Tuesday, February 21, 2023

ফাগুন: ৰূম্পী দাস

 ফাগুন

                                                      ✍🏻 ৰুম্পী দাস

                  ভালুকমাৰী ৰাণীপুখুৰী,হোজাই(অসম)



ফাগুনৰ বতৰ 

উষ্ণতা প্ৰখৰ ,

চৌপাশ শুকান ধূলিময় ।

বলীয়া মলয় বতাহ 

গছে পাতে হাঁহিছে 

শিমূল ফুল ফুলিছে ;

কোকিলৰ সুমধুৰ মাত 

সঘনাই শুনিবলৈ 

মই বহু ভাল পাওঁ ।

মনৰ ডেউকা উতলাই 

সহস্ৰ চৰাই ফুৰিছে ,

শুকান পৰিবেশত

নৈ ,বিল,পুখুৰী ।

অতি তেজেৰে ,

উত্তপ্ত বেলিৰ তাপ ।

ফাগুনত শিৱৰ মাত 

মুখত প্ৰচাৰিত ,

সকলোৱে মঙ্গল কামনাত

     অতিকৈ ব্যস্ত ।

সকলোৰ ভৰাঁল ভৰপূৰ ,

অভাৱৰ নহয় উত্তাপ ।

পথাৰত খেল-ধেমালী ,

গৰু,ছাগলীৰ জাঁক ।

উলহ-মালহেৰে

ফাঁকুৱা পালন ,

ৰঙীন ৰঙীন হাঁহিৰে

ৰঙীন পৰশ ।

ৰঙে ভৰপূৰ 

আমাৰ এই প্ৰিয় ফাগুন ।

হেঁপাহেৰে মেলি চাওঁ

মন,মোহ,মায়াক ,

ৰঙীনা ফাগুনে 

উজলীয়াই তুলক ।

আমনি কৰিছে

গৰমৰ প্ৰভাৱ ;

সময়ৰ সোঁতত

আকৌ গুচি যাব 

মনোমুগ্ধ ফাগুন ।

নতুন বাটৰ

নতুন খোজ হ'ব ,

হ'ব লগৰীয়াৰ মিল ।

সোনাৰু সুখৰ সন্ধানত 

বাৰে বাৰে সোঁৱৰাই ,

বাটকুৰি বাইছে 

ফাগুনে শীতৰ সৈতে ।

বিলীন এই জীৱন ,

সময়ৰ আনন্দ

উপভোগ কৰণীয় ।

ফাগুনৰ অনুভৱ সুন্দৰ ,

ভাগৰি নপৰালৈ

আগুৱাই যোৱাৰ 

এখোজ আশা !

দিছে ৰঙীন ফাগুনে ।।


             

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...