Tuesday, February 21, 2023

জংঘল:অশ্বীনি কোঁৱৰ

  জংঘল 

            

জংঘলেই মঙ্গল 

নহয় কোনো অমঙ্গল ,

পাইছো ফলাফল

বিশুদ্ধ বায়ুত স্বাস্থ্য সৱল ।


গছগছনি বৰ দৰকাৰ

গছ নহ'লে হ'ব হাঁহাকাৰ  ,

বায়ু বিশুদ্ধ কৰি কৰে উপকাৰ 

গছ নহ'লে মৰণ একপ্ৰকাৰ ।


প্ৰকৃতিয়ে সজোৱাৰ দৰে

আৰু নোৱাৰে সজাব  ,

নোৱাৰে নতুনকৈ যিমানে কৰে

আৰু আগৰ দৰে নহ'ব  ।


কিছুমান বন্য প্ৰাণী 

বৰ উপকাৰী  ,

হত্যা নকৰিব জানি

দুখ নলব হত্যা কৰি ।


বন ধ্বংস কৰি 

এতিয়া ভূগিছো আমি  ,

থকাখিনি‌য়ে আছে ধৰি 

কথাতো এবাৰ ভাৱিবা তুমি  ।


অশ্বীনি কোঁৱৰ ।জখলাবন্ধা ।নগাওঁ 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...