Tuesday, February 14, 2023

অবৈধ প্রেমত অনুতপ্ত

 অবৈধ প্রেমত অনুতপ্ত

                                                 

তুমি মোৰ শৰীৰ বিচাৰি প্রেম কৰিলা

আৰু মই হৃদয়খন তোমাকে দিলো।

তুমি মোৰ সপোন পূৰণৰ প্রতিশ্রুতি দিলা

আৰু মই আজীৱন তোমাৰ হোৱাৰ

সপোন দেখিলো।

সকলো বুজিও নিষ্পাপ শিশুৰ দৰে

জ্ঞানহীন হৈ পৰিলো।

অন্তত বুজি উঠিলো এই সংসাৰত

কোনো কাৰো আপোন নহয়।


তুমি আমাৰ বৈধ প্রেমক অবৈধ নাম দি

মোৰ ভালপোৱাক হত্যা কৰিলা।

পুৱা গধূলি প্রাৰ্থনা কৰাৰ শেষত

এয়া পৰিনাম দিলা।

বিশ্বাস যেন আজীৱনৰ বাবে শেষ কৰিলা

সপোনো যেন ক্ষন্তেকতে ভাঙি চুৰমাৰ কৰিলা।


জীৱন দিয়াৰ প্রতিশ্রুতি দি

মোৰ জীৱনটোকে কাঢ়ি নিলা।

লগত থকাৰ প্রতিশ্রুতি দি

নিজে আতৰি গ'লা।।.


নাম:ৰাশীমা চাংমাই

ঠাই:ডিব্রুগড়

শিক্ষা:স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিক,অসমীয়া বিভাগ,ডিব্রুগড় বিশ্ববিদ্যালয়।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...