Showing posts with label ৰুম্পী দাস. Show all posts
Showing posts with label ৰুম্পী দাস. Show all posts

Tuesday, February 21, 2023

কুঁৱলী:ৰুম্পী দাস,

                        কুঁৱলী

                                                   ✍🏻 ৰুম্পী দাস 

           ভালুকমাৰী ৰাণীপুখুৰী , হোজাই(অসম)


 এজাক কুঁৱলীৰ বৰষুণ ,

মোক কেন্দ্ৰ কৰি ...

হৃদয়ত ঠাই বিচাৰি ;

বুকুৰ স্পন্দনৰ বাতৰিত

প্ৰকাশ পাইছে ।

সময়ৰ কাঁইটীয়া যাত্ৰাত ,

চেঁচা কুঁৱলীৰ আবেগে 

মোক সাৱটি ...

চুমি ধৰিছে ।

বেলি ডুবো হোৱাৰ 

সেই সময়সীমানাত ,

কুঁৱলীৰ আগমন ঘটিছে ।

ৰাতিপুৱা বুলিলে ...

কুঁৱলীৰ সমবেত দৃশ্য ।

গা কপিয়াই 

যৌৱনৰ বেলিকাক ,

আত্মবিভোৰ কৰি তুলিছে ।

সময়ৰ সোঁতত 

বেলিৰ পোহৰ ,

উপহাৰত দি যায় ।

গোলপীয়া পদুম ফুল

ফুলিছে কুঁৱলীৰ সঙ্গী ,

সেই পানীৰ ঠাইত ।

আঁৰে আঁৰে চাই 

মোৰ কাষেদি ,

চলিত থাকে সৰ্বদা ।

নিৰৱ অনুভূতি বিচাৰি ...

শান্তিৰ প্ৰলেপ ,

এধানি হাঁহিৰ ৰঙচুৱা 

মুখৰ আকৃতি গঢ়ি যায় ।

বিজুলীক খাঁমুচি ধৰি ,

কুঁৱলীৰ প্ৰেম বাৰ্তাক 

চক মকাকৈ উঠুৱাই আনে !

ভালপোৱাৰ স্ৰোতাস্বিনী 

সংশয় নথকাকৈ ।

কুঁৱলীৰ মাজতেই 

মিলি থকা তোমাক ,

মই খুজিবলৈ 

বিভোৰ হৈ পৰিছোঁ ।

তুমি আহিবা জানো ,

পোহৰৰ স্ৰোতত বহি ।।


                 ----------------------------------

ফাগুন: ৰূম্পী দাস

 ফাগুন

                                                      ✍🏻 ৰুম্পী দাস

                  ভালুকমাৰী ৰাণীপুখুৰী,হোজাই(অসম)



ফাগুনৰ বতৰ 

উষ্ণতা প্ৰখৰ ,

চৌপাশ শুকান ধূলিময় ।

বলীয়া মলয় বতাহ 

গছে পাতে হাঁহিছে 

শিমূল ফুল ফুলিছে ;

কোকিলৰ সুমধুৰ মাত 

সঘনাই শুনিবলৈ 

মই বহু ভাল পাওঁ ।

মনৰ ডেউকা উতলাই 

সহস্ৰ চৰাই ফুৰিছে ,

শুকান পৰিবেশত

নৈ ,বিল,পুখুৰী ।

অতি তেজেৰে ,

উত্তপ্ত বেলিৰ তাপ ।

ফাগুনত শিৱৰ মাত 

মুখত প্ৰচাৰিত ,

সকলোৱে মঙ্গল কামনাত

     অতিকৈ ব্যস্ত ।

সকলোৰ ভৰাঁল ভৰপূৰ ,

অভাৱৰ নহয় উত্তাপ ।

পথাৰত খেল-ধেমালী ,

গৰু,ছাগলীৰ জাঁক ।

উলহ-মালহেৰে

ফাঁকুৱা পালন ,

ৰঙীন ৰঙীন হাঁহিৰে

ৰঙীন পৰশ ।

ৰঙে ভৰপূৰ 

আমাৰ এই প্ৰিয় ফাগুন ।

হেঁপাহেৰে মেলি চাওঁ

মন,মোহ,মায়াক ,

ৰঙীনা ফাগুনে 

উজলীয়াই তুলক ।

আমনি কৰিছে

গৰমৰ প্ৰভাৱ ;

সময়ৰ সোঁতত

আকৌ গুচি যাব 

মনোমুগ্ধ ফাগুন ।

নতুন বাটৰ

নতুন খোজ হ'ব ,

হ'ব লগৰীয়াৰ মিল ।

সোনাৰু সুখৰ সন্ধানত 

বাৰে বাৰে সোঁৱৰাই ,

বাটকুৰি বাইছে 

ফাগুনে শীতৰ সৈতে ।

বিলীন এই জীৱন ,

সময়ৰ আনন্দ

উপভোগ কৰণীয় ।

ফাগুনৰ অনুভৱ সুন্দৰ ,

ভাগৰি নপৰালৈ

আগুৱাই যোৱাৰ 

এখোজ আশা !

দিছে ৰঙীন ফাগুনে ।।


             

আজিও যেন তুমি

 আজিও যেন তুমি 


                                            

আজিও হৃদয়ত তুমি ,

তুমিই আছা কেৱল ।

আজি সঁচাই কৈছো ...

     মই বহু অকলশৰীয়া ,

          এই মোৰ প্ৰিয়তম 

           মৰমৰ নয়ন অবিহনে ।

      ভাল লগা সেই সময়খিনি 

        আজিও নিৰৱে ,

     ভাল লগা হৈয়ে আছে ।

তথাপি সুখৰ পথ

   নাই যেন ,

     হেৰাই গ'ল ।

        নিৰৱে চকুপানী 

       মুখতে হাঁহি ভৰা ,

কিমান অভিনয় শিকিলোঁ ।

   বহু হাঁহিবলৈও

       হাঁহিৰ জগতত ,

           আগুৱাই গৈছো ।

কি জানো ......

          হাঁহি সঙ্গী হ'বনে ,

          দুখ সঙ্গী হ'ব ? 

এই পৃথিৱীৰ সকলো 

      সৌন্দৰ্য্যৰ লগত 

হাৰ মনাইছিলোঁ ,

মোৰ নয়নৰ লগত ।

 হৃদয়ৰ পৰা হোৱা ভালপোৱা 

          পৃথিৱীৰ শ্ৰেষ্ঠতম ;  

               মোৰ সৌন্দৰ্য্য যেন ।

মনত আপোন টান ,

      দুয়োৰ এটাই যেন মন ।

  ভালপোৱাৰ প্ৰতি থকা ,

আজিও মায়াৰে আবদ্ধ মই ।।


       ✍🏻ৰুম্পী দাস 

               ভালুকমাৰী ৰাণীপুখুৰী , হোজাই (অসম) 

                  

Tuesday, February 14, 2023

তোমালৈ বুলি:ৰুম্পী দাস

তোমালৈ বুলি 



মোৰ মৰমৰ নয়ন মইনা 

     তোমালৈ বুলি ...

এপাহি গোলাপ সাঁচি থলো ;

      কোমলীয়া সচাঁ হৃদয়েৰে 

          এই বুকুৰ মাজত ।

আগতেও ৰাখিছিলোঁ 

কিতাপৰ পাতৰ ভাজত ।

    শুকান হৈ আজিও ৰই গ'ল 

            মোৰেই কাষত ।

তোমাৰ প্ৰতিটো দিন ,

গোলাপৰ দৰে 

    সুন্দৰ হোক ;

       তাৰে আশীষ থাকিল ।।


                                                    ✍🏻 ৰুম্পী দাস

Tuesday, February 07, 2023

নীলা খামৰ চিঠি

 নীলা খামৰ চিঠি 



প্ৰতি ,

        মোৰ মৰমৰ নয়ন মইনা।


  নৱবর্ষ উপলক্ষে  বহুতো সাহস যোগায় তোমালৈ এখন ভালপোৱাৰে চিঠি লিখিছোঁ, সংগোপনে আজি ।

আহিছে এটি নতুন বছৰ, গুচি যোৱা সময়ক আৰু কাহানিও উভতাই আনিব নোৱাৰি ।ইংৰাজী 2023 নববর্ষৰ শুভেচ্ছা জনালোঁ , তোমাক মা-দেউতা আৰু ঘৰৰ সকলোলৈ । আশা কৰো নিশ্চয় তুমি ভালে আছা , মা-দেউতা , আইতা , দাদা আৰু ঘৰৰ সকলো । মই তোমাক বহু দিনৰ পৰা কল বা এছ্ এম্ এছ্ কৰিম বুলি ভাবিছিলোঁ । কিন্তু সাহসো নাই , তোমাক বহুতো ভয় লাগে বিৰক্ত পোৱা যদি । সেয়া ভাবি হে চিঠি লিখিলোঁ ।

কোৱানা এবাৰ , সঁচাকৈ তুমি মোৰ পৰা মুক্ত পক্ষী হৈ ভালে  আছা ? অ তোমাক সুধিও কি হ'ব তুমিতো ন'কবা । তথাপি দূৰৈৰ পৰাই সদায় খবৰ লওঁ কেনেকুৱা আছা তুমি , কি কৰিছা , ভাল আছা নে । অনুভৱ কৰিব পাৰো , ঘৰৰ দূৰত্ব বা তোমাক দেখা নাপালে কি হ'ব । চোৱা তুমি , বছৰ গৈ নতুন বছৰৰ আৰম্ভনি । কিন্তু তোমাৰ লগত আজিও দেখা বা এষাৰও কথা হোৱা নাই । মই জানো , মই চকুৰ পানী ওলাইকে কান্দো আৰু তুমি ভিতৰতে মনে মনে কান্দি থাকা । প্ৰাৰ্থক্য মাথোঁ ইমান .....

          তোমাৰ বাৰু মনত আছেনে এই কথাষাৰ , ' অ সৰু এইফালে আহাচোন ' । তোমাৰতো এই কথাষাৰ বৰ প্ৰিয় আছিল মোৰ মুখৰ শব্দৰে , কিমানবাৰ কবলৈ সদায় কৈছিলা । আজিও কবলৈ যেন বহু ভাল লাগে ।

      মোৰ মনৰ কথা এটাও প্ৰকাশ কৰিব পৰা নাই । নিজকো সদায় প্ৰশ্ন কৰো তুমি মোক কিয় প্ৰতাৰণা কৰিলা ? বিশ্বাস , সপোন , আশা , হাঁহিৰে ভৰা হৃদয় ভাঙি হঠাতে কিয় গুচি গ'লা ।  ভালপোৱাৰে তুমি মাথোঁ স্মৃতি হৈ ৰই গ'লা । তুমি অবিহনে মোৰ জীয়াই থকাৰ শক্তি সদায় হেৰাই যাব খোজে । 

     জানি ৰাখা , জীৱনত  ভাল থাকিব বিচাৰিলে মোৰ নিচিনা এইটো কাম কেতিয়াও নকৰিবাচোন , কেতিয়াও কাকো অতিৰিক্ত ভাল নাপাবা   । কাৰণ এই ভালপোৱা সুন্দৰ জীৱন এখন ধ্বংস কৰি দিয়ে , সুস্থ এটা মানুহক পাগল বনাই দিয়ে ।মানসিক বেদনাদায়ক যন্ত্ৰনাত বন্দী মৃত হৈ জীয়াই থাকিব লাগে ।

    এই ভালপোৱা হাঁহিৰে ভৰা  মুখ থকা এটা মানুহক একেবাৰে নীৰৱ কৰি দিয়ে , অধৈর্যকৰ জীৱনৰ ৰূপ দিয়ে । হৃদয়ৰ পৰা নিজতকৈও বেছি ভাল কাকো নাপাবা , এই ভালপোৱা এদিন জলন্ত অগ্নিশিখাত জীয়া দেহাটোক পুৰাব ।

কাকো মনৰ পৰা ভালপোৱাৰ পিছত কেতিয়াও তাক পাহৰিব পৰা নাযায় , ঘৃণা কৰিবও পৰা নাযায় ।যিমানেই কষ্টৰ প্ৰতীক হোক ।

আকৌ, কেতিয়াও যদি কাৰোবাক মাৰিব বিচৰা ,অস্ত্ৰ প্ৰয়োগ নকৰিবা । জানানে , কেৱল অতি পৰিমাণত ভালপোৱা প্ৰকাশ কৰিবা । তাৰপিছত হঠাতে পাহৰি যাবা , অচিনাকিৰ পৰিচয় দিবা । চাবা , এনেই জীৱন্ত লাশত পৰিনত হৈ পৰিছে । 

             সঁচা আজিও মই তোমাৰ প্ৰেমত বন্দী , তোমাৰ মায়াত বন্দী । মৃত জীবন্ত দেহাটো লৈ আজিও জুইত পুৰি পুৰি জীয়াই আছোঁ । হাঁহিৰ অভিনয়ত প্ৰথম বঁটা গ্ৰহণ কৰিলোঁ । 

পাৰিলে অলপ সময় নষ্ট কৰি চিঠিখন পঢ়িবাচোন , সদায় ... ভাল থাকিবা   

              ভাল দেখিবা

              ভাল ৰাখিবা ।।

    

                                    

                                 ইতি

 তোমাৰ অচিনাকি অপ্ৰিয় প্ৰেমিকা

Monday, January 09, 2023

নয়ন মইনা আজি তোমাৰ জন্মদিন

🔴 নয়ন মইনা আজি তোমাৰ জন্মদিন:

             

                           ✍🏻ৰুম্পী দাস

             ভালুকমাৰী ৰাণীপুখুৰী,হোজাই(অসম)



         আজি তোমাৰ শুভ জন্মদিন 

       আজি তোমাৰ শুভ ওপজা দিন 

       আজি তোমাৰ শুভ ৰঙীণ দিন । 

মৰমেৰে শুভ কামনা আৰু অফুৰন্ত শুভেচ্ছা জনালোঁ । তোমাৰ জীৱনলৈ অসীম আনন্দ , হাঁহি , উল্লাস ,সীমাহীন মৰম , সফলতা , সুখ , পূৰ্ণতা আৰু মনে বিচৰা অনাগত দিনবোৰ মধুৰ সমৃদ্ধিৰে 

ওপচি পৰখ । তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক , তুমি আগুৱাই যোৱা তোমাৰ ভাল সময় অপেক্ষা কৰি সৎ জীৱনৰ বাটত । সদায় উজলীয়াই থাকা বেলিটোৰ দৰে , জিলিকি থাকা ধ্ৰুৱ তৰাটোৰ দৰে । ভগৱান , মা-দেউতা আৰু সকলোৰ আর্শীবাদ আগুৱাই যেন আহে । তোমাৰ জন্মদিনৰ গুৰুত্বপূৰ্ণ    মা-দেউতাক শ্ৰদ্ধা মায়াৰে সদায় যতনে ৰাখিবা । কেতিয়াও মা-দেউতাক নকৰিবা অন্তহীন । সু-স্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনাৰে , একাজলি মৰম-ভালপোৱাৰে তোমালৈ ওপজা দিনৰ অলেখ শুভ শুভেচ্ছা যাচিলোঁ..........

        আজিও ভালপাওঁ স্বযতনে ,

        আজিও মনত কৰো সংগোপনে ।

        আজিও কামনা কৰো অন্তৰেৰে ,

        আজিও হৃদয়ত ৰাখিছো মৰমেৰে ।

        আজিও সমানে ভাবো দিনি-ৰাতি ,

        আজিও সমানে প্ৰাৰ্থনা কৰি জ্বলাওঁ চাঁকি-বাতি ।

        আজিও খোঁজ লওঁ আছানে ভাল ,

        আজিও বিচাৰো মন মেলি হাঁহা ফুলাই গাল ।

        আজিও কওঁ খঙক এৰি থাকিবা ,

        আজিও কওঁ মনৰ নিচিনা নক্সা আকিবা ।

        আজিও জনাওঁ মা-দেউতাৰ নকৰিবা ৰ্দুনাম ,

        আজিও জনাওঁ তোমাক শত কোটি প্ৰণাম ।

        আজিও নাযাবা সঁচাকৈ তুমি মোৰ পৰা আঁতৰি ,

        আজিও ভালপোৱা,  অভিমান , অভিযোগ ,  বিশ্বাস সদায় থাকো বিচাৰি ।

    আজিও নিদ্ৰাবিহিনতাত প্ৰতিক্ষণেই চকুলো টুকো উজাগৰিত ,

        আজিও মোৰ হৃদয়ৰ ৰন্ধে ৰন্ধে তোমাৰে প্ৰতিচ্ছবি হৃদয়েৰে গঠিত ।


           "তুমি " মাথোঁ এটা সৰু শব্দ । কিন্তু , মোৰ বাবে এই শব্দটো মোৰ সকলো । মোৰ হেপাঁহ , মোৰ মৰম , মোৰ বিশ্বাস , মোৰ ভালপোৱা  আৰু মোৰ পৃথিৱী ।

   জানানে ,

                  ভবা নাছিলো যে তোমাৰ সুখৰ কাৰণে মই তোমাকেই এৰিব লাগিব । তুমি বুজিয়েই নাপালা , তোমাৰ প্ৰতি থকা মোৰ মায়া । অৱহেলা কৰিলা..........

         না ভালত আছা , না বেয়াত আছা 

          না সুখত আছা , না দুখত আছা ,

          কেনেকৈ আছা নিজেই নাজানা ।

তুমি গুচি যোৱাৰ কথা নাছিলা , তথাপিও গুচি গ'লা । মই তোমাক হেৰুৱাৰ কথা নাছিল , তথাপিও হেৰুৱালো । কিন্তু প্ৰাৰ্থক্য মাথোঁ ইমানেই যে , মোক ভাল পাই তুমি অলপ সময় হেৰুৱালা আৰু মই গোটেই জীৱনটোকে হেৰুৱাই পেলালো ।

      আজিও মই তোমাৰ মায়াত বন্দী । এই পৃথিৱী খনত আৰু যিমান দিন আছোঁ কেৱল তোমাকেই ভালপাওঁ , পাই থাকিম । কথা নাপাতিলেও সঁচা ভালপোৱা কমি নাযায় । মই দূৰৰ পৰাই অনুভৱ কৰিব পাৰো ।

            ‌    সদায় ভাল থাকিবা 

                সদায় হাঁহিৰে থাকিবা

                সদায় নিজক চাই -চিতি ৰাখিবা ,

                সদায় মন বেয়া নকৰিবা ।

   মই কেতিয়াবা ভুল কৰি থাকিলে , মোক ক্ষমা কৰি দিবাচোন ।।


          ✍️ তোমাৰ অচিনাকি অপ্ৰিয় 

                                  

Tuesday, January 03, 2023

কোনোবাই:

 🔷কোনোৱাই 

                     ✍🏻 ৰুম্পী দাস

ভালুকমাৰী ৰাণীপুখুৰী , হোজাই(অসম)

কোনোৱাই আনিছিল ,

আহিছিলোঁ মায়াময় পৃথিৱীত ।

কোনোৱাই শিকাইছিল ,

শিকিছিলোঁ মুখৰ ভাষা ।

কোনোৱাই হঁহাইছিল ,

হাঁহিছিলোঁ দুটা ওঁঠ মেলি ।

কোনোৱাই কন্দাইছিল ,

কান্দিছিলোঁ নয়ন উজাৰি ।

কোনোৱাই কৰাইছিল ,

কৰিছিলোঁ হাতেৰে কৰমি ।

কোনোৱাই বুজাইছিল ,

বুজিছিলোঁ মনৰ গভীৰেৰে ।

কোনোৱাই দেখাইছিল  ,

দেখিছিলোঁ হৃদয়েৰে সপোন ।

কোনোৱাই খোৱাইছিল ,

খাইছিলোঁ মুখৰ তৃপ্তিৰে ।

কোনোৱাই পিন্ধাইছিল ,

পিন্ধিছিলোঁ দেহৰ মাঝাৰে ।

কোনোৱাই শুনাইছিল ,

শুনিছিলোঁ নিৰৱ কানৰে ।

কোনোৱাই মাৰাইছিল ,

মাৰিছিলোঁ বুকুৰ আপোন ।

         আজি কিনো একাকাৰ 

             কিনো হাহাকাৰ ,

আজি কিয় অবুজন মনক 

      বুজাব নোৱাৰিলো ।

          বহিলোঁ চকুমুদি 

আকৌ কেতিয়াবা মেলিব'নে ?


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...