Showing posts with label পাৰবীন বেগম. Show all posts
Showing posts with label পাৰবীন বেগম. Show all posts

Tuesday, February 14, 2023

ফাগুনৰ আগমন:পাৰবীন বেগম

ফাগুনৰ আগমন:পাৰবীন বেগম 


কোনে কয় ফাগুন দুষ্ট ,

  কোনে কয় ফাগুন বলীয়া ,

     ফাগুনৰ ধূলিতেই লিখো মই প্ৰেমৰ কবিতা ।

        ফাগুন নাহে আগচোতালৰ দূৱৰীত সৰাপাত পৰাবলৈ ,

           ফাগুন নাহে তাঁতশালত শিপিনীৰ সুতা ছিঙিবলৈ ,

             ফাগুন আহে প্ৰেমৰ মিঠা আঘাট উতলা হিয়াত সানিবলৈ

                ফাগুন বুলি ক'লেই মনলৈ আহে পছোৱা বতাহজাকৰ ঢৌৱে ঢৌৱে চিলা উৰুওৱা দিনবোৰৰ কথা ,

 বাৰিষাৰ বতৰা লৈ অহা সেই বৰষুণ জাকৰ কথা ,

 শিমলুৰ ডালে - ডালে ফুলি ৰোৱা সেই শিমলু ফুলকেইপাহৰ কথা ,

     ফাঁকুৰ ৰঙেৰে ৰাঙলী কৰা শৈশৱৰ সুমধুৰ স্মৃতিৰ কথা ,

       কেতিয়াবা শিহৰণ তোলা ধুমুহা নতুবা চেঁচা কৰি তোলা পছোৱা ;

          পলকতে মন উৰুঙা কৰা , পলকতে মন তৃপ্ত কৰা বাৰিষাৰ আগমন ।

             আকাশত চটিয়াই দিয়া ৰামধেনুৰ সাতো ৰং !

                চৌপাশে এতিয়া ফাগুনৰ উন্মনা পৰিৱেশ ,

                   চৌপাশে মাথোন পলাস - মদাৰ আৰু শিমলুৰ সেন্দুৰীয়া আৱেস ।  

পিছে , ফাগুন মানেই নহয় কেৱল পলাস - মদাৰ আৰু সৰাপাত , 

    ফাগুনে মায়া আনে !

   প্ৰেমৰ মিঠা আঘাট সানি দিয়ে উতলা হিয়াত ।

      ফাগুনৰ ধূলিতেই লুকাই আছে সৃষ্টিৰ বৰ্নিল ৰূপ গাঁঠা ,

        পাহি মেলা ৰঙা শিমলুৰ পাহিত লিখা আছে বসন্তৰ আগলি বতৰা ।

           প্ৰকৃতিৰ এয়া যেন কোনো সু - নিপুন চিত্ৰকৰৰ নিপুন নান্দনিক চিত্ৰ - ভাস্কৰ্যৰ অভিলেখা ।

              কেতিয়াবা আকাশত ৰঙৰ আঁবিৰ সিঁচি ফাগুনৰ পছোৱাই কানে কানে কৈ যায় , 

                ফুৰিছোঁ আপোন মনে আঁচল উৰুৱাই ।

                   ৰঙালী বিহুৰ বাতৰি বিলাই ,

   পুৰণিক বিদায় দি নতুনক আদৰি আনি , গছে - বনে সুশোভিত ধৰণি ।

      ন' ন' সৃষ্টিৰ পাতনি মেলি ন' সূৰুযৰ নতুন আভা বিচাৰি মেলি দিওঁ হাত দুখনি ।

        আনন্দৰ - উল্লাহৰ আঁচল পাতি !

  ফাগুনৰ ধূসৰ উদাসী বতাহজাকে মোক দি যায় পলাশৰ বতৰা ,

     সেইবাবেইটো ফাগুনৰ ধূলিতেই লিখো মই প্ৰেমৰ কবিতা ।।...



✍🏻পাৰবীন বেগম 

তিনিচুকীয়া (কাকপথাৰ)

Tuesday, February 07, 2023

তুমি আকাশ মই সাগৰ:পাৰবীন বেগম

🔴তুমি আকাশ মই সাগৰ



আকাশে হয়তো স্বপ্ননীল কবিতা লিখে ,

   বিশালতাত নীৰৱতাৰ কবিতা !

     নীলখনি মচাৰ এটি নীলাৰঙী অসমাপ্ত সপোনৰ সেন্দুৰীয়া কবিতা 

        সাগৰেও লিখে স্মৃতি মোহনাত লক্ষ ঢৌ তোলা উতলা সংগীত ,

           প্ৰেমৰ পোহৰ - দিপ্ত হিয়াৰ মোহন গৌৰৱত সাগৰেও দিয়ে অচিনাকী প্ৰণয়ৰ ভালপোৱাৰ ইংগীত ।

 সেইবাবেইটো , তুমি আকাশ মই সাগৰ ! 

    যেন ইজনে - সিজনৰ চিৰদিনৰে অন্তৰংগৰ ;

       কিন্তু , কেতিয়াবা শুনিছানে সাগৰ - আকাশৰ মিলনৰ সুৰধ্বনি ,

        দেখিছানে অস্তগামী সূৰুযে তোলা হেঙুল লতাৰ ৰঙীন অনামী ।

            তাহানিতে লিখি যোৱা কবিৰ পাতনিত পঢ়িছানে সাগৰ - আকাশৰ অনন্ত মিলনৰ জীয়া কাহিনী !

               আমাৰ এই অনুভূতিক নাম দি মই যদি কওঁ -- "তুমি মোৰ শ্ৰীকৃষ্ণ আৰু মই তোমাৰ ৰাধা" বুলি , তুমি ল'বানে মানি ?

   জানানে , সাগৰৰ অবিহনে আকাশ প্ৰতিবিম্ববিহীন ,

     আকাশৰ অবিহনে সাগৰ ৰংবিহীন ।

       য'ত অাকাশে কঢ়িয়াই লৈ ফুৰে সাগৰৰ সমস্ত অভিমান ,

         নীলা - বগাখিনিৰ মাজত আকাশে চটিয়াই দিয়ে আশাভৰা কোমল পৰশৰ বৃষ্টিজাক ।

            আকাশে ৰিক্ত হৃদয়ত তোলপাৰ লগাই কৃষ্ণচূড়াৰ ৰঙেৰে আৱৰে সাগৰৰ গহীন হাঁহি ,

               শুভ্ৰ প্ৰপাতৰ আঁচলেৰে সাগৰে চঞ্চল হৈ ঢৌ তোলে মায়াসনা পৃথিৱীৰ পাৰ - ঘাট নিচিনি ।

                   সেইবাবেইটো , তুমি আকাশ মই সাগৰ !

   আকাশেতো নুবুজে মৰহা খৰিকাজাইৰ জয়ৰ গৌৰৱ মালা ,

      আকাশে ৰ'দাই দিয়ে সৰাপাহিত পৰা হেঁপাহৰ একাঁজলি অনামিকা ।

        সাগৰেতো নাজানে আকাশলংঙ্ঘী আৱেষ্টনীৰ কাৰেং সোণালী পোহৰৰ বৰণ ,

          সাগৰে তৃষ্ণাৰ্ত পোহৰৰ দেওধনী দেখিও লক্ষ ঢৌৰ আঁৰৰ সেই ৰহস্য নকৰে উদ্‌ঘাটন ! !

            শান্তি - গম্ভীৰতাৰ জীয়া ঢল কঢ়িয়াই নিয়ে সাগৰে ,

               মেঘৰ মাডল ভাঙি ওন্দোলাই নামি আহে আকাশে ,

                  সেইবাবেই , সেইবাবেইটো মই তোমাৰ সাগৰ আৰু তুমি মোৰ আকাশ । ।....        



✍🏻 পাৰবীন বেগম ।

       দ্বাদশ শ্ৰেণী ।

       তিনিচুকীয়া (কাকপথাৰ)

Tuesday, January 10, 2023

এদিন মইয়ো সফল হ'ম:পাৰবীন বেগম

 🔸গল্প

🔸এদিন মইয়ো সফল হ'ম

                  🔹পাৰবীন বেগম (দ্বাদশ শ্ৰেণী)



লী যোৱা ঘৰটোৰ চালখনেৰে বৰষুণৰ ক্ষুদ্ৰ টোপালবোৰ এটুপ - দুটুপকৈ আহি পৰিছেহি ছায়াৰ কোলাত । চেঁচা বতাহৰ বা লাগি ছায়াৰ পদুমৰ পাহি যেন চকু দুটিত এটি মিঠা টোপনিয়ে স্থান লৈছেহি । চিয়াঁহীৰে লিখি থকা বহিখনৰ  পৃষ্ঠাটোত আখৰবোৰ কম্পিত আৰু হেলনীয়া হ'ব ধৰিছে । চাৰিওদিশে আবেলিৰ হেঙুলীয়া পোহৰৰ আলোড়ণ ,  গাঁৱৰ সকলোৰে ঘৰৰ পৰা অহা ধূপ - ধুনাৰ সুগন্ধি সুবাস , জোনাকী পৰুৱাৰ উজ্বল জিক্‌মিক্‌নিয়ে মুখৰিত কৰিছে বসুন্ধৰাক ।

            ঘৰটোৰ এটা চুকৰ বিন্ধাটোৰে ঢেৰেকণিৰ ৰূপোৱালী কিৰণ ছায়াৰ আউল লগা চুলি , শুকান আৰু ফাটি যোৱা ওঁঠ , নিপুণ স্তনযুগল আৰু চেতনাহীন দেহাত পৰাৰ লগে লগেই তাই হৈ পৰিছে যৌৱনসুলভ এজনি  অপৰূপা । ____" ছায়া , মোৰ ছায়া ! উঠা , উঠি শুনাচোন মোৰ বুকুৰ স্পন্দন ; যি কেৱল তোমাৰ বাবেই কম্পিত হৈ থাকে ।" কাৰোবাৰ মাতত ছায়া সাৰ পালে আৰু এবাৰ পাছলৈ চাই পঠিয়াই দেখিলে যে এজন সুঠাম ডেকা তাইৰ সমুখত থিয় হৈ আছে । প্ৰায় তাইতকৈ তিনি - চাৰি ফুট ওখ , সবল - শক্তিশালী দুই বাহু , জোনৰ দৰে সুশোভিত মুখাবয়ব আৰু সুললিত কণ্ঠেৰে কোৱা কথাবোৰে ছায়াৰ উদং বুকুখনিত এটি মিঠা ৰহণ ভৰাই তুলিছে । "কোন তুমি ?" "মই !" "মানে ?" হঠাৎ ছায়াৰ বুকুখনি ভয়ত কঁপিবলৈ ধৰিলে । ছায়াই আন্ধাৰত স্পষ্টকৈ দেখা নোপোৱা যুৱকজনে দেখুন তাইৰ ফালে চোঁচা লৈছে । মৌ - সনা মাতেৰে ছায়াক সম্বোধন কৰা যুৱকজনে এতিয়া____"তই মোক চিনি নাপাৱ ?" বুলি তাইৰ চুলি কোছাত ধৰি  ৰাওছি জুৰিছে। ছায়াই চিঞৰি চক্‌ খাই উঠিল।নেদেখা বস্তু এটা  ঘপ্‌ককৈ দেখাৰ দৰে তাই চকুটো মুহাৰি     দেউতাকৰ ফালে চালে।দেউতাকে আচৰিত হৈ ক'লে____"কি? তই মোক চিনি  নাপাৱ? কিমান সময়ৰ পৰা তোক মই চিঞৰি আছো। তাই আ'ক সপোন দেখাতহে ব্যস্ত।"ছায়াই বুজনিৰ সুৰত ক'লে" ____নহয়  অ দেউতা, লিখি থাঁকোতেই কেতিয়া নো  টোপনিটো আহি গ'ল গ'মকে  নাপালো।কিন্তু তুমি কোৱা চোন মোক কিয়  মাতিছিলা?" ছায়াৰ দেউতাক দন্দিয়ে ওচৰতে থকা চকীখনত হেলনীয়া হৈ বহি ল'লে  আৰু ক'লে____"এ,  তোৰ মা জনীলে বেয়াই লাগে  বুজিছনে ? আজি কেইবা দিনো হ'ল  মালিকে মোক কাম কৰাৰ হাজিৰা  দিয়া নাইৰ ।ঘৰৰ খোৱা বস্তুবোৰ লাহে লাহে শেষ হ'ব ধৰিছে ।তোৰ  পঢ়া খৰচ,কপোৰ- কানি আদিও মই দিব পৰা নাই । আজি বাৰি ঢাপৰ ঢেঁকীয়া দুডালমান তুলি থাাকোতে মালাক (ছায়াৰ মাক) উচুপি-উচুপি কান্দি  থকা দেখিছিলো । মই  ওচৰলৈ গৈ সুধিছিলো । কিন্তু একো নক'লে । 'একো  নাই হোৱা ' বুলি কৈ কথাটো  পেলাই থৈ দিলে । নাৰীক এনেই মহিন বুলি নকয়, দুখ-কষ্টবোৰ চকুপানীৰে উলিয়াই দিয়ে অথচ কাকো নামমাত্ৰ জানিবলৈ নিদিয়ে।"  এনেতে দেউতাকৰ থুকা-থুকি মাত শুনি  ছায়াই সুধিলে____"দেউতা, তুমি কান্দিছা ? কিয় ? "  ছায়াৰ মুৰত হাত বুলাই ____" নাই অ' মাজনি, মই কন্দা নাই নহয়! " ছায়াই অভিমানৰ সুৰত ক'লে____" মই জানো নহয় দেউতা, তুমি কিয় দুখ কৰিছা! আজি যদি মই খোজ কাঢ়িব পাৰিলো হয়, তেন্তে  তোমালোকক মই কামত সহায় কৰি দিব পাৰিলো  হয় ! কিন্তু ইশ্বৰে মোক  সেইকণ সুবিধাৰ  পৰাও  বঞ্চিত কৰিলে । জানা দেউতা ,  কলেজত মোক সকলোৱে কয় ____" তোৰ দৰে খোজ কাঢ়িব নোৱাৰা পংগু এজনিৰ লগত কোনে প্ৰেম কৰিব , কোনে বিবাহ কৰিব ? আৰু যিয়ে কৰিব   সি অৰ্ধঃপতনে যাব ।"  দেউতা, মই বাৰু সঁচাকৈ দুৰ্ভগীয়া নেকি ?  মই তোমালোকক বৰ কষ্ট দি আছো ন ? " তাই উচুপিবলৈ ধৰিলে । এনেবোৰ কথা শুনি দন্দিয়ে একো ক'ব নোৱাৰি তলমূৰ  কৈ ৰ'ল । এনেতে পাকঘৰৰ পৰা মালাই আহি  ক'লে____" ধ্যৈৎ  আঁকৰি জনী!  তই আমাক একো কষ্ট দিয়া নাই । বৰঞ্চ তই আমাৰ লক্ষিমী। কত যে প্ৰাথনা কৰি  মূৰ দোৱাইছো আমি তোক পাবলৈ । তই খোজ কাঢ়িব নোৱাৰিলি বুলিয়েই

দুৰ্ভগীয়া  নহয় । তই ভাল দৰে পঢ় চোন, এতিয়া যিবোৰে তোক দেখি ইতিকিং কৰিছে, সেইবোৰে এটা সময়ত  তোক  দেখি মূৰ দোৱাব লাগিব । আৰু  সদায় মনত ৰাখিবি প্ৰেম শাৰীৰিক আৱৰণ  বা  চেহেৰা চাই কৰা নাযায়,  যিয়ে সঁচা প্ৰেম কৰিব    সি চাব মনৰ মাজত লুকাই থকা আন্তৰিকতা,  মমতা, সহানুভূতি  তথা  বিশ্বাসী এজন জীৱন সংগী । তই এটা সময়ত আমাতকৈ  বেছি মৰম কৰা  আৰু সঁচা অন্তেৰৰে  ভালপোৱা এজন জীৱন সংগী   পাবি  ।  এইষাৰ তোৰ মায়ে কৈছে। বুজিলি ? "

সময়ৰ প্ৰবাল  সোঁতত ছায়া,  দন্দি  আৰু মালা উটি ভাঁহি গৈ থাকে দূৰ দিগন্তলৈ । কোনেও নাজানে,  সেই  যাত্ৰাৰ অন্তিমটো বাট ক'ত  কেতিয়া আৰু কেনেদৰে শেষ হ'ব । দিনৰ পিছত  দিন গৈ  ছায়াই উচ্চতৰ মাধ্যমিক প্ৰথম  আৰু দ্ধিতীয় বৰ্ষৰ পৰীক্ষাত উৰ্ওীণ   হ'ল । এফালে পৰীক্ষাত উৰ্ওীণ  হোৱাৰ আনন্দ আৰু আন ফালে ডিগ্ৰীত  নামভৰ্ওী  হোৱা খৰচ যে জলন্ত । মাক  আৰু দেউতাকে কোনোমতে দুবেলা দুসাজ অন্নমুঠিৰ যোগান  ধৰিবলৈ সক্ষম হয় ।   ডিগ্ৰীত নামভৰ্ওীৰ  খৰচ শুনি দুয়োৰে মূৰত আকাশ সৰি পৰা যেন অনুভৱ হ'ল । কিন্তু ছায়াই পঢ়িব বিচাৰে ,  পঢ়ি- শুনি সফলতাৰ উচ্চ শিখৰত খোজ দিব বিচাৰে ।  সমাজৰ আগত   মাক দেউতাকৰ  শীৰ গৰ্বেৰে উঠি অহাটো বিচাৰে তাই । সপোনবোৰ সঁচাই বহুত সুন্দৰ, কিন্তু বাস্তৱবোৰ হে জানো কিয় ইমান ভয়ানক ।....

ছায়াৰ  পঢ়াৰ  সপোনটো পূৰ কৰিবলৈ মাক মালা আৰু দেউতাক দন্দিয়ে নিজৰ সকলো লাজ, সংকোচ আঁতৰাই কাৰ কাৰ আগত সেই শুকান হাতদুখনেৰে ভিক্ষাৰ হাত মাগিছে,সেয়া কোনে জানে ! তাইক পঢ়ুৱাবলৈ ঘৰৰ একমাত্ৰ মূল ভেটিটো বন্ধকত  ৰাখিছে । জীৱন নৌকাখনিত টুলুং- ভুটুং কৈ উজাই গৈ আছে দুখ  -সুখৰ বোজাবোৰ  কঢ়িয়াই দন্দি, মালা, আৰু ছায়াই । দিন যিমানেই  বাগৰি গ'ল  সিমানেই খৰচো বাঢ়ি গ'ল ।  মালা আৰু দন্দিৰো বয়স  হৈ আহিছিল,  যোৱাৰ আগতে ছায়াক কাৰোবাৰ হাতত  গতাই থৈ যাব পাৰিলে দুয়োৱে   সুখী হ'ব বুলি আলচ কৰিছিল  । কিন্তু ছায়াক কোনেও গ্ৰহণ কৰা নাছিল । এদিন মালা আৰু দন্দিয়ে চহৰলৈ বুলি  ছায়াৰ কিতাপ আনিবলৈ গৈছিল । নিজে একো নোলোৱাকৈ,  দিনটোত আহাৰ খায়েই কটাই দিছিল তেওঁলোকে ।  জীয়েকক পঢ়ুৱাবলৈ দুয়োৰে যে কিমান   অদম্য হেপাঁহ ! কিন্তু দুৰ্কপাল !  সেইদিনা ঘৰলৈ বুলি আহি থাঁকোতে  এক প্ৰকাণ্ড ট্ৰাক দুৰ্ঘটনাৰ বলি হৈ দুয়োৱে নিজৰ  নশ্বৰ দেহাটো  নেদেখা জনৰ হাতত অৰ্পণ কৰিছিল । সংসাৰৰ সমস্ত দায়িত্ত্ব-কৰ্তব্য, হাঁহি -কান্দোন, সকলো আত্মীয় স্বজন আদিক শেষ বাৰলৈ বিদায় দি গুছি গৈছিল নিজ ঘৰলৈ বুলি  । নাহে!  আৰু  কেতিয়াও উভতি নাহে !.........

কিন্তু  এয়া কি !  চহৰৰ আটাইতকৈ ধনী  ব্যওি নিৰ্মল শইকীয়াৰ   একমাত্ৰ অৰ্ধাংগিনী  ছায়াই দেখুন অতিতত ঘটি অহা ঘটনাবোৰৰ বিৱৰণ দি হুকহুকাই কান্দিব ধৰিছে । বাহিৰত আনৰ আগত হাঁহি থকা ছায়াৰ মুখাবয়ৰখন নিজৰ পৰমেশ্বৰৰ আগত  যে তেনেই  বিগলিত হৈ যায় ।  তাই মনটোক দমন কৰিব নোৱাৰা হৈ পৰে । নিৰ্মল শইকীয়াৰ সবল দুই বাহুৰ মাজত   সমস্ত দুখ- কষ্ট,  লাজ সংকোচ পাহৰি, চকু পানীৰে তিতি থকা  গাল দুখনি  সোমাই ছায়াই  প্ৰশান্তি  লাভ  কৰে  । ছায়াই কৈ গ'ল____ " মোক মায়ে কৈছিল ,' তই এটা সময়ত আমাতকৈও বেছি মৰম কৰা আৰু সঁচা অন্তৰেৰে ভাল পোৱা এজন জীৱন সংগী পাবি '।  আৰু আজি মাৰ সেই  কথা সাৰ্থক হৈছে ।  আজি মই তোমাক মোৰ জীৱন সংগী হিচাপে বহুত সুখী । তুমি যদি সেইদিনা আমাৰ  ঘৰত পানী বিচাৰি নগ'লা হেঁতেন , মোৰ নিথৰ - নিসংগ অৱস্থাটো দেখি ইয়ালৈ লৈ নানিলা হেঁতেন তেতিয়া হয়তো মই......!"হ'ব আৰু আগলৈ একো নক'বা ।" নিৰ্মল শইকিয়াই ছায়াৰ চকুলো মুহাৰি মুহাৰি কৈ গ'ল____"তোমাৰ দুখৰ কথা শুনি মইয়ো বৰ দুখ পাইছো । মই কলেজত পঢ়ি থকা সময়ৰ পৰাই তোমাক চিনি পাইছিলোঁ । মই সকলো দেখিছিলো আৰু শুনিছিলো যে কেনেদৰে তোমাক সকলোৱে পংগু বুলি জুকাইছিল । আৰু তোমাক মতাৰ মোৰ এদিনো সাহসেই হোৱা নাছিল । কিন্তু মই তোমাক সেই দৃষ্টিৰে কেতিয়াও চোৱা নাছিলো । মই হয়তো তোমাৰ কোমল হৃদয়ৰ মশ্ৰিণতাখিনিক অনুভৱ কৰিব পাৰিছিলো । হয়তো সেয়াই আছিল মোৰ জীৱনৰ শুদ্ধ পথ । যি পথত খোজ পেলাই আজি মই সুখী ।" ছায়াই অকন গম্ভীৰ হৈ ক'লে -"মোৰ এটা সপোন আছে জানানে ?"কোৱা !" ছায়াই আকৌ ক'লে -"ওম, মই মোৰ মা - দেউতাৰ স্মৃতিত তেওঁলোকৰ নামত এখন নাৰ্চাৰী খুলিব বিচাৰো য'ত থাকিব হাজাৰ হাজাৰ নানা ৰঙী ফুলৰ আৱেস ! দূৰণিৰ পৰা চৰাই আৰু পখিলাবোৰ আহি মোৰ নাৰ্চাৰীখন শুৱনি কৰিবহি ।যেতিয়া মানুহবোৰে ভাগৰে - বিৰক্তিৰে ,দুখে - সংকটে ৰাস্তাৰে পাৰ হৈ যাওঁতে মোৰ নাৰ্চাৰীখন দেখিব তেতিয়া তেওঁলোকে সমস্ত বেদনা - ভাগৰ পাহৰি মনত অকন শান্তি লভিব পাৰিব ।"ছায়াই নিৰ্মলৰ চকুলৈ চাই আকৌ ক'লে____"তুমি মোক সহায় কৰিবানে ?" নিৰ্মল শইকিয়াই ছায়ালৈ চাই অতি নম্ৰ ভাৱে ক'লে____"মই এই অভাজনে তোমাক যিমান পাৰোঁ সহায় কৰি যাম । তোমাৰ যাতে এই সপোনটো সফল হয় তাৰে কামনা কৰিছোঁ । কিন্তু এতিয়া তুমি তোমাৰ শৰীৰটো যত্ন লোৱা । ডাক্টৰে তোমাক পুষ্টিকৰ খাদ্য খাব দিছে । তাৰ পাছত তোমাৰ মনে বিচৰা সকলো কাম কৰি যাবা । আৰু তোমাৰ সাহসিকতাৰ বলত তুমি সফল হ'বাই ।"

             লাহে লাহে বেলি লহিয়াবলৈ আৰম্ভ কৰিছে । পূবৰ বেলিটিয়ে পশ্চিমৰ দিশে ঘৰমুৱা হৈছে । নীলিম আকাশৰ চৌপাশত সিচঁৰতি হৈ পৰিছে গধুৰ সন্ধিয়াবোৰ । স্মৃতিৰ পাপৰি বুটলি দিগভ্ৰান্ত   পক্ষীৰ দৰে ছায়াই ম্লান যোৱা হেঙুলীয়া পোহৰখিনিক কৈ গ'ল -

"এদিন মইয়ো সফল হ'ম"।।

নীলা খামৰ চিঠি

 🔴নীলা খামৰ চিঠি 

🔸সৈনিকলৈ বুলি পত্নীৰ চিঠি


প্ৰতি,

         মোৰ প্ৰিয়তম ,

কুশলে আছেনে ? আপোনালৈ চিঠি লিখিম বুলি জানি মোৰ এধানি কলমটিয়েও উকমুকাই উঠিছে । শীতত জঠৰ হৈ পৰা মোৰ আঙুলীকেইটাও যেন নৱ ৰূপত প্ৰাণৱন্ত হৈ সাৰ পাই এঙামুৰী দিছে ! আপোনালৈ বুলি বুকুৰ মাজত সযতনে সাঁচি ৰখা অজস্ৰ মৰম আৰু ভালপোৱাৰ সীমাহীন টোপোলাবোৰ ইয়াৰ পৰাই চিঠিৰ মাজত পঠিয়াই দিছো । 

         আজি বৰদিনৰ দিনা আপোনালৈ বাৰুকৈয়ে মনত পৰিছে অ' ! আপুনি যে কাষত নাই ,,, মোৰ অকলে বৰ ভয় লাগে জানে নে ? সন্ধিয়া খিৰিকীৰ সমুখত বহি মই সৌ আকাশৰ মেঘৰ মোহনাত উমলি থকা হালধীয়া জোনটোলৈ চাই আছিলো , কিন্তু নিষ্ঠুৰ ডাৱৰবোৰে আকাশ মেঘাচ্ছন্ন কৰি পেলালে । বতাহ বলিবলৈ ধৰিলে ,,, এই বতাহজাক আহিলে মোৰ বৰ ভয় লাগে ।

           আপোনাৰ বাৰু মনত পৰে নে সেই দিনটোলৈ , যিদিনা আপুনি মোক ন কৈ বিয়া কৰাই আনিছিল ? আমি এক নতুন যুগ্ম জীৱনৰ পাতনি মেলিছিলো ! মনত আছে নে ? সেইদিনা আছিল বৰদিন , শীতৰ এটি সোণোৱালী সন্ধ্যা ! কিবা এক অচিনাকী শিহঁৰণ মোৰ হিয়াত আহি থমকিছিল । আৰু আপুনি যে কাষলৈ আহি এপাহি সুকোমল ৰঙা গোলাপ  হাতত দিছিল ,,, তেতিয়া মোৰ কেনে অনুভৱ হৈছিল জানে ? মোৰ স্বপ্ননীল আকাশৰ যেন আপুনি জোনাক আৰু মই যেন এপাহি মৰহা পাপৰি ! কিন্তু এই স্মৃতিবোৰ যে এতিয়া মোৰ সপোনৰ দস্তাবেজত লিপিবদ্ধ এখন ৰঙীন দস্তখত !

           বাৰ - দিন - মাহ কৰি বছৰো বাগৰি যায় , সোঁৱৰণীৰ দলিচাত সময়ৰ আঁবিৰে সেন্দুৰীয়া ফুল বাচি যায় । কিন্তু আপুনি অহাৰ কোনো সন্ধিক্ষন মই যেন বিচাৰি পোৱা নাই । আপোনাৰ বিদায় মৌন নিথৰ মুহূৰ্তত মোৰ চকু উপচি বাৰিষাৰ বান নামিছিল । কিন্তু মই আপোনাক দেখুওৱা নাছিলো আপুনি কষ্ট পাব বুলি । আৰু সেই অনাখৰী কথা আজিও মোৰ অন্তৰত পৰ্বতীয়া বনপোৰা জুই যেন হৈ আছে । আপোনাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই , খং নাই , অভিমান নাই । মাথোন এটা কথা মই আপোনাক আগতেও কৈছো আৰু এতিয়াও কওঁ যে আপুনি যুঁজিব অন্যায়ৰ বিৰূদ্ধে , এখন মহাকাব্য ! পৰ্বতৰ মৌন ভাষাই লেখি থৈ যোৱা তেজৰ বুৰঞ্জী আপুনিয়েই নাশিব লাগিব ; শক্ৰ - সৈন্যক কৰিব লাগিব পৰাস্ত , দেশ - মাতৃক ৰক্ষা কৰি জগত জিনিব লাগিব । কিন্তু কিয় মোৰ ভয়টোৱে বাৰে বাৰে আগুছি ধৰে ! সপোনত মই শুনো শক্ৰৰ কামানৰ গৰ্জন , দেখো মই ওখ ওখ পৰ্বতৰ বাহুবন্ধনত ছাই হৈ যোৱা কল্পনা , পৰ্বতত প্ৰতিধ্বনিত হোৱা সৈনিকৰ বুকুৰ তেজৰ চেকুঁৰা , তেজেৰে ৰাঙলী হোৱা মৰিশালী , অন্তৰৰো অন্তৰ খহাই তোলা জুইৰ শিখা , ধোঁৱা আৰু ধোঁৱা !মোৰ বুকু কঁপিবলৈ ধৰে , জানোছা আপুনি মোৰ কপালৰ উজ্জ্বল ৰঙা বেলিটো  মুহাৰি দূৰ দিগন্তলৈ ধাৱিত হয় বুলি । নাই , নাই ! মই এনে  হ'বলৈ নিদিওঁ । ইশ্বৰৰ ওচৰত বন্তিগছ জ্বলাই মই সদায় প্ৰাৰ্থনা কৰো যাতে আপুনি কুশলে থাকে । আপোনাক লৈ মই গৌৰৱ কৰোঁ , কাৰণ আপুনি ৰক্ষক ! দেশ ৰক্ষক , মাতৃভূমি ৰক্ষক ! আৰু এটা কথা ,, চাৰি মাহ আগতে দেউতাৰ বছৰেকীয়া হৈ গ'ল । আজিও মনত পৰে সেই নিদাৰুণ মৰ্মান্তিক দৃশ্যটো , যিদিনা দেউতাক যুদ্ধক্ষেত্ৰৰ পৰা সৈনিকে জাতীয় পতাকা আৰু ফুলেৰে সজ্জিত কৰি থৈ দিছিল আমাৰ চোতালত । মায় আউলি - বাউলি হৈ কান্দি কান্দি ভাগৰি পৰিছিল । মই তেতিয়া সৰু আছিলো । দেউতাৰ গাত পাৰি দিয়া সেই তিনিবৰণীয়া জাতীয় পতাকাখন একেথৰে ৰৈছিলো  চাই । 

            আৰু এটা কথা আপোনাক ক'বলৈ পাহৰিছিলোৱে । আজিকালি মাইনাই বৰকৈ প্ৰশ্ন কৰা হৈছে অ' ,,, __"দেউতা ক'ত , দেউতাৰ লগত খেলিম , দেউতাক লাগে" বুলি সদায় আমনি কৰি থাকে । তাইলৈ কেতিয়াবা মোৰ খুব খং উঠে । কিন্তু বেছেৰী তাইতো একো নুবুজে । 'দেউতা' বুলি আপোনাক মাতিবলৈ তাই সুযোগেই পোৱা নাই । আপোনাৰ জানো তাইলৈ মনত নপৰে ? মোৰে শপত , এইবাৰ মাঘৰ বিহুত আপুনি যেনে - তেনে হ'লেও আহিব । আপোনাৰ সেই গহীন হাঁহি , তৰোৱাল যেন তিক্ষ্ণ দুই নয়ন আৰু চন্দ্ৰমাৰ দৰে মুখখনি চাবলৈ মোৰ বৰ মন গৈছে । আপোনাৰ দুই সবল বাহুবন্ধনৰ মাজত উম ল'বলৈ মোৰ মন গৈছে । ধুমুহা আহিলে ভয় লাগে , আপোনালৈ বহুত বেছি মনত পৰে । মাইনাক কোলাতে লৈ আপোনাৰ কথাকে ভাবি ভাবি  উজাগৰী লঘোণীয়া ৰাতি পাৰ কৰোঁ ।

            আপোনাক ক'বলগীয়া মোৰ বহু কথাই অন্তৰৰ মাজত পুঁহি ৰখা আছে । চিঠিত হয়তো সেয়া কম পৰিব । আৰু আপুনি কথা দিব মোৰ চিঠিৰ প্ৰত্যুত্তৰত যাতে মোৰ মৰম মোৰ কাষলৈ সদায় নিৰাপদে ঘূৰি আহে , জানেই নহয় মই দুবাহু মেলি ৰৈ থাকিম আপোনাক আঁকোৱালী ল'বলৈ । এবাৰ আঁকোৱালী ল'বলৈ !.....



✍🏻পাৰবীন বেগম ।

     তিনিচুকীয়া কাকপথাৰ ।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...