Monday, January 09, 2023

নিজক কেতিয়া ঠিক কৰিম:চন্দ্ৰ শেখৰ পৰাজুলী

 🔴নিজক কেতিয়া ঠিক কৰিম?

         আমি জন্ম গ্ৰহণ কৰাৰ পৰা বৰ্তমান সময়লৈকে সদায় বেছিভাগ ক্ষেত্ৰতে আনকে দোষাৰোপ কৰি গৈছো বা আনকে দোষাৰোপ কৰি যাওঁ। কেতিয়াবা গহীন গম্ভীৰ ভাবে নিজৰ আত্মজীৱনী কথা বিশ্লেষণ কৰিলে গম পাম আমি প্ৰায় প্ৰতিজন মানুহে নিজক কেতিয়াও সংশোধন কৰাৰ কথা চিন্তা-চৰ্চা কৰাৰ পৰা বিৰত আছোঁ। অৰ্থাৎ প্ৰায় প্ৰতিজনে  ব্যক্তিয়ে নিজৰ বিবেক বুদ্ধিয়ে ঢুকি পোৱা কথাবোৰকে প্ৰকৃত সত্য বুলি বিবেচনা কৰে। ইয়াতে কথা হ'ল এই সংসাৰত প্ৰকৃত সত্য কি তাৰ নিৰ্ধাৰণ আমি কোনেও কৰিব নোৱাৰোঁ। কিয়নো আমাৰ কিছুমান মানুহক যিবোৰ কথা বা কাম কৰিলে মনত বৰ আঘাত দিয়ে আৰু সেই একেটাই কথা বা কামবোৰ কৰি কিছুমান মানুহৰ বৰ আনন্দ‌ অনুভৱ কৰে।আমি জন্ম গ্ৰহণ কৰা সংসাৰ খনত সঠিক বা সত্য পথৰ সন্ধান কৰিব নোৱাৰিলেও বৰ্তমান সময়ত  সংসাৰত বসবাস কৰা লোকসকলক উপকাৰী দিশ আৰু অপকাৰী দিশবোৰ আমি প্ৰায়বোৰ মানুহে নিজৰ মনত অলপমান হ'লেও উপলব্ধি কৰিবলৈ সক্ষম। তেন্তে আমি কিমানবোৰ মানুহে কেবল মাত্ৰ নিজা হিতৰ কথা পৰিহাৰ কৰি সকলো মানুহৰ সৰ্বোচ্চ হিত বা কল্যাণ সাধনৰ কথা চিন্তা চৰ্চা কৰি আহিছোঁ। আচলতে ইয়াতে কিছুমান বুদ্ধিজীৱী সকলে প্ৰথমে এটাই মত পোষণ কৰিব যে 'ভোকৰ তাৰণাত মানুহে কেবল নিজৰ পাপী পেট ভৰাবলৈহে  যত্ন কৰে ।' আচলতে এই যুক্তি দিয়াটো এশ শতাংশয়ে অশুদ্ধ। অৰ্থাৎ পৃথিৱীত ভাল মানসিকতা গঢ়িবলৈ হ'লে ভৰপূৰ পেট নহয় । এখন পৰিপূৰ্ণ সুন্দৰ মনৰহে দৰকাৰ ।

             ‌‌ সেয়েহে এতিয়া ডাঙৰ কথা হ'ল আনক আমি আমাৰ দৰে সলাই পেলাবলৈ বহুতো প্ৰচেষ্টা কৰি যাওঁ। কিন্তু নিজকো কেতিয়াবা আনৰ হিতৰ কথা বিবেচনা  কৰি নিজকে পৰিবৰ্তন কৰি যাবলৈ কিমান দূৰ চেষ্টা কৰিছোঁ । ইয়াতে মই অন্তিমত কথা এটা উল্লেখ কৰি দিওঁ যে নিজক ঠিক কৰিবলৈ গৈ নিজৰ আচল স্বৰূপ বা অস্থিত্বক সম্পূৰ্ণ ৰূপে সলনি কৰি পেলাব বুলি মই মত পোষণ কৰা নাই। অৰ্থাৎ মানুহৰ মনত আঘাত নিদিয়াকৈ মানুহৰ হিতৰ কথা চিন্তা-চৰ্চা কৰি জন কল্যানৰ  স্বাৰ্থ আগত ৰাখি নিজ নিজ দূৰ্বল দিশবোৰ সলনি কৰি পেলাবলৈ যত্ন কৰক । আপোনালোকক উদ্দেশ্য কৰি কোৱাৰ দৰে মোৰো সেই একেটাই প্ৰচেষ্টা অব্যাহত। কাৰণ এই সংসাৰখনত সর্বগুণ সম্পন্ন কোনো এজন ব্যক্তিয়ে নাই‌ । তথাপিও কিছুমান ক্ষেত্ৰত নিজৰ বিবেক বুদ্ধিৰ বিকশিত কৰি গৈ থকাৰো অত্যন্ত দৰকাৰ।

             

✍️চন্দ্ৰ শেখৰ পৰাজুলী

বিশ্বনাথ চাৰিআলি,অসম

দূৰভাষ:-৮৬৩৮০৯৮৯২২

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...