🔸এদিন মইয়ো সফল হ'ম
🔹পাৰবীন বেগম (দ্বাদশ শ্ৰেণী)
উৱলী যোৱা ঘৰটোৰ চালখনেৰে বৰষুণৰ ক্ষুদ্ৰ টোপালবোৰ এটুপ - দুটুপকৈ আহি পৰিছেহি ছায়াৰ কোলাত । চেঁচা বতাহৰ বা লাগি ছায়াৰ পদুমৰ পাহি যেন চকু দুটিত এটি মিঠা টোপনিয়ে স্থান লৈছেহি । চিয়াঁহীৰে লিখি থকা বহিখনৰ পৃষ্ঠাটোত আখৰবোৰ কম্পিত আৰু হেলনীয়া হ'ব ধৰিছে । চাৰিওদিশে আবেলিৰ হেঙুলীয়া পোহৰৰ আলোড়ণ , গাঁৱৰ সকলোৰে ঘৰৰ পৰা অহা ধূপ - ধুনাৰ সুগন্ধি সুবাস , জোনাকী পৰুৱাৰ উজ্বল জিক্মিক্নিয়ে মুখৰিত কৰিছে বসুন্ধৰাক ।
ঘৰটোৰ এটা চুকৰ বিন্ধাটোৰে ঢেৰেকণিৰ ৰূপোৱালী কিৰণ ছায়াৰ আউল লগা চুলি , শুকান আৰু ফাটি যোৱা ওঁঠ , নিপুণ স্তনযুগল আৰু চেতনাহীন দেহাত পৰাৰ লগে লগেই তাই হৈ পৰিছে যৌৱনসুলভ এজনি অপৰূপা । ____" ছায়া , মোৰ ছায়া ! উঠা , উঠি শুনাচোন মোৰ বুকুৰ স্পন্দন ; যি কেৱল তোমাৰ বাবেই কম্পিত হৈ থাকে ।" কাৰোবাৰ মাতত ছায়া সাৰ পালে আৰু এবাৰ পাছলৈ চাই পঠিয়াই দেখিলে যে এজন সুঠাম ডেকা তাইৰ সমুখত থিয় হৈ আছে । প্ৰায় তাইতকৈ তিনি - চাৰি ফুট ওখ , সবল - শক্তিশালী দুই বাহু , জোনৰ দৰে সুশোভিত মুখাবয়ব আৰু সুললিত কণ্ঠেৰে কোৱা কথাবোৰে ছায়াৰ উদং বুকুখনিত এটি মিঠা ৰহণ ভৰাই তুলিছে । "কোন তুমি ?" "মই !" "মানে ?" হঠাৎ ছায়াৰ বুকুখনি ভয়ত কঁপিবলৈ ধৰিলে । ছায়াই আন্ধাৰত স্পষ্টকৈ দেখা নোপোৱা যুৱকজনে দেখুন তাইৰ ফালে চোঁচা লৈছে । মৌ - সনা মাতেৰে ছায়াক সম্বোধন কৰা যুৱকজনে এতিয়া____"তই মোক চিনি নাপাৱ ?" বুলি তাইৰ চুলি কোছাত ধৰি ৰাওছি জুৰিছে। ছায়াই চিঞৰি চক্ খাই উঠিল।নেদেখা বস্তু এটা ঘপ্ককৈ দেখাৰ দৰে তাই চকুটো মুহাৰি দেউতাকৰ ফালে চালে।দেউতাকে আচৰিত হৈ ক'লে____"কি? তই মোক চিনি নাপাৱ? কিমান সময়ৰ পৰা তোক মই চিঞৰি আছো। তাই আ'ক সপোন দেখাতহে ব্যস্ত।"ছায়াই বুজনিৰ সুৰত ক'লে" ____নহয় অ দেউতা, লিখি থাঁকোতেই কেতিয়া নো টোপনিটো আহি গ'ল গ'মকে নাপালো।কিন্তু তুমি কোৱা চোন মোক কিয় মাতিছিলা?" ছায়াৰ দেউতাক দন্দিয়ে ওচৰতে থকা চকীখনত হেলনীয়া হৈ বহি ল'লে আৰু ক'লে____"এ, তোৰ মা জনীলে বেয়াই লাগে বুজিছনে ? আজি কেইবা দিনো হ'ল মালিকে মোক কাম কৰাৰ হাজিৰা দিয়া নাইৰ ।ঘৰৰ খোৱা বস্তুবোৰ লাহে লাহে শেষ হ'ব ধৰিছে ।তোৰ পঢ়া খৰচ,কপোৰ- কানি আদিও মই দিব পৰা নাই । আজি বাৰি ঢাপৰ ঢেঁকীয়া দুডালমান তুলি থাাকোতে মালাক (ছায়াৰ মাক) উচুপি-উচুপি কান্দি থকা দেখিছিলো । মই ওচৰলৈ গৈ সুধিছিলো । কিন্তু একো নক'লে । 'একো নাই হোৱা ' বুলি কৈ কথাটো পেলাই থৈ দিলে । নাৰীক এনেই মহিন বুলি নকয়, দুখ-কষ্টবোৰ চকুপানীৰে উলিয়াই দিয়ে অথচ কাকো নামমাত্ৰ জানিবলৈ নিদিয়ে।" এনেতে দেউতাকৰ থুকা-থুকি মাত শুনি ছায়াই সুধিলে____"দেউতা, তুমি কান্দিছা ? কিয় ? " ছায়াৰ মুৰত হাত বুলাই ____" নাই অ' মাজনি, মই কন্দা নাই নহয়! " ছায়াই অভিমানৰ সুৰত ক'লে____" মই জানো নহয় দেউতা, তুমি কিয় দুখ কৰিছা! আজি যদি মই খোজ কাঢ়িব পাৰিলো হয়, তেন্তে তোমালোকক মই কামত সহায় কৰি দিব পাৰিলো হয় ! কিন্তু ইশ্বৰে মোক সেইকণ সুবিধাৰ পৰাও বঞ্চিত কৰিলে । জানা দেউতা , কলেজত মোক সকলোৱে কয় ____" তোৰ দৰে খোজ কাঢ়িব নোৱাৰা পংগু এজনিৰ লগত কোনে প্ৰেম কৰিব , কোনে বিবাহ কৰিব ? আৰু যিয়ে কৰিব সি অৰ্ধঃপতনে যাব ।" দেউতা, মই বাৰু সঁচাকৈ দুৰ্ভগীয়া নেকি ? মই তোমালোকক বৰ কষ্ট দি আছো ন ? " তাই উচুপিবলৈ ধৰিলে । এনেবোৰ কথা শুনি দন্দিয়ে একো ক'ব নোৱাৰি তলমূৰ কৈ ৰ'ল । এনেতে পাকঘৰৰ পৰা মালাই আহি ক'লে____" ধ্যৈৎ আঁকৰি জনী! তই আমাক একো কষ্ট দিয়া নাই । বৰঞ্চ তই আমাৰ লক্ষিমী। কত যে প্ৰাথনা কৰি মূৰ দোৱাইছো আমি তোক পাবলৈ । তই খোজ কাঢ়িব নোৱাৰিলি বুলিয়েই
দুৰ্ভগীয়া নহয় । তই ভাল দৰে পঢ় চোন, এতিয়া যিবোৰে তোক দেখি ইতিকিং কৰিছে, সেইবোৰে এটা সময়ত তোক দেখি মূৰ দোৱাব লাগিব । আৰু সদায় মনত ৰাখিবি প্ৰেম শাৰীৰিক আৱৰণ বা চেহেৰা চাই কৰা নাযায়, যিয়ে সঁচা প্ৰেম কৰিব সি চাব মনৰ মাজত লুকাই থকা আন্তৰিকতা, মমতা, সহানুভূতি তথা বিশ্বাসী এজন জীৱন সংগী । তই এটা সময়ত আমাতকৈ বেছি মৰম কৰা আৰু সঁচা অন্তেৰৰে ভালপোৱা এজন জীৱন সংগী পাবি । এইষাৰ তোৰ মায়ে কৈছে। বুজিলি ? "
সময়ৰ প্ৰবাল সোঁতত ছায়া, দন্দি আৰু মালা উটি ভাঁহি গৈ থাকে দূৰ দিগন্তলৈ । কোনেও নাজানে, সেই যাত্ৰাৰ অন্তিমটো বাট ক'ত কেতিয়া আৰু কেনেদৰে শেষ হ'ব । দিনৰ পিছত দিন গৈ ছায়াই উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্ধিতীয় বৰ্ষৰ পৰীক্ষাত উৰ্ওীণ হ'ল । এফালে পৰীক্ষাত উৰ্ওীণ হোৱাৰ আনন্দ আৰু আন ফালে ডিগ্ৰীত নামভৰ্ওী হোৱা খৰচ যে জলন্ত । মাক আৰু দেউতাকে কোনোমতে দুবেলা দুসাজ অন্নমুঠিৰ যোগান ধৰিবলৈ সক্ষম হয় । ডিগ্ৰীত নামভৰ্ওীৰ খৰচ শুনি দুয়োৰে মূৰত আকাশ সৰি পৰা যেন অনুভৱ হ'ল । কিন্তু ছায়াই পঢ়িব বিচাৰে , পঢ়ি- শুনি সফলতাৰ উচ্চ শিখৰত খোজ দিব বিচাৰে । সমাজৰ আগত মাক দেউতাকৰ শীৰ গৰ্বেৰে উঠি অহাটো বিচাৰে তাই । সপোনবোৰ সঁচাই বহুত সুন্দৰ, কিন্তু বাস্তৱবোৰ হে জানো কিয় ইমান ভয়ানক ।....
ছায়াৰ পঢ়াৰ সপোনটো পূৰ কৰিবলৈ মাক মালা আৰু দেউতাক দন্দিয়ে নিজৰ সকলো লাজ, সংকোচ আঁতৰাই কাৰ কাৰ আগত সেই শুকান হাতদুখনেৰে ভিক্ষাৰ হাত মাগিছে,সেয়া কোনে জানে ! তাইক পঢ়ুৱাবলৈ ঘৰৰ একমাত্ৰ মূল ভেটিটো বন্ধকত ৰাখিছে । জীৱন নৌকাখনিত টুলুং- ভুটুং কৈ উজাই গৈ আছে দুখ -সুখৰ বোজাবোৰ কঢ়িয়াই দন্দি, মালা, আৰু ছায়াই । দিন যিমানেই বাগৰি গ'ল সিমানেই খৰচো বাঢ়ি গ'ল । মালা আৰু দন্দিৰো বয়স হৈ আহিছিল, যোৱাৰ আগতে ছায়াক কাৰোবাৰ হাতত গতাই থৈ যাব পাৰিলে দুয়োৱে সুখী হ'ব বুলি আলচ কৰিছিল । কিন্তু ছায়াক কোনেও গ্ৰহণ কৰা নাছিল । এদিন মালা আৰু দন্দিয়ে চহৰলৈ বুলি ছায়াৰ কিতাপ আনিবলৈ গৈছিল । নিজে একো নোলোৱাকৈ, দিনটোত আহাৰ খায়েই কটাই দিছিল তেওঁলোকে । জীয়েকক পঢ়ুৱাবলৈ দুয়োৰে যে কিমান অদম্য হেপাঁহ ! কিন্তু দুৰ্কপাল ! সেইদিনা ঘৰলৈ বুলি আহি থাঁকোতে এক প্ৰকাণ্ড ট্ৰাক দুৰ্ঘটনাৰ বলি হৈ দুয়োৱে নিজৰ নশ্বৰ দেহাটো নেদেখা জনৰ হাতত অৰ্পণ কৰিছিল । সংসাৰৰ সমস্ত দায়িত্ত্ব-কৰ্তব্য, হাঁহি -কান্দোন, সকলো আত্মীয় স্বজন আদিক শেষ বাৰলৈ বিদায় দি গুছি গৈছিল নিজ ঘৰলৈ বুলি । নাহে! আৰু কেতিয়াও উভতি নাহে !.........
লাহে লাহে বেলি লহিয়াবলৈ আৰম্ভ কৰিছে । পূবৰ বেলিটিয়ে পশ্চিমৰ দিশে ঘৰমুৱা হৈছে । নীলিম আকাশৰ চৌপাশত সিচঁৰতি হৈ পৰিছে গধুৰ সন্ধিয়াবোৰ । স্মৃতিৰ পাপৰি বুটলি দিগভ্ৰান্ত পক্ষীৰ দৰে ছায়াই ম্লান যোৱা হেঙুলীয়া পোহৰখিনিক কৈ গ'ল -
"এদিন মইয়ো সফল হ'ম"।।
No comments:
Post a Comment