Tuesday, February 21, 2023

প্ৰিয়তমা

 প্ৰিয়তমা 


বহু  দিন অন্তত 

হাতত তুলি ল'লো 

তোমালৈ  লিখোঁ বুলি 

 কাগজ আৰু কলম । 

অপেক্ষাৰ বাটঘৰত 

সৰা পাতত গাঁথি দিয়া 

পামনে তোমাৰ উৰণীয়া চিঠিৰ উত্তৰ ?

তুমিতো জানাই 

ফাগুন মোৰেই সদায় ,

উৰি ফুৰে মোৰ জীৱন চিলা 

 বিষাদিনী পছোৱাৰ আঁচল কোবাই ।


প্ৰিয়তমা, 

তুমি মন কৰিছা  নে ? 

জীৱনত তোমাক দিব পৰা নাই 

 পলাশৰঙী  এষাৰি মাত.....

ধূসৰিত ধূলিত হ'লা বিলীন  ।

তুমিতো নাজানা !

তোমাক ভাল পোৱাও নহ'ল ,

অসংলগ্ন কবিতাৰ শাৰীত 

মাথোঁ জোন বেলি তৰাৰে .....

সবিনয় নিবেদন 

 সৰল ৰেখা টানি 

তোমাৰ কাষ পোৱাৰ ।।


------মাৰ্জিনা বেগম ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...