জীৱনৰ পংক্তি
সেই তাহানিতে মুক্ত আকাশৰ তলত
নিঃসংকোচে এৰি দিয়া
মৌনতাবোৰ,
আজি দেখোঁন
হৃদয়ৰ সভাষদ হলহি!
মৌন ওঁঠেৰে হৃদয়ৰ গোপন কোঠাত
বোৱাই লৈ ফুৰা সেউজীয়া হাবিয়াসবোৰ,
আজি কাল:ধুমুহাত ক্ষত বিক্ষত হৈ
সন্মুখতে ধ্বংসাৱশেষত পৰিণত হল।
প্ৰাপ্তি-অপ্ৰাপ্তিৰ
হাবিয়াসত
কৃটিম অকৃটিম মৰম স্নেহ,
মান-অভিমান অনুৰাগেৰে
প্ৰেমৰ উতনুৱা ঢল।
পৰিসমাপ্তি হওঁক
প্ৰাপ্তি-অপ্ৰাপ্তিৰ,
ৰাগ-অনুৰাগৰ,
সেই দেওলগা অতীতবোৰৰ,
জীৱনৰ বীজগাণিতিক সমস্যাৰ পৰিসংখ্যা বোৰ।
আজিও অদূৰত ভাঁহি আছে
ধেমাজিৰ সেই বোমা বিস্ফোৰণত
নিহত হোৱা কণ কণ শিশুবোৰৰ আস্ফালন বোৰ,
সন্মূখত স্মশাণৰ ছৱি
গা শিয়ঁৰি উঠা দৃশ্য!
আজি অসংখ্য শিখাই সোঁৱৰে
জাক জমকতাৰে ।
হৃদয়ৰ অনুকম্পাত
জোকাৰণি তুলি ওলাই আহে
দুখেৰে পৰিপূৰ্ণ
মৌনতাৰ ওঁঠত,
হৃদয়ে বোৱাই অনা
চিৰ প্রসস্তি হাঁহি।।
✍️ৰাহুল চেতিয়া,চিলাপথাৰ,
No comments:
Post a Comment