🔴নীলা খামৰ চিঠি
🔸সৈনিকলৈ বুলি পত্নীৰ চিঠি
প্ৰতি,
মোৰ প্ৰিয়তম ,
কুশলে আছেনে ? আপোনালৈ চিঠি লিখিম বুলি জানি মোৰ এধানি কলমটিয়েও উকমুকাই উঠিছে । শীতত জঠৰ হৈ পৰা মোৰ আঙুলীকেইটাও যেন নৱ ৰূপত প্ৰাণৱন্ত হৈ সাৰ পাই এঙামুৰী দিছে ! আপোনালৈ বুলি বুকুৰ মাজত সযতনে সাঁচি ৰখা অজস্ৰ মৰম আৰু ভালপোৱাৰ সীমাহীন টোপোলাবোৰ ইয়াৰ পৰাই চিঠিৰ মাজত পঠিয়াই দিছো ।
আজি বৰদিনৰ দিনা আপোনালৈ বাৰুকৈয়ে মনত পৰিছে অ' ! আপুনি যে কাষত নাই ,,, মোৰ অকলে বৰ ভয় লাগে জানে নে ? সন্ধিয়া খিৰিকীৰ সমুখত বহি মই সৌ আকাশৰ মেঘৰ মোহনাত উমলি থকা হালধীয়া জোনটোলৈ চাই আছিলো , কিন্তু নিষ্ঠুৰ ডাৱৰবোৰে আকাশ মেঘাচ্ছন্ন কৰি পেলালে । বতাহ বলিবলৈ ধৰিলে ,,, এই বতাহজাক আহিলে মোৰ বৰ ভয় লাগে ।
আপোনাৰ বাৰু মনত পৰে নে সেই দিনটোলৈ , যিদিনা আপুনি মোক ন কৈ বিয়া কৰাই আনিছিল ? আমি এক নতুন যুগ্ম জীৱনৰ পাতনি মেলিছিলো ! মনত আছে নে ? সেইদিনা আছিল বৰদিন , শীতৰ এটি সোণোৱালী সন্ধ্যা ! কিবা এক অচিনাকী শিহঁৰণ মোৰ হিয়াত আহি থমকিছিল । আৰু আপুনি যে কাষলৈ আহি এপাহি সুকোমল ৰঙা গোলাপ হাতত দিছিল ,,, তেতিয়া মোৰ কেনে অনুভৱ হৈছিল জানে ? মোৰ স্বপ্ননীল আকাশৰ যেন আপুনি জোনাক আৰু মই যেন এপাহি মৰহা পাপৰি ! কিন্তু এই স্মৃতিবোৰ যে এতিয়া মোৰ সপোনৰ দস্তাবেজত লিপিবদ্ধ এখন ৰঙীন দস্তখত !
বাৰ - দিন - মাহ কৰি বছৰো বাগৰি যায় , সোঁৱৰণীৰ দলিচাত সময়ৰ আঁবিৰে সেন্দুৰীয়া ফুল বাচি যায় । কিন্তু আপুনি অহাৰ কোনো সন্ধিক্ষন মই যেন বিচাৰি পোৱা নাই । আপোনাৰ বিদায় মৌন নিথৰ মুহূৰ্তত মোৰ চকু উপচি বাৰিষাৰ বান নামিছিল । কিন্তু মই আপোনাক দেখুওৱা নাছিলো আপুনি কষ্ট পাব বুলি । আৰু সেই অনাখৰী কথা আজিও মোৰ অন্তৰত পৰ্বতীয়া বনপোৰা জুই যেন হৈ আছে । আপোনাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই , খং নাই , অভিমান নাই । মাথোন এটা কথা মই আপোনাক আগতেও কৈছো আৰু এতিয়াও কওঁ যে আপুনি যুঁজিব অন্যায়ৰ বিৰূদ্ধে , এখন মহাকাব্য ! পৰ্বতৰ মৌন ভাষাই লেখি থৈ যোৱা তেজৰ বুৰঞ্জী আপুনিয়েই নাশিব লাগিব ; শক্ৰ - সৈন্যক কৰিব লাগিব পৰাস্ত , দেশ - মাতৃক ৰক্ষা কৰি জগত জিনিব লাগিব । কিন্তু কিয় মোৰ ভয়টোৱে বাৰে বাৰে আগুছি ধৰে ! সপোনত মই শুনো শক্ৰৰ কামানৰ গৰ্জন , দেখো মই ওখ ওখ পৰ্বতৰ বাহুবন্ধনত ছাই হৈ যোৱা কল্পনা , পৰ্বতত প্ৰতিধ্বনিত হোৱা সৈনিকৰ বুকুৰ তেজৰ চেকুঁৰা , তেজেৰে ৰাঙলী হোৱা মৰিশালী , অন্তৰৰো অন্তৰ খহাই তোলা জুইৰ শিখা , ধোঁৱা আৰু ধোঁৱা !মোৰ বুকু কঁপিবলৈ ধৰে , জানোছা আপুনি মোৰ কপালৰ উজ্জ্বল ৰঙা বেলিটো মুহাৰি দূৰ দিগন্তলৈ ধাৱিত হয় বুলি । নাই , নাই ! মই এনে হ'বলৈ নিদিওঁ । ইশ্বৰৰ ওচৰত বন্তিগছ জ্বলাই মই সদায় প্ৰাৰ্থনা কৰো যাতে আপুনি কুশলে থাকে । আপোনাক লৈ মই গৌৰৱ কৰোঁ , কাৰণ আপুনি ৰক্ষক ! দেশ ৰক্ষক , মাতৃভূমি ৰক্ষক ! আৰু এটা কথা ,, চাৰি মাহ আগতে দেউতাৰ বছৰেকীয়া হৈ গ'ল । আজিও মনত পৰে সেই নিদাৰুণ মৰ্মান্তিক দৃশ্যটো , যিদিনা দেউতাক যুদ্ধক্ষেত্ৰৰ পৰা সৈনিকে জাতীয় পতাকা আৰু ফুলেৰে সজ্জিত কৰি থৈ দিছিল আমাৰ চোতালত । মায় আউলি - বাউলি হৈ কান্দি কান্দি ভাগৰি পৰিছিল । মই তেতিয়া সৰু আছিলো । দেউতাৰ গাত পাৰি দিয়া সেই তিনিবৰণীয়া জাতীয় পতাকাখন একেথৰে ৰৈছিলো চাই ।
আৰু এটা কথা আপোনাক ক'বলৈ পাহৰিছিলোৱে । আজিকালি মাইনাই বৰকৈ প্ৰশ্ন কৰা হৈছে অ' ,,, __"দেউতা ক'ত , দেউতাৰ লগত খেলিম , দেউতাক লাগে" বুলি সদায় আমনি কৰি থাকে । তাইলৈ কেতিয়াবা মোৰ খুব খং উঠে । কিন্তু বেছেৰী তাইতো একো নুবুজে । 'দেউতা' বুলি আপোনাক মাতিবলৈ তাই সুযোগেই পোৱা নাই । আপোনাৰ জানো তাইলৈ মনত নপৰে ? মোৰে শপত , এইবাৰ মাঘৰ বিহুত আপুনি যেনে - তেনে হ'লেও আহিব । আপোনাৰ সেই গহীন হাঁহি , তৰোৱাল যেন তিক্ষ্ণ দুই নয়ন আৰু চন্দ্ৰমাৰ দৰে মুখখনি চাবলৈ মোৰ বৰ মন গৈছে । আপোনাৰ দুই সবল বাহুবন্ধনৰ মাজত উম ল'বলৈ মোৰ মন গৈছে । ধুমুহা আহিলে ভয় লাগে , আপোনালৈ বহুত বেছি মনত পৰে । মাইনাক কোলাতে লৈ আপোনাৰ কথাকে ভাবি ভাবি উজাগৰী লঘোণীয়া ৰাতি পাৰ কৰোঁ ।
আপোনাক ক'বলগীয়া মোৰ বহু কথাই অন্তৰৰ মাজত পুঁহি ৰখা আছে । চিঠিত হয়তো সেয়া কম পৰিব । আৰু আপুনি কথা দিব মোৰ চিঠিৰ প্ৰত্যুত্তৰত যাতে মোৰ মৰম মোৰ কাষলৈ সদায় নিৰাপদে ঘূৰি আহে , জানেই নহয় মই দুবাহু মেলি ৰৈ থাকিম আপোনাক আঁকোৱালী ল'বলৈ । এবাৰ আঁকোৱালী ল'বলৈ !.....
✍🏻পাৰবীন বেগম ।
তিনিচুকীয়া কাকপথাৰ ।
No comments:
Post a Comment