ফাগুনৰ আগমন:পাৰবীন বেগম
কোনে কয় ফাগুন দুষ্ট ,
কোনে কয় ফাগুন বলীয়া ,
ফাগুনৰ ধূলিতেই লিখো মই প্ৰেমৰ কবিতা ।
ফাগুন নাহে আগচোতালৰ দূৱৰীত সৰাপাত পৰাবলৈ ,
ফাগুন নাহে তাঁতশালত শিপিনীৰ সুতা ছিঙিবলৈ ,
ফাগুন আহে প্ৰেমৰ মিঠা আঘাট উতলা হিয়াত সানিবলৈ
ফাগুন বুলি ক'লেই মনলৈ আহে পছোৱা বতাহজাকৰ ঢৌৱে ঢৌৱে চিলা উৰুওৱা দিনবোৰৰ কথা ,
বাৰিষাৰ বতৰা লৈ অহা সেই বৰষুণ জাকৰ কথা ,
শিমলুৰ ডালে - ডালে ফুলি ৰোৱা সেই শিমলু ফুলকেইপাহৰ কথা ,
ফাঁকুৰ ৰঙেৰে ৰাঙলী কৰা শৈশৱৰ সুমধুৰ স্মৃতিৰ কথা ,
কেতিয়াবা শিহৰণ তোলা ধুমুহা নতুবা চেঁচা কৰি তোলা পছোৱা ;
পলকতে মন উৰুঙা কৰা , পলকতে মন তৃপ্ত কৰা বাৰিষাৰ আগমন ।
আকাশত চটিয়াই দিয়া ৰামধেনুৰ সাতো ৰং !
চৌপাশে এতিয়া ফাগুনৰ উন্মনা পৰিৱেশ ,
চৌপাশে মাথোন পলাস - মদাৰ আৰু শিমলুৰ সেন্দুৰীয়া আৱেস ।
পিছে , ফাগুন মানেই নহয় কেৱল পলাস - মদাৰ আৰু সৰাপাত ,
ফাগুনে মায়া আনে !
প্ৰেমৰ মিঠা আঘাট সানি দিয়ে উতলা হিয়াত ।
ফাগুনৰ ধূলিতেই লুকাই আছে সৃষ্টিৰ বৰ্নিল ৰূপ গাঁঠা ,
পাহি মেলা ৰঙা শিমলুৰ পাহিত লিখা আছে বসন্তৰ আগলি বতৰা ।
প্ৰকৃতিৰ এয়া যেন কোনো সু - নিপুন চিত্ৰকৰৰ নিপুন নান্দনিক চিত্ৰ - ভাস্কৰ্যৰ অভিলেখা ।
কেতিয়াবা আকাশত ৰঙৰ আঁবিৰ সিঁচি ফাগুনৰ পছোৱাই কানে কানে কৈ যায় ,
ফুৰিছোঁ আপোন মনে আঁচল উৰুৱাই ।
ৰঙালী বিহুৰ বাতৰি বিলাই ,
পুৰণিক বিদায় দি নতুনক আদৰি আনি , গছে - বনে সুশোভিত ধৰণি ।
ন' ন' সৃষ্টিৰ পাতনি মেলি ন' সূৰুযৰ নতুন আভা বিচাৰি মেলি দিওঁ হাত দুখনি ।
আনন্দৰ - উল্লাহৰ আঁচল পাতি !
ফাগুনৰ ধূসৰ উদাসী বতাহজাকে মোক দি যায় পলাশৰ বতৰা ,
সেইবাবেইটো ফাগুনৰ ধূলিতেই লিখো মই প্ৰেমৰ কবিতা ।।...
✍🏻পাৰবীন বেগম
তিনিচুকীয়া (কাকপথাৰ)
No comments:
Post a Comment