Showing posts with label নীলা খামৰ চিঠি. Show all posts
Showing posts with label নীলা খামৰ চিঠি. Show all posts

Wednesday, March 22, 2023

নীলা খামৰ চিঠি


নীলা খামৰ চিঠি   

                নাজমিনা মজিদ

                    ধুবুৰী ।


প্ৰতি, 

      গোলাপ ভালপোৱা ল'ৰা জন । অতি হেঁপাহেৰে তোমালৈ চিঠি লিখো বুলি কলমটো হাতত ল'লো । আশা কৰোঁ কুশলে আছা । মোৰো বহুত ভাল জানা ।                                                                         বহাগ আহি পালেহি কুলিৰ মাত শুনিবলৈ পাইছোঁ । মনটো ভাল লাগি গ'ল । বহাগত লগ পালে বিহুৱান্‌ দিলো হয় *!* কিন্তু ব্যস্ত জীৱন । একো নাই দিয়া . . .  তুমি তোমাৰ বাটেৰে আৰু মই মোৰ বাটেৰে আগবাঢ়ি গৈ থাকোঁ । এডাল সৰল ৰেখাৰ দৰে । জীৱন আৰু সংগ্ৰাম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি তুমিয়েই চোন সুন্দৰ এটা বাৰ্তা দিয়া যুৱসমাজক । সৎ পথত সঠিক ভাবে চলা ঈশ্বৰে নিশ্চয় মংগল কৰিব । কেতিয়াবা লগ পাম গ্ৰন্থ মেলাত নতুবা কোনো এখন বিপণিত কলম কিনোতে । কবিতা লিখিবলৈ কলমটোয়েই আমাৰ প্ৰেৰণাৰ উৎস নহয় জানো.  . *!*   


         এদিন আহিবাচোন *!* সাহিত্যৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি দিম দুয়ো । আমাৰ শব্দৰ বৰষুণত তিতি বীজ গজালি ওলাব । আমাক যে কি ভাল লাগিব *!* নহয়নে ?? জানানে...আমাৰ ইয়াত ডেকা-গাভৰুৰ আখৰা চলিছে পেপাৰ মাত , ঢোলৰ ছেওঁ । সময় মিলিলে আমি কেতিয়াবা দ্বৈত কণ্ঠত কবিতা  আবৃত্তি কৰিম হ'ব *!* *!তুমি যে সময় মিলাব পাৰিবা মোৰ কিন্তু বিশ্বাস নহয় অ' 


             আজিলৈ ইমানেই দেই । ভালে থাকা ঈশ্বৰে সকল মনোবাঞ্ছা পূৰণ কৰক তোমাৰ । প্ৰিয় ডাকোৱালে চিঠিখন তোমাৰ ঠিকনাত দি থৈ আহিব ।                                                                                                       ইতি,

                  কবিতাৰ প্ৰেয়সী

  ঠিকনা:চিনাকি কলেজ ৰোড

সময়: এটি মায়াৱী সন্ধিয়া ।

Tuesday, February 07, 2023

নীলা খামৰ চিঠি

 নীলা খামৰ চিঠি 



প্ৰতি ,

        মোৰ মৰমৰ নয়ন মইনা।


  নৱবর্ষ উপলক্ষে  বহুতো সাহস যোগায় তোমালৈ এখন ভালপোৱাৰে চিঠি লিখিছোঁ, সংগোপনে আজি ।

আহিছে এটি নতুন বছৰ, গুচি যোৱা সময়ক আৰু কাহানিও উভতাই আনিব নোৱাৰি ।ইংৰাজী 2023 নববর্ষৰ শুভেচ্ছা জনালোঁ , তোমাক মা-দেউতা আৰু ঘৰৰ সকলোলৈ । আশা কৰো নিশ্চয় তুমি ভালে আছা , মা-দেউতা , আইতা , দাদা আৰু ঘৰৰ সকলো । মই তোমাক বহু দিনৰ পৰা কল বা এছ্ এম্ এছ্ কৰিম বুলি ভাবিছিলোঁ । কিন্তু সাহসো নাই , তোমাক বহুতো ভয় লাগে বিৰক্ত পোৱা যদি । সেয়া ভাবি হে চিঠি লিখিলোঁ ।

কোৱানা এবাৰ , সঁচাকৈ তুমি মোৰ পৰা মুক্ত পক্ষী হৈ ভালে  আছা ? অ তোমাক সুধিও কি হ'ব তুমিতো ন'কবা । তথাপি দূৰৈৰ পৰাই সদায় খবৰ লওঁ কেনেকুৱা আছা তুমি , কি কৰিছা , ভাল আছা নে । অনুভৱ কৰিব পাৰো , ঘৰৰ দূৰত্ব বা তোমাক দেখা নাপালে কি হ'ব । চোৱা তুমি , বছৰ গৈ নতুন বছৰৰ আৰম্ভনি । কিন্তু তোমাৰ লগত আজিও দেখা বা এষাৰও কথা হোৱা নাই । মই জানো , মই চকুৰ পানী ওলাইকে কান্দো আৰু তুমি ভিতৰতে মনে মনে কান্দি থাকা । প্ৰাৰ্থক্য মাথোঁ ইমান .....

          তোমাৰ বাৰু মনত আছেনে এই কথাষাৰ , ' অ সৰু এইফালে আহাচোন ' । তোমাৰতো এই কথাষাৰ বৰ প্ৰিয় আছিল মোৰ মুখৰ শব্দৰে , কিমানবাৰ কবলৈ সদায় কৈছিলা । আজিও কবলৈ যেন বহু ভাল লাগে ।

      মোৰ মনৰ কথা এটাও প্ৰকাশ কৰিব পৰা নাই । নিজকো সদায় প্ৰশ্ন কৰো তুমি মোক কিয় প্ৰতাৰণা কৰিলা ? বিশ্বাস , সপোন , আশা , হাঁহিৰে ভৰা হৃদয় ভাঙি হঠাতে কিয় গুচি গ'লা ।  ভালপোৱাৰে তুমি মাথোঁ স্মৃতি হৈ ৰই গ'লা । তুমি অবিহনে মোৰ জীয়াই থকাৰ শক্তি সদায় হেৰাই যাব খোজে । 

     জানি ৰাখা , জীৱনত  ভাল থাকিব বিচাৰিলে মোৰ নিচিনা এইটো কাম কেতিয়াও নকৰিবাচোন , কেতিয়াও কাকো অতিৰিক্ত ভাল নাপাবা   । কাৰণ এই ভালপোৱা সুন্দৰ জীৱন এখন ধ্বংস কৰি দিয়ে , সুস্থ এটা মানুহক পাগল বনাই দিয়ে ।মানসিক বেদনাদায়ক যন্ত্ৰনাত বন্দী মৃত হৈ জীয়াই থাকিব লাগে ।

    এই ভালপোৱা হাঁহিৰে ভৰা  মুখ থকা এটা মানুহক একেবাৰে নীৰৱ কৰি দিয়ে , অধৈর্যকৰ জীৱনৰ ৰূপ দিয়ে । হৃদয়ৰ পৰা নিজতকৈও বেছি ভাল কাকো নাপাবা , এই ভালপোৱা এদিন জলন্ত অগ্নিশিখাত জীয়া দেহাটোক পুৰাব ।

কাকো মনৰ পৰা ভালপোৱাৰ পিছত কেতিয়াও তাক পাহৰিব পৰা নাযায় , ঘৃণা কৰিবও পৰা নাযায় ।যিমানেই কষ্টৰ প্ৰতীক হোক ।

আকৌ, কেতিয়াও যদি কাৰোবাক মাৰিব বিচৰা ,অস্ত্ৰ প্ৰয়োগ নকৰিবা । জানানে , কেৱল অতি পৰিমাণত ভালপোৱা প্ৰকাশ কৰিবা । তাৰপিছত হঠাতে পাহৰি যাবা , অচিনাকিৰ পৰিচয় দিবা । চাবা , এনেই জীৱন্ত লাশত পৰিনত হৈ পৰিছে । 

             সঁচা আজিও মই তোমাৰ প্ৰেমত বন্দী , তোমাৰ মায়াত বন্দী । মৃত জীবন্ত দেহাটো লৈ আজিও জুইত পুৰি পুৰি জীয়াই আছোঁ । হাঁহিৰ অভিনয়ত প্ৰথম বঁটা গ্ৰহণ কৰিলোঁ । 

পাৰিলে অলপ সময় নষ্ট কৰি চিঠিখন পঢ়িবাচোন , সদায় ... ভাল থাকিবা   

              ভাল দেখিবা

              ভাল ৰাখিবা ।।

    

                                    

                                 ইতি

 তোমাৰ অচিনাকি অপ্ৰিয় প্ৰেমিকা

Tuesday, January 10, 2023

নীলা খামৰ চিঠি

 🔴নীলা খামৰ চিঠি 

🔸সৈনিকলৈ বুলি পত্নীৰ চিঠি


প্ৰতি,

         মোৰ প্ৰিয়তম ,

কুশলে আছেনে ? আপোনালৈ চিঠি লিখিম বুলি জানি মোৰ এধানি কলমটিয়েও উকমুকাই উঠিছে । শীতত জঠৰ হৈ পৰা মোৰ আঙুলীকেইটাও যেন নৱ ৰূপত প্ৰাণৱন্ত হৈ সাৰ পাই এঙামুৰী দিছে ! আপোনালৈ বুলি বুকুৰ মাজত সযতনে সাঁচি ৰখা অজস্ৰ মৰম আৰু ভালপোৱাৰ সীমাহীন টোপোলাবোৰ ইয়াৰ পৰাই চিঠিৰ মাজত পঠিয়াই দিছো । 

         আজি বৰদিনৰ দিনা আপোনালৈ বাৰুকৈয়ে মনত পৰিছে অ' ! আপুনি যে কাষত নাই ,,, মোৰ অকলে বৰ ভয় লাগে জানে নে ? সন্ধিয়া খিৰিকীৰ সমুখত বহি মই সৌ আকাশৰ মেঘৰ মোহনাত উমলি থকা হালধীয়া জোনটোলৈ চাই আছিলো , কিন্তু নিষ্ঠুৰ ডাৱৰবোৰে আকাশ মেঘাচ্ছন্ন কৰি পেলালে । বতাহ বলিবলৈ ধৰিলে ,,, এই বতাহজাক আহিলে মোৰ বৰ ভয় লাগে ।

           আপোনাৰ বাৰু মনত পৰে নে সেই দিনটোলৈ , যিদিনা আপুনি মোক ন কৈ বিয়া কৰাই আনিছিল ? আমি এক নতুন যুগ্ম জীৱনৰ পাতনি মেলিছিলো ! মনত আছে নে ? সেইদিনা আছিল বৰদিন , শীতৰ এটি সোণোৱালী সন্ধ্যা ! কিবা এক অচিনাকী শিহঁৰণ মোৰ হিয়াত আহি থমকিছিল । আৰু আপুনি যে কাষলৈ আহি এপাহি সুকোমল ৰঙা গোলাপ  হাতত দিছিল ,,, তেতিয়া মোৰ কেনে অনুভৱ হৈছিল জানে ? মোৰ স্বপ্ননীল আকাশৰ যেন আপুনি জোনাক আৰু মই যেন এপাহি মৰহা পাপৰি ! কিন্তু এই স্মৃতিবোৰ যে এতিয়া মোৰ সপোনৰ দস্তাবেজত লিপিবদ্ধ এখন ৰঙীন দস্তখত !

           বাৰ - দিন - মাহ কৰি বছৰো বাগৰি যায় , সোঁৱৰণীৰ দলিচাত সময়ৰ আঁবিৰে সেন্দুৰীয়া ফুল বাচি যায় । কিন্তু আপুনি অহাৰ কোনো সন্ধিক্ষন মই যেন বিচাৰি পোৱা নাই । আপোনাৰ বিদায় মৌন নিথৰ মুহূৰ্তত মোৰ চকু উপচি বাৰিষাৰ বান নামিছিল । কিন্তু মই আপোনাক দেখুওৱা নাছিলো আপুনি কষ্ট পাব বুলি । আৰু সেই অনাখৰী কথা আজিও মোৰ অন্তৰত পৰ্বতীয়া বনপোৰা জুই যেন হৈ আছে । আপোনাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই , খং নাই , অভিমান নাই । মাথোন এটা কথা মই আপোনাক আগতেও কৈছো আৰু এতিয়াও কওঁ যে আপুনি যুঁজিব অন্যায়ৰ বিৰূদ্ধে , এখন মহাকাব্য ! পৰ্বতৰ মৌন ভাষাই লেখি থৈ যোৱা তেজৰ বুৰঞ্জী আপুনিয়েই নাশিব লাগিব ; শক্ৰ - সৈন্যক কৰিব লাগিব পৰাস্ত , দেশ - মাতৃক ৰক্ষা কৰি জগত জিনিব লাগিব । কিন্তু কিয় মোৰ ভয়টোৱে বাৰে বাৰে আগুছি ধৰে ! সপোনত মই শুনো শক্ৰৰ কামানৰ গৰ্জন , দেখো মই ওখ ওখ পৰ্বতৰ বাহুবন্ধনত ছাই হৈ যোৱা কল্পনা , পৰ্বতত প্ৰতিধ্বনিত হোৱা সৈনিকৰ বুকুৰ তেজৰ চেকুঁৰা , তেজেৰে ৰাঙলী হোৱা মৰিশালী , অন্তৰৰো অন্তৰ খহাই তোলা জুইৰ শিখা , ধোঁৱা আৰু ধোঁৱা !মোৰ বুকু কঁপিবলৈ ধৰে , জানোছা আপুনি মোৰ কপালৰ উজ্জ্বল ৰঙা বেলিটো  মুহাৰি দূৰ দিগন্তলৈ ধাৱিত হয় বুলি । নাই , নাই ! মই এনে  হ'বলৈ নিদিওঁ । ইশ্বৰৰ ওচৰত বন্তিগছ জ্বলাই মই সদায় প্ৰাৰ্থনা কৰো যাতে আপুনি কুশলে থাকে । আপোনাক লৈ মই গৌৰৱ কৰোঁ , কাৰণ আপুনি ৰক্ষক ! দেশ ৰক্ষক , মাতৃভূমি ৰক্ষক ! আৰু এটা কথা ,, চাৰি মাহ আগতে দেউতাৰ বছৰেকীয়া হৈ গ'ল । আজিও মনত পৰে সেই নিদাৰুণ মৰ্মান্তিক দৃশ্যটো , যিদিনা দেউতাক যুদ্ধক্ষেত্ৰৰ পৰা সৈনিকে জাতীয় পতাকা আৰু ফুলেৰে সজ্জিত কৰি থৈ দিছিল আমাৰ চোতালত । মায় আউলি - বাউলি হৈ কান্দি কান্দি ভাগৰি পৰিছিল । মই তেতিয়া সৰু আছিলো । দেউতাৰ গাত পাৰি দিয়া সেই তিনিবৰণীয়া জাতীয় পতাকাখন একেথৰে ৰৈছিলো  চাই । 

            আৰু এটা কথা আপোনাক ক'বলৈ পাহৰিছিলোৱে । আজিকালি মাইনাই বৰকৈ প্ৰশ্ন কৰা হৈছে অ' ,,, __"দেউতা ক'ত , দেউতাৰ লগত খেলিম , দেউতাক লাগে" বুলি সদায় আমনি কৰি থাকে । তাইলৈ কেতিয়াবা মোৰ খুব খং উঠে । কিন্তু বেছেৰী তাইতো একো নুবুজে । 'দেউতা' বুলি আপোনাক মাতিবলৈ তাই সুযোগেই পোৱা নাই । আপোনাৰ জানো তাইলৈ মনত নপৰে ? মোৰে শপত , এইবাৰ মাঘৰ বিহুত আপুনি যেনে - তেনে হ'লেও আহিব । আপোনাৰ সেই গহীন হাঁহি , তৰোৱাল যেন তিক্ষ্ণ দুই নয়ন আৰু চন্দ্ৰমাৰ দৰে মুখখনি চাবলৈ মোৰ বৰ মন গৈছে । আপোনাৰ দুই সবল বাহুবন্ধনৰ মাজত উম ল'বলৈ মোৰ মন গৈছে । ধুমুহা আহিলে ভয় লাগে , আপোনালৈ বহুত বেছি মনত পৰে । মাইনাক কোলাতে লৈ আপোনাৰ কথাকে ভাবি ভাবি  উজাগৰী লঘোণীয়া ৰাতি পাৰ কৰোঁ ।

            আপোনাক ক'বলগীয়া মোৰ বহু কথাই অন্তৰৰ মাজত পুঁহি ৰখা আছে । চিঠিত হয়তো সেয়া কম পৰিব । আৰু আপুনি কথা দিব মোৰ চিঠিৰ প্ৰত্যুত্তৰত যাতে মোৰ মৰম মোৰ কাষলৈ সদায় নিৰাপদে ঘূৰি আহে , জানেই নহয় মই দুবাহু মেলি ৰৈ থাকিম আপোনাক আঁকোৱালী ল'বলৈ । এবাৰ আঁকোৱালী ল'বলৈ !.....



✍🏻পাৰবীন বেগম ।

     তিনিচুকীয়া কাকপথাৰ ।

Tuesday, January 03, 2023

নীলা খামৰ চিঠি:শিল্পী দাস

🔸 নীলা খামৰ চিঠি

      তোমালৈ বুলি 'বন্ধু '


প্ৰতি,

        মোৰ মৰমৰ প্ৰিয় বন্ধু মৰম ল'বা।

       আজি ইংৰাজী ২০২২ চনৰ ৩১ জানুৱাৰী এই বছৰটোৰ অন্তিম দিন। মই শীতৰে নিস্তব্ধ আন্ধাৰ ৰাতিত তোমাকে ভাবি শীতৰ কুঁৱলীৰে গা শীতলীছোঁ, খিৰিকীখনৰ কাষত বহি। জোনৰ ফালে চাই তোমাৰ আৰু মোৰ সেই মধুৰ স্মৃতিৰ কথা ভাবি অশ্ৰুৰে গা তিতিছোঁ।যিমানে তোমাক পাহৰিব বিচাৰোঁ, সিমানেই বেছি তোমাৰ কথাই মোৰ হৃদয়খন খাঁমুচি ধৰে পাহৰিব যে নোৱাৰোঁ। মোৰ কল্পনাৰ অনুভূতিৰ হৃদয়খনে ভাবিবলৈ ধৰিছে তোমাৰ আৰু মোৰ নতুন বছৰ ২০২৩চনৰ এক মধুৰ সংসাৰ সজোৱাৰ মহুৰ্ত।নিস্তব্ধতাৰ ভাবনাৰে ওঁঠৰ মিচিকিয়া হাঁহিৰে কিছু সময় পাৰ কৰাত হঠাতেই ভৌমৰাই কাষত আহি ভৌ ভৌ কৰোঁতে স্বচ্ছ কাঁচৰ দৰে চূৰ্ণ-বিচূৰ্ণ হৈ গ'ল মধুময় সপোন। তোমাৰ ভাবনাৰে মনত বহুত সাহসেৰে ....

               আজি বহু দিনৰ মূৰত ২০২২চনৰ অন্তিম দিনত তোমালৈ চিঠি লিখিম বুলি। স্বযতনত ৰখা, তোমাৰ ফটোখনলৈ চাই বিষাদেৰে ভৰা মনেৰে হাতত কলমলৈ লিখিবলৈ ধৰিলোঁ......

         কেনে আছাঁ তুমি,ভালে নে?অ তুমি তো ভালেই আছাঁ। কিয়নো তুমি বিচৰা‌ঁ সপোনৰ ৰূপহী ধুনীয়া ৰাজকন্যা পাই গলা। এতিয়া চাগে তুমি,মোৰ কথা তো মনতেই নকৰা ন।

        আজি নিলিখোঁ বুলি ভাবিও আকৌ লিখিবলৈ ল'লো মোৰ স্বযতনৰ সংগোপনৰ স্মৃতিৰে ভৰা বিষাদ মনেৰে বহু কথা নববৰ্ষ উপলক্ষ্যে তোমালৈ। তোমাক লৈ, মোৰ এই জীৱনৰ অন্তিমলৈকে লিখিলেওঁ শেষ নহ'ব। অনাদৰ কৰি হ'লেও এবাৰ মাথোঁ পঢ়িবা যদিহে মোক এমহুৰ্তৰ বাবে বুন্ধ ভাবি থাকা। আকৌ চাগে চিঠিখন লিখি তোমাক আমনি কৰিছোঁ।বিৰক্ত পালে ঈশ্বৰৰ কাষত প্ৰাৰ্থনা কৰিবা মই যেন সোনকালেই পৃথিৱীৰ পৰা গুচি যাব পাৰোঁ।তোমাকে ভাবি অশ্ৰুৰে ভৰা চকুযোৰ ৰক্তাক্ত হৈ পৰিছে কিন্তু কিনো কৰিম, মই তোমাৰ যোগ্যই নহয় আৰু ভাগ্যতেই নাই; লৰালৰিকৈ আকৌ চকুযোৰৰ পানী মুছি মুছি লিখিবলৈ ধৰিলোঁ।

         বন্ধু, তোমাৰ বাৰু মনত আছেনে? দুই বছৰমান আগৰ কথাবোৰ তোমাৰ আৰু মোৰ। আমি যে কলেজৰ প্ৰথম দিনাই একেই বেঞ্চত বহিছিলোঁ আৰু বন্ধু বুলি পৰিচয় হৈছিলোঁ। মোৰ দুখেৰে ভৰা হৃদয়খন যেতিয়া কষ্টৰে ভৰি পৰিছিল তেতিয়া তুমিই মোক হহাঁইছিলা, মোক সপোন দেখিবলৈ শিকাইছিলা, নিজৰ কথা ভাবিবলৈ বুঝাইছিলা। মনৰ দুখবোৰ প্ৰকাশ কৰাৰ কথা কৈছিলা আৰু শুনিবলৈ কিমান যে বিৰক্তি কৰিছিলা,সেয়া আৰু কি ক'ম। তোমাক বহুবাৰ গালিও দিছিলোঁ। লাহে লাহে বন্ধুত্বৰ পৰিচয়ত ভাগ কৰিছিলোঁ সুখ-দুখ, হাঁহি-কাঁন্দোন, খোৱা আদি সকলো মন উজাৰ কৰি। কলেজৰ লগৰীয়াবোৰ তোমাৰ আৰু মোৰ বন্ধুত্বৰ প্ৰশংসা কৰিছিল আৰু তুমি,মই অহংকাৰেৰে বন্ধুত্বৰ পৰিচয়েৰে দুয়ো দুয়োৰে মুখেৰে চাই প্ৰেমৰ প্ৰতি দুৰ্বলতাৰে মিচিকিয়া হাঁহিছিলো। আকৌ এদিন বিৰক্তিৰে কৈ দিলোঁ মোৰ মনৰ বেদনাবোৰ তোমাৰ কাষত। তুমি মোৰ চকুৰে চকু ৰাখি, হাতত হাত ৰাখি কথা দিছিলাঁ, মই তোমাৰ বন্ধু, মই তোমাৰ সুখ-দুখ সকলোতেই তোমাৰ লগত থাকিম। তুমি আৰু কৈছিলা,'তোমাৰ শৰীৰৰ প্ৰতি যত্ন ল'বা নহ'লে গা বেয়া হ'ব ।মই কৈছিলো,একো নহয় মোৰ যি হোক, মই মোৰ পৰিবাৰৰ সুখত সুখী মই ভালেই আছোঁ। তুমি কৈছিলা, এটা কথা কওঁ তুমি ভাল থাকিবা কিয়নো মই তোমাৰ সুখত সুখী। আজি তোমাৰ এই কথাষাৰেই মোক বৰকৈ বিৰক্তি কৰে।কিয় ক'লা অ এনেকুৱা কথা যদিহে মোৰ প্ৰতি তোমাৰ ভালপোৱাই নাছিল। তুমি আৰু মই সচাঁকৈ কলেজৰ সময় পাৰ হোৱাৰ লগে লগে বন্ধুত্বৰ পৰা জীৱন সঙ্গী হৈ গ'লো নিজেও নাজানো। এদিনাখন তুমিয়েই মোক নিস্তব্ধ ৰাতিত জোন,তৰাক সাক্ষী কৰি বুকু উজাৰি 'বন্ধু তোমাক ভালপাওঁ' বুলি প্ৰথম ভালপোৱাৰ প্ৰস্তাৱ দিছিলা আৰু চিঞৰি চিঞৰি কৈছিলা তুমি মোৰ জীৱন।মইও বন্ধুত্বৰ পৰা কেনেকৈ যে তোমাৰ ভালপোৱাৰ মায়াত পৰিলোঁ নিজেই ক'ব নোৱাৰোঁ । দুয়োয়ে বন্ধুত্ব আৰু ভালপোৱাৰে জীৱন সঙ্গী হিচাপে মনৰ ভাব প্ৰকাশ কৰি ভবিষ্যতৰ বহু সপোনৰে সুখে-হাহিঁৰে পাৰ কৰি আছিলোঁ পতিপল।হঠাতেই এদিনাখন মোক কিয় জানো তুমি ভুল বুজিলাঁ মই নাজানোঁ। জানিবলৈ বহু কৌতুহল হ'লো কিন্তু তুমি বাৰ বাৰ মোক অপমান কৰিলা আৰু বেয়া বহু কথাৰে মোক আঘাত কৰিলা।যিহোক এইবোৰ কথা থাক, তুমি তো এতিয়া তোমাৰ জীৱন সঙ্গীক লৈ ভালে আছা। দুদিনমান পিছত হ'ব চাগে তোমালোক দুয়ো নতুন সংসাৰ জীৱনৰ পাতনি মেলিবা।

        শেষত এয়াই কওঁ যে, তুমি মোৰ প্ৰথম ভালপোৱা আছিলাঁ,আছাঁ আৰু ভবিষ্যতেওঁ থাকিবা মোৰ স্বযতনৰ সংগোপনৰ হৃদয় দাপোনত। কেতিয়াবা যদি ভুলতেই মোৰ কথা মনত পঢ়ে তেতিয়া দুখ নকৰিবা, ভালে থাকিবা, এনেদৰেই সুখে থাকিবা দুয়োয়েই মিলি।এয়া তোমালৈ মোৰ ২০২৩চনৰ নতুন বছৰৰ অন্তিম চিঠি,প'লম নকৰি পঢ়িবলৈ চেষ্টা কৰিবা।

                       - ইতি

   তোমাৰ আজিৰ বিৰক্তিকৰ বন্ধু

                   শিল্পী দাস

  ভালুকমাৰী ৰাণীপুখুৰী, হোজাই

                                       (অসম)

                     ছাত্ৰী, বাণিজ্য শাখা

                           চতুৰ্থ ষান্মাসিক 

                      লংকা মহাবিদ্যালয়

                        পিন ন‍ং-৭৮২৪৪২

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...