🔴তুমি আকাশ মই সাগৰ
আকাশে হয়তো স্বপ্ননীল কবিতা লিখে ,
বিশালতাত নীৰৱতাৰ কবিতা !
নীলখনি মচাৰ এটি নীলাৰঙী অসমাপ্ত সপোনৰ সেন্দুৰীয়া কবিতা
সাগৰেও লিখে স্মৃতি মোহনাত লক্ষ ঢৌ তোলা উতলা সংগীত ,
প্ৰেমৰ পোহৰ - দিপ্ত হিয়াৰ মোহন গৌৰৱত সাগৰেও দিয়ে অচিনাকী প্ৰণয়ৰ ভালপোৱাৰ ইংগীত ।
সেইবাবেইটো , তুমি আকাশ মই সাগৰ !
যেন ইজনে - সিজনৰ চিৰদিনৰে অন্তৰংগৰ ;
কিন্তু , কেতিয়াবা শুনিছানে সাগৰ - আকাশৰ মিলনৰ সুৰধ্বনি ,
দেখিছানে অস্তগামী সূৰুযে তোলা হেঙুল লতাৰ ৰঙীন অনামী ।
তাহানিতে লিখি যোৱা কবিৰ পাতনিত পঢ়িছানে সাগৰ - আকাশৰ অনন্ত মিলনৰ জীয়া কাহিনী !
আমাৰ এই অনুভূতিক নাম দি মই যদি কওঁ -- "তুমি মোৰ শ্ৰীকৃষ্ণ আৰু মই তোমাৰ ৰাধা" বুলি , তুমি ল'বানে মানি ?
জানানে , সাগৰৰ অবিহনে আকাশ প্ৰতিবিম্ববিহীন ,
আকাশৰ অবিহনে সাগৰ ৰংবিহীন ।
য'ত অাকাশে কঢ়িয়াই লৈ ফুৰে সাগৰৰ সমস্ত অভিমান ,
নীলা - বগাখিনিৰ মাজত আকাশে চটিয়াই দিয়ে আশাভৰা কোমল পৰশৰ বৃষ্টিজাক ।
আকাশে ৰিক্ত হৃদয়ত তোলপাৰ লগাই কৃষ্ণচূড়াৰ ৰঙেৰে আৱৰে সাগৰৰ গহীন হাঁহি ,
শুভ্ৰ প্ৰপাতৰ আঁচলেৰে সাগৰে চঞ্চল হৈ ঢৌ তোলে মায়াসনা পৃথিৱীৰ পাৰ - ঘাট নিচিনি ।
সেইবাবেইটো , তুমি আকাশ মই সাগৰ !
আকাশেতো নুবুজে মৰহা খৰিকাজাইৰ জয়ৰ গৌৰৱ মালা ,
আকাশে ৰ'দাই দিয়ে সৰাপাহিত পৰা হেঁপাহৰ একাঁজলি অনামিকা ।
সাগৰেতো নাজানে আকাশলংঙ্ঘী আৱেষ্টনীৰ কাৰেং সোণালী পোহৰৰ বৰণ ,
সাগৰে তৃষ্ণাৰ্ত পোহৰৰ দেওধনী দেখিও লক্ষ ঢৌৰ আঁৰৰ সেই ৰহস্য নকৰে উদ্ঘাটন ! !
শান্তি - গম্ভীৰতাৰ জীয়া ঢল কঢ়িয়াই নিয়ে সাগৰে ,
মেঘৰ মাডল ভাঙি ওন্দোলাই নামি আহে আকাশে ,
সেইবাবেই , সেইবাবেইটো মই তোমাৰ সাগৰ আৰু তুমি মোৰ আকাশ । ।....
✍🏻 পাৰবীন বেগম ।
দ্বাদশ শ্ৰেণী ।
তিনিচুকীয়া (কাকপথাৰ)
No comments:
Post a Comment