নিশাৰ তৰাবোৰ
নিশাৰ তৰাবোৰ অতিকৈ হেঁপাহৰ
চুই চাবলৈ মন যায়,
আমালৈ চাই হাঁহি ধৰালৈ নামি আহি
হৰ্ষৰ হিল্লোল বঢ়ায় !
উজ্জ্বল তৰাবোৰে গগন ছানি ধৰে
সৌন্দৰ্য্যৰ পাতে মেলা,
দীপ্তিৰ ন ৰূপেৰে তমসা নাশ কৰে
ই যে অলৌকিক খেলা !
মন প্ৰাণ কাঢ়ে পুষ্প ৰঙৰ দৰে
তৰাৰ ৰজা ভোটাতৰা,
জ্যোতি যাৰ অধিক সাহসৰ প্ৰতীক
প্ৰহৰৰ দিয়ে বতৰা |
তৰাৰো আছে অৰি দীপ্তি নকৰে ফেৰি
ক'লা মেঘ যাৰ নাম,
ঢাকি কৰে এন্ধাৰ বিকল্প নাই তাৰ
পলে পলে বঢ়ায় দাম !
গ্ৰহ তৰা জোন সবে' অতি আপোন
আদিত্যৰ চলে প্ৰভূত্ব,
নিশাৰ হাতিপটি অপূৰ্ব এক সৃষ্টি
সৌৰজগত তাৰ ভৃত্য !
___________________________________
আমিৰ হুছেইন আহমেদ ।
No comments:
Post a Comment