চিন্তা চৰ্চাৰ স্বাধীনতা প্ৰদান কৰক সন্তানক
প্ৰকৃততে মগনিয়া পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি সফলতাৰ শিৰ্ষত থকা দুয়ো পিতৃ-মাতৃৰ জৰিয়তেও নিজৰ সন্তানৰ সদায় সুন্দৰ,সফল ভবিষ্যতৰ কল্পনা কৰে নহয়নে ? । আচলতে বেছিভাগ ক্ষেত্ৰতে এজন সফল ব্যক্তিৰ আঁৰত প্ৰথম ভেটিটো হেনো নিজ নিজ পিতৃ-মাতৃৰ জৰিয়তে নিৰ্মাণ হয় । গতিকে প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰতে দেখা যায় যে, এজন মানুহে নিজ নিজ জীৱনত কৰি অহা সংগ্ৰাম, সংঘৰ্ষবোৰৰ পৰা নিজৰ সন্তানক আতৰ কৰি ৰাখিবলৈ সদায় যন্ত কৰে। কিন্তু তাৰে মাজতে কিছুমান অভিভাৱক নিজ সন্তানকো এজন শত্ৰুততৈ বেয়া ব্যৱহাৰ কৰি অহা ঠায়ে ঠায়ে দেখা যায়।এনেবোৰ বিষয় সমাজ এখনৰ অসামান্যৰ তালিকাত পৰে । কিন্তু এতিয়া কথা হ'ল মই ইয়াত উল্লেখ কৰিবলৈ বিচাৰিছোঁ নিজ সন্তানক প্ৰদান কৰা চিন্তা,চৰ্চাৰ স্বাধীনতাৰ কথা ।
আচলতে এজন মগনিয়াৰ সন্তান ভবিষ্যতে গৈ এজন মগনিয়ায়ে হওক বুলি কোনো এজন অভিভাৱকে কেতিয়াও কল্পনা নকৰে। কিন্তু এজন মধ্যবিত্ত বা এজন ধনী,ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত অভিভাৱক সকলে হয়তো তেওঁৰ জীৱনত ঢুকি নোপোৱা কেতবোৰ আধৰোৱা সপোনবোৰ নিজ নিজ সন্তানৰ জৰিয়তে পূৰ্ণ কৰাৰ বহুতৰে মনত হাবিয়াস থাকে নহয়নে ?। চাওঁক আজিকালিৰ সময়ছোৱা প্ৰতিটো ক্ষেত্ৰতে পৰিবৰ্তনশীল । সেয়েহে হয়তো আপোনাৰ সময়ত আপুনি যত,যত সফলতা পোৱাৰ পৰা বঞ্চিত আছিল ভবিষ্যতে গৈ আপোনাৰ সন্তানে সেইবোৰ ক্ষেত্ৰতে গৈ সফলতা অৰ্জন কৰিব বুলি কিমান যুক্তিপূৰ্ণ কথা। আমাৰ লাগিলে তেজৰে সম্পৰ্ক নহওক কিয় আমি প্ৰতিটো মানুহৰ এজন,আনজনতকৈ বহুত পৃথক। কিছু কিছু ক্ষেত্ৰত হয়তো অভিভাৱকৰ লগত মিল থাকিলেও স্বাভাবিকতে ঢিন্তাধাৰাবোৰ পৃথক হোৱাটো একেবাৰে সামান্য। গতিকে নিজ সন্তানক আপোনাৰ আধৰোৱা সপোনবোৰ জাপি দিয়াতকৈ সদায় এজন ভাল মানুহ আৰু দেশৰ এজন সৎ নাগৰিক হোৱাৰ শিক্ষা প্ৰদান কৰক। স্বাধীনতাৰে চিন্তা, চৰ্চা কৰা আমি জন্মসূত্ৰে লাভ কৰা মৌলিক অধিকাৰ। গতিকে প্ৰতিজন অভিভাৱকে নিজ নিজ সন্তানক সদায় চিন্তা,চৰ্চা কৰাৰ স্বাধীনতা প্ৰদান কৰক । আপোনাৰ সন্তানক যদি মুক্ত মনৰ জৰিয়তে চিন্তা ,চৰ্চাৰ কৰি আগুৱাই যাবলৈ সুবিধা প্ৰদান কৰে তেন্তে তেওঁলোকৰ সুপ্ত প্ৰতিভাবোৰ বিকাশত সহায়ক হয়।
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম
দূৰভাষ:-৮৬৩৮০৯৮৯২২
ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি
ডাক নং:-৭৮৪১৭৬
No comments:
Post a Comment