Tuesday, February 21, 2023

ফাগুন হোৱা তুমি: কুকী মহন্ত

 ফাগুন হোৱা তুমি


                           

ফেব্ৰুৱাৰী নহ'বা তুমি,

মই নোৱাৰিম আনৰ দৰে

প্ৰেমৰ দিন উদযাপন কৰিব।

অথবা নোৱাৰিম 

কিছুমান মিছা প্ৰতিশ্ৰুতিৰে 

তোমাক বান্ধিব।


তুমি ফাগুন হোৱা,

মই পলাশ হৈ তোমাৰ বুকুত ফুলিম।

ফাগুনৰ লঠঙা গছবোৰ হোৱা তুমি,

মই পছোৱা হৈ তোমাৰ সৈতে উমলিম।


সৰা পাতৰ বিননী মই শুনিম

তুমি কুঁহি পাতক আদৰাৰ বাবে 

সাজু হ'বা।


আকৌ কৈছোঁ,ফাগুন হোৱা তুমি।

বিভিন্ন কবিৰ হেঁপাহৰ ফাগুন।

ফটো প্ৰেমীসকলৰ ফটোৰ উৎস ফাগুন

আৰু মোৰ হেঁপাহৰ ফাগুন হোৱা তুমি।।



  ✍️কুকী মহন্ত

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...