Showing posts with label কুকী মহন্ত. Show all posts
Showing posts with label কুকী মহন্ত. Show all posts

Tuesday, February 21, 2023

ফাগুন হোৱা তুমি: কুকী মহন্ত

 ফাগুন হোৱা তুমি


                           

ফেব্ৰুৱাৰী নহ'বা তুমি,

মই নোৱাৰিম আনৰ দৰে

প্ৰেমৰ দিন উদযাপন কৰিব।

অথবা নোৱাৰিম 

কিছুমান মিছা প্ৰতিশ্ৰুতিৰে 

তোমাক বান্ধিব।


তুমি ফাগুন হোৱা,

মই পলাশ হৈ তোমাৰ বুকুত ফুলিম।

ফাগুনৰ লঠঙা গছবোৰ হোৱা তুমি,

মই পছোৱা হৈ তোমাৰ সৈতে উমলিম।


সৰা পাতৰ বিননী মই শুনিম

তুমি কুঁহি পাতক আদৰাৰ বাবে 

সাজু হ'বা।


আকৌ কৈছোঁ,ফাগুন হোৱা তুমি।

বিভিন্ন কবিৰ হেঁপাহৰ ফাগুন।

ফটো প্ৰেমীসকলৰ ফটোৰ উৎস ফাগুন

আৰু মোৰ হেঁপাহৰ ফাগুন হোৱা তুমি।।



  ✍️কুকী মহন্ত

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...