ সমাজ এখন কোন দিশে ধাৱমান:-

   


     

       খ্ৰীষ্টপূৰ্ব (৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু, দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা চাণক্যই সেই তেতিয়াই কৈছিল যে " মূর্খ লােকৰ কাৰণে সমাজ নষ্ট নহয়,সমাজ নষ্ট হয় শিক্ষিত লােকৰ মূর্খ স্বভাৱৰ কাৰনে। " অৰ্থাৎ চাণক্যই সেই সময়তে চিন্তন,মনন আৰু অধ্যয়ন কৰি পোৱা কথাবোৰ আজিৰ সময়তো হুবহু মিল আছে। ইয়াতে মই সাধাৰণ এটা উদাহৰণ দি কথাটো বিতংকৈ বুজায় দিবলৈ চেষ্টা কৰিছোঁ। আচলতে আমাৰ নিম্ন শ্ৰেণীৰ বা অশিক্ষিত প্ৰায় প্ৰতিজন লোকে নিজ নিজ পিতৃ- মাতৃক বহুত মৰম,আদৰ আৰু সন্মান কৰে। সেয়েহে তেওঁলোকে নিজৰ পিতৃ-মাতৃক বৃদ্ধা আশ্ৰমত বা নিজ ঘৰৰ পৰা বাহিৰ কৰাৰ কথা ভাবিৱও নোৱাৰে। কিন্তু এই ক্ষেত্ৰত বেছিভাগেই উচ্চ শ্ৰেণীৰ শিক্ষিত লোকেসকলে নিজ নিজ বৃদ্ধা পিতৃ -মাতৃক বৃদ্ধা আশ্ৰমত থৈ যায় বা নিজ ঘৰৰ পৰা বাহিৰ কৰি দিয়া দেখা যায়। 

         আজিৰ সময়ত আকৌ  প্ৰতিজন মানুহৰ মাজতে প্ৰতিটো ক্ষেত্ৰত প্ৰতিযোগিতা কোন কিমান বুদ্ধিয়ক । অৰ্থাৎ কোনে, কিমান, কেনেকৈ ঠগিবলৈ সক্ষম হৈছে। যত মিছা কথা কোৱা পাপ কৰ্মৰ সমতুল্য  কিন্তু আজি সেই দেশতে মিছা কথা কৈ মানুহক ঠগ, লুণ্ঠনৰ জালেৰে মেৰিয়াই ধৰা শিক্ষিত লোকসকলৰ প্ৰধান অস্ত্ৰ। নহলে চাওক আজি প্ৰতিগৰাকী মানুহৰ মোবাইলত এনে এটা ফোনকল বা মেচেজ নিশ্চিয় আহিছে যে আপুনি আমাৰ লাকী কাষ্টামাৰ গতিকে আপুনি আমাৰ লটাৰীত ৫ লাখ টকা জিকিলে। সেয়েহে আপুনি আমালৈ উপহাৰ ল'বলৈ ২৫০০০,৫০০০০ টকা প্ৰথমে প্ৰেৰণ কৰক বা আপোনাৰ বেংকৰ নথি-পত্ৰ সমূহ আমাক দি দিয়ক। চাওক এইবোৰ খেলৰ খেলুৱৈ প্ৰায়বোৰেই কিন্তু উচ্চ শিক্ষিত লোক। অৰ্থাৎ আজিকালি শিক্ষিত লোকসকলে পৰিশ্ৰম কৰিবলৈ নিবিচাৰে বা কম পৰিশ্ৰম বিনিময়তে বহুতো টকা ঘটিবলৈ বিচাৰে। আৰু বৰ্তমানেও এনে বহুতো উদাহৰণ আছে য'ত সামান্য শিক্ষা আৰু সামান্য বুদ্ধিমত্তাৰ সৈতে যুজি,যুজি সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে।

            গতিকে আজিৰ সমাজ  বা ৰাষ্ট্ৰ এখন আগৰ তুলনাত নি-সন্দেহ  বহুত বিকশিত হৈছে আৰু ইয়াৰ গুৰি ধৰোতা এচাম জ্ঞানী শিক্ষিত সমাজে বুলি ক'ব লাগিব আমি । কিন্তু আজিৰ শিক্ষিত মানুহবোৰে  সমাজ বা ৰাষ্ট্ৰহীত পৰিহাৰ কৰি  যিধৰনে কেৱল নিজা স্বাৰ্থ পূৰণ কৰাৰ দিশত আগুৱাই গৈ আছে সেয়া কিন্তু এক ডাঙৰ মূৰ্খাতা। আৰু ইয়াৰ পৰিণাম স্বৰূপ অনাগত দিনবোৰত আমি যদি জীয়াই থাকো তেন্তে নিজ চকুৰে চাবলৈ সক্ষম হ'ম।

                

🔸চন্দ্ৰ শেখৰ পৰাজুলী

বিশ্বনাথ চাৰিআলি,অসম

দূৰঘাষ:- ৮৬৩৮০৯৮৯২২

ডাক ঘৰ:- বিশ্বনাথ চাৰিআলি।

Monday, January 09, 2023

নিজক কেতিয়া ঠিক কৰিম:চন্দ্ৰ শেখৰ পৰাজুলী

 🔴নিজক কেতিয়া ঠিক কৰিম?

         আমি জন্ম গ্ৰহণ কৰাৰ পৰা বৰ্তমান সময়লৈকে সদায় বেছিভাগ ক্ষেত্ৰতে আনকে দোষাৰোপ কৰি গৈছো বা আনকে দোষাৰোপ কৰি যাওঁ। কেতিয়াবা গহীন গম্ভীৰ ভাবে নিজৰ আত্মজীৱনী কথা বিশ্লেষণ কৰিলে গম পাম আমি প্ৰায় প্ৰতিজন মানুহে নিজক কেতিয়াও সংশোধন কৰাৰ কথা চিন্তা-চৰ্চা কৰাৰ পৰা বিৰত আছোঁ। অৰ্থাৎ প্ৰায় প্ৰতিজনে  ব্যক্তিয়ে নিজৰ বিবেক বুদ্ধিয়ে ঢুকি পোৱা কথাবোৰকে প্ৰকৃত সত্য বুলি বিবেচনা কৰে। ইয়াতে কথা হ'ল এই সংসাৰত প্ৰকৃত সত্য কি তাৰ নিৰ্ধাৰণ আমি কোনেও কৰিব নোৱাৰোঁ। কিয়নো আমাৰ কিছুমান মানুহক যিবোৰ কথা বা কাম কৰিলে মনত বৰ আঘাত দিয়ে আৰু সেই একেটাই কথা বা কামবোৰ কৰি কিছুমান মানুহৰ বৰ আনন্দ‌ অনুভৱ কৰে।আমি জন্ম গ্ৰহণ কৰা সংসাৰ খনত সঠিক বা সত্য পথৰ সন্ধান কৰিব নোৱাৰিলেও বৰ্তমান সময়ত  সংসাৰত বসবাস কৰা লোকসকলক উপকাৰী দিশ আৰু অপকাৰী দিশবোৰ আমি প্ৰায়বোৰ মানুহে নিজৰ মনত অলপমান হ'লেও উপলব্ধি কৰিবলৈ সক্ষম। তেন্তে আমি কিমানবোৰ মানুহে কেবল মাত্ৰ নিজা হিতৰ কথা পৰিহাৰ কৰি সকলো মানুহৰ সৰ্বোচ্চ হিত বা কল্যাণ সাধনৰ কথা চিন্তা চৰ্চা কৰি আহিছোঁ। আচলতে ইয়াতে কিছুমান বুদ্ধিজীৱী সকলে প্ৰথমে এটাই মত পোষণ কৰিব যে 'ভোকৰ তাৰণাত মানুহে কেবল নিজৰ পাপী পেট ভৰাবলৈহে  যত্ন কৰে ।' আচলতে এই যুক্তি দিয়াটো এশ শতাংশয়ে অশুদ্ধ। অৰ্থাৎ পৃথিৱীত ভাল মানসিকতা গঢ়িবলৈ হ'লে ভৰপূৰ পেট নহয় । এখন পৰিপূৰ্ণ সুন্দৰ মনৰহে দৰকাৰ ।

             ‌‌ সেয়েহে এতিয়া ডাঙৰ কথা হ'ল আনক আমি আমাৰ দৰে সলাই পেলাবলৈ বহুতো প্ৰচেষ্টা কৰি যাওঁ। কিন্তু নিজকো কেতিয়াবা আনৰ হিতৰ কথা বিবেচনা  কৰি নিজকে পৰিবৰ্তন কৰি যাবলৈ কিমান দূৰ চেষ্টা কৰিছোঁ । ইয়াতে মই অন্তিমত কথা এটা উল্লেখ কৰি দিওঁ যে নিজক ঠিক কৰিবলৈ গৈ নিজৰ আচল স্বৰূপ বা অস্থিত্বক সম্পূৰ্ণ ৰূপে সলনি কৰি পেলাব বুলি মই মত পোষণ কৰা নাই। অৰ্থাৎ মানুহৰ মনত আঘাত নিদিয়াকৈ মানুহৰ হিতৰ কথা চিন্তা-চৰ্চা কৰি জন কল্যানৰ  স্বাৰ্থ আগত ৰাখি নিজ নিজ দূৰ্বল দিশবোৰ সলনি কৰি পেলাবলৈ যত্ন কৰক । আপোনালোকক উদ্দেশ্য কৰি কোৱাৰ দৰে মোৰো সেই একেটাই প্ৰচেষ্টা অব্যাহত। কাৰণ এই সংসাৰখনত সর্বগুণ সম্পন্ন কোনো এজন ব্যক্তিয়ে নাই‌ । তথাপিও কিছুমান ক্ষেত্ৰত নিজৰ বিবেক বুদ্ধিৰ বিকশিত কৰি গৈ থকাৰো অত্যন্ত দৰকাৰ।

             

✍️চন্দ্ৰ শেখৰ পৰাজুলী

বিশ্বনাথ চাৰিআলি,অসম

দূৰভাষ:-৮৬৩৮০৯৮৯২২

Tuesday, January 03, 2023

আমাৰ নতুন বছৰ

▫️প্ৰবন্ধ

🔸আমাৰ নতুন বছৰ:

      অতীততে এসময়ত ব্ৰিটিছ সকলে বিশ্বৰ বহুতো দেশ নিজৰ অধীনলৈ আনি নিজ আধিপত্য স্থাপন কৰিছিল। তাৰে ভিতৰত আমাৰ দেশ ভাৰতবৰ্ষও অন্যতম। সেই তেতিয়াৰ পৰা আমাৰ দেশৰ ৰূপ ৰেখাও বহুত সলনি হৈ গৈছিল। কিছু ক্ষেত্ৰত ভাৰতবাসীৰ বাবে লাভদায়ক প্ৰভাৱ পৰিছিল। কিন্তু  ইংৰাজে লোৱা বেছিভাগ  সিদ্ধান্তয়ে আমাৰ পক্ষে বিপদ জনক বা হিতকাৰী নাছিল। সৰু এটি দিশৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ গহীন গম্ভীৰ দিশ আছে যত আমি ইতিহাসৰ পাতনি মেলি দিয়া কম শব্দৰ মাজেৰে সম্ভৱপৰ নহয় । গতিকে আহো আমি আজিৰ আচল বিষয় বস্তুলৈ।

 

    ‌বৰ্তমান চৌদিশে কেৱল এতিয়া ইংৰাজী নৱবৰ্ষক আদিৰ লৈ অনাৰ প্ৰস্তুতি । কিন্তু আমি প্ৰতিজন ভাৰতবাসীয়ে জনা উচিত যে ভাৰতবৰ্ষৰ নানান ৰাজ্য বা অঞ্চলত আঞ্চলিক দিনপঞ্জীসমূহ সাধাৰণতে চন্দ্ৰ আৰু সূৰ্যৰ গতিৰ গণনাৰ আধাৰত দুই ধৰণে গণনা কৰা হয়। কিছুমান অঞ্চলত চন্দ্ৰ দিনপঞ্জী আধাৰত নতুন বছৰৰ আৰম্ভ আৰু অন্ত পৰে কিন্তু সচৰাচৰ গোটেই  ভাৰতবৰ্ষত সূৰ্যৰ দিনপঞ্জীৰ আধাৰ হিচাপে লৈ নতুন বছৰৰ আৰম্ভণি বহাগ মাহৰ ১ তাৰিখে হয়। অৰ্থাৎ ইংৰাজী কেলেণ্ডাৰ মতে ১৩ বা ১৪ এপ্ৰিল পৰে ।

       এতিয়া মূল কথা হয়। ইংৰাজৰ শাসনৰ সময়ত দি থৈ যোৱা প্ৰভাৱ বৰ্তমান সময়ৰ স্বাধীন ভাৰতৰ শিপাৰ পৰা আমি ওঘালি পেলাবলৈ সক্ষম হোৱা নাই। অথচ ভাৰতৰ ব্যৱসায় কৰাৰ মনসা দেখাই গোটেই ভাৰতবৰ্ষত শাসনৰ অধীনলৈ লৈ অহা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বৰ্তমানৰ মালিক হেনো এজন ভাৰতীয়। গতিকে পশ্চিমীয়া সভ্যতা তুলনাত ভাৰতীয় বা হিন্দু সভ্যতা বহু গুণে শ্ৰেষ্ঠ বুলি আজি বিশ্বয়ে মানিবলৈ বাধ্য হৈছে। গতিকে আজি আমি শিক্ষিত যদিও মূৰ্খ। সেয়েহে আজি ইংৰাজী নৱবৰ্ষৰটো ধুমধামেৰে পালন কৰি অহাটো গোটেই ভাৰতৰ প্ৰথা বা পৰম্পৰাত পৰিগণিত হৈছে আৰু আমাৰ বিশ্বৰ ভিতৰতে পুৰণি আৰু মহান পৰম্পৰাৰ আধাৰত উল্লেখ হোৱা নতুন বছৰৰ আৰম্ভণি আজি ভাৰতৰ সাধাৰণ কিছুমান অঞ্চলৰ নতুন বছৰৰ আগমন মাথোঁ হৈ দিনে দিনে লুপ্ত হোৱাৰ সংকট চৌদিশে বিৰাজমান কৰিছে। গতিকে আপোনালোকৰ দৰে ইংৰাজী কেলেণ্ডাৰৰ আৰম্ভণি দিনটোকে অৰ্থাৎ জানুৱাৰী ১ তাৰিখৰ পৰা happy New year's বুলি সন্মোধন কৰিবলৈ বাধ্য হৈছোঁ ময়ো । আজি  আমি আমাৰ পূৰ্বজ সকলৰ বুদ্ধি হীনতাৰ ফল ভোগ কৰিছোঁ আৰু অহাকালি আমাৰ নৱপ্ৰজন্ময়ে আমাৰ কুফল লাভ কৰি যাবগৈ এয়াই কিন্তু নিশ্চিত।

                    

                      চন্দ্ৰ শেখৰ পৰাজুলী

                   বিশ্বনাথ চাৰিআলি,অসম

               দূৰভাষ:-৮৬৩৮০৯৮৯২২

Tuesday, December 13, 2022

ভগৱান আজি নিবনুৱা:চন্দ্ৰশেখৰ পৰাজুলী

 ভগৱান আজি নিবনুৱা

আমাৰ সৃষ্টিকৰ্তা কোন ??

সকলোৱে জানে ভগৱান।

আমাৰ জীৱন দাতা কোন ??

সকলোৱে জানে ভগৱান।

আমাৰ আনকি মৃত্যু পিছত স্থান ??

সকলোৱে জানে ভগৱানৰ কাষ।

তথাপিও আচৰিত নহ'ব দেই 

ভগৱানৰ সৃষ্টিত এটি ভুল হৈ গ'ল

কাৰণ ভগৱানে সৃষ্টি কৰিলে মা'....

সেয়েহে আজি বহুতোৰ মুখেৰে শুনিবলৈ পাওঁ

ভগৱান আজি নিবনুৱা ।

নিজ সৃষ্টিতে বিচাৰি আছে হেনো

চৌদিশে কিছু কৰ্মৰ সন্ধান।

অৰ্থাৎ সৃষ্টি কৰ্তাৰ যিবোৰ দায়িত্ব আছিল

সেই সকলোবোৰ এগৰাকী মা'য়ে পালন কৰে

সেয়েহে সৃষ্টিৰ ঈশ্বৰ,আল্লাহ সকলোৰে

বহু শ্ৰদ্ধাৰ পাত্ৰ হ'ল হেনো মা'......

গতিকে মোৰ কেতিয়াবা সন্দেহ হয়

সচাকৈয়ে ভগৱান আজি নিবনুৱা ??

 

চন্দ্ৰশেখৰ পৰাজুলী

Tuesday, November 22, 2022

কৃষকৰ জীৱন:চন্দ্ৰ শেখৰ পৰাজুলী

কৃষকৰ জীৱন

নঙাল  চলে পথাৰত

চুম্বন কৰে মাটিক

সেই মাটিতে প্ৰেমৰ পৰশ

শৰীৰেদি পৰা টুপ টুপ ঘামৰ ।

এনেকৈয়ে আৰম্ভণি

এজন সাধাৰণ কৃষকৰ

ঘৈনীয়েকেও নকয় তেওঁক

আজি ৰ'দ নে বৰষুণ

কাৰণ নাঙলৰ নাচত চলে

সাধাৰণ কৃষকৰ জীৱন ।

বোকাৰে লুতুৰ‌ পুতুৰ

তথাপিও আপত্তি নাই

কাৰণ কৃষক এজনে জানে

এইয়াই তেওঁৰ প্ৰকৃত জীৱন ।

পূজা,মেলা, বিহু আদি

সকলোখিনি নিৰ্ভৰ কৰে

খাদ্য,শস্যৰ উৎপাদনত ।

 বহুসময়ে লঘোনে পাৰ হয়

 ভৰালত সোণালী শস্যৰ অভাৱত ।

 এয়াই কৃষকৰ জীৱন

 এনেকৈয়ে গঢ় লৈ উঠিছিল

 ভাৰতৰ ভবিষ্যত ।

 আৰু বৰ্তমানেও কৃষকৰ লৈয়ে 

 নিৰ্ভৰশীল ভাৰত আমাৰ।

 সৃষ্টিত মানুহৰ অস্তিত্ব থকালৈ

 কৃষকৰ কথা উল্লেখ থাকিব ।

 হ'ব পাৰে কৃষিৰ পদ্ধতিত

 বহুখিনিয়ে খালখলনি ঘটিব ।

 

✍️চন্দ্ৰ শেখৰ পৰাজুলী

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...