Tuesday, February 21, 2023

আজিও যেন তুমি

 আজিও যেন তুমি 


                                            

আজিও হৃদয়ত তুমি ,

তুমিই আছা কেৱল ।

আজি সঁচাই কৈছো ...

     মই বহু অকলশৰীয়া ,

          এই মোৰ প্ৰিয়তম 

           মৰমৰ নয়ন অবিহনে ।

      ভাল লগা সেই সময়খিনি 

        আজিও নিৰৱে ,

     ভাল লগা হৈয়ে আছে ।

তথাপি সুখৰ পথ

   নাই যেন ,

     হেৰাই গ'ল ।

        নিৰৱে চকুপানী 

       মুখতে হাঁহি ভৰা ,

কিমান অভিনয় শিকিলোঁ ।

   বহু হাঁহিবলৈও

       হাঁহিৰ জগতত ,

           আগুৱাই গৈছো ।

কি জানো ......

          হাঁহি সঙ্গী হ'বনে ,

          দুখ সঙ্গী হ'ব ? 

এই পৃথিৱীৰ সকলো 

      সৌন্দৰ্য্যৰ লগত 

হাৰ মনাইছিলোঁ ,

মোৰ নয়নৰ লগত ।

 হৃদয়ৰ পৰা হোৱা ভালপোৱা 

          পৃথিৱীৰ শ্ৰেষ্ঠতম ;  

               মোৰ সৌন্দৰ্য্য যেন ।

মনত আপোন টান ,

      দুয়োৰ এটাই যেন মন ।

  ভালপোৱাৰ প্ৰতি থকা ,

আজিও মায়াৰে আবদ্ধ মই ।।


       ✍🏻ৰুম্পী দাস 

               ভালুকমাৰী ৰাণীপুখুৰী , হোজাই (অসম) 

                  

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...