নীলা খামৰ চিঠি
প্ৰতি ,
মোৰ মৰমৰ নয়ন মইনা।
নৱবর্ষ উপলক্ষে বহুতো সাহস যোগায় তোমালৈ এখন ভালপোৱাৰে চিঠি লিখিছোঁ, সংগোপনে আজি ।
আহিছে এটি নতুন বছৰ, গুচি যোৱা সময়ক আৰু কাহানিও উভতাই আনিব নোৱাৰি ।ইংৰাজী 2023 নববর্ষৰ শুভেচ্ছা জনালোঁ , তোমাক মা-দেউতা আৰু ঘৰৰ সকলোলৈ । আশা কৰো নিশ্চয় তুমি ভালে আছা , মা-দেউতা , আইতা , দাদা আৰু ঘৰৰ সকলো । মই তোমাক বহু দিনৰ পৰা কল বা এছ্ এম্ এছ্ কৰিম বুলি ভাবিছিলোঁ । কিন্তু সাহসো নাই , তোমাক বহুতো ভয় লাগে বিৰক্ত পোৱা যদি । সেয়া ভাবি হে চিঠি লিখিলোঁ ।
কোৱানা এবাৰ , সঁচাকৈ তুমি মোৰ পৰা মুক্ত পক্ষী হৈ ভালে আছা ? অ তোমাক সুধিও কি হ'ব তুমিতো ন'কবা । তথাপি দূৰৈৰ পৰাই সদায় খবৰ লওঁ কেনেকুৱা আছা তুমি , কি কৰিছা , ভাল আছা নে । অনুভৱ কৰিব পাৰো , ঘৰৰ দূৰত্ব বা তোমাক দেখা নাপালে কি হ'ব । চোৱা তুমি , বছৰ গৈ নতুন বছৰৰ আৰম্ভনি । কিন্তু তোমাৰ লগত আজিও দেখা বা এষাৰও কথা হোৱা নাই । মই জানো , মই চকুৰ পানী ওলাইকে কান্দো আৰু তুমি ভিতৰতে মনে মনে কান্দি থাকা । প্ৰাৰ্থক্য মাথোঁ ইমান .....
তোমাৰ বাৰু মনত আছেনে এই কথাষাৰ , ' অ সৰু এইফালে আহাচোন ' । তোমাৰতো এই কথাষাৰ বৰ প্ৰিয় আছিল মোৰ মুখৰ শব্দৰে , কিমানবাৰ কবলৈ সদায় কৈছিলা । আজিও কবলৈ যেন বহু ভাল লাগে ।
মোৰ মনৰ কথা এটাও প্ৰকাশ কৰিব পৰা নাই । নিজকো সদায় প্ৰশ্ন কৰো তুমি মোক কিয় প্ৰতাৰণা কৰিলা ? বিশ্বাস , সপোন , আশা , হাঁহিৰে ভৰা হৃদয় ভাঙি হঠাতে কিয় গুচি গ'লা । ভালপোৱাৰে তুমি মাথোঁ স্মৃতি হৈ ৰই গ'লা । তুমি অবিহনে মোৰ জীয়াই থকাৰ শক্তি সদায় হেৰাই যাব খোজে ।
জানি ৰাখা , জীৱনত ভাল থাকিব বিচাৰিলে মোৰ নিচিনা এইটো কাম কেতিয়াও নকৰিবাচোন , কেতিয়াও কাকো অতিৰিক্ত ভাল নাপাবা । কাৰণ এই ভালপোৱা সুন্দৰ জীৱন এখন ধ্বংস কৰি দিয়ে , সুস্থ এটা মানুহক পাগল বনাই দিয়ে ।মানসিক বেদনাদায়ক যন্ত্ৰনাত বন্দী মৃত হৈ জীয়াই থাকিব লাগে ।
এই ভালপোৱা হাঁহিৰে ভৰা মুখ থকা এটা মানুহক একেবাৰে নীৰৱ কৰি দিয়ে , অধৈর্যকৰ জীৱনৰ ৰূপ দিয়ে । হৃদয়ৰ পৰা নিজতকৈও বেছি ভাল কাকো নাপাবা , এই ভালপোৱা এদিন জলন্ত অগ্নিশিখাত জীয়া দেহাটোক পুৰাব ।
কাকো মনৰ পৰা ভালপোৱাৰ পিছত কেতিয়াও তাক পাহৰিব পৰা নাযায় , ঘৃণা কৰিবও পৰা নাযায় ।যিমানেই কষ্টৰ প্ৰতীক হোক ।
আকৌ, কেতিয়াও যদি কাৰোবাক মাৰিব বিচৰা ,অস্ত্ৰ প্ৰয়োগ নকৰিবা । জানানে , কেৱল অতি পৰিমাণত ভালপোৱা প্ৰকাশ কৰিবা । তাৰপিছত হঠাতে পাহৰি যাবা , অচিনাকিৰ পৰিচয় দিবা । চাবা , এনেই জীৱন্ত লাশত পৰিনত হৈ পৰিছে ।
সঁচা আজিও মই তোমাৰ প্ৰেমত বন্দী , তোমাৰ মায়াত বন্দী । মৃত জীবন্ত দেহাটো লৈ আজিও জুইত পুৰি পুৰি জীয়াই আছোঁ । হাঁহিৰ অভিনয়ত প্ৰথম বঁটা গ্ৰহণ কৰিলোঁ ।
পাৰিলে অলপ সময় নষ্ট কৰি চিঠিখন পঢ়িবাচোন , সদায় ... ভাল থাকিবা
ভাল দেখিবা
ভাল ৰাখিবা ।।
ইতি
তোমাৰ অচিনাকি অপ্ৰিয় প্ৰেমিকা
No comments:
Post a Comment