Tuesday, February 21, 2023

মোবাইল

 মোবাইল ।

                      

এতিয়া কিমান সহজ

হাতৰ মুঠিতেই পায় মনৰ খবৰ

চোলাৰ জেপত লৈ ফুৰে মানুহে

মানুহৰ ঠিকনা।

আঙুলিৰ সামান্য স্পৰ্শত

প্ৰাণ পাই উঠে হৃদয় ।

বিমূৰ্ত কেইটামান সংখ্যা

তাতেই লুকাই থাকে ঠিকনা

মানুহৰ ঠিকনা।

ইযে প্ৰেমৰ প্ৰস্তাৱনাৰো

চমু বাট- মোবাইল।



ৰাতুল চেতিয়া ফুকন।

চৰাইদেউ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...