Tuesday, January 10, 2023

মই শিল্পী:শিল্পী দাস

🔴 মই শিল্পী:

                            

                         ✍️ শিল্পী দাস

      ভালুকমাৰী ৰাণীপুখুৰী, নগাও

                ছাত্ৰী, বাণিজ্য শাখা 

                       চতুৰ্থ ষান্মাসিক

                   লঙ্কা মহাবিদ্যালয়

                         ‌   


             

মই শিল্পী, কিন্তু..

জাতিৰ বুকুৱে বুকুৱে লিখি যোৱা

প্ৰকৃতাৰ্থত লক্ষ্যৰ বাটৰুৱা হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

মহান শিল্পী মৰমৰ ভূপেন দাৰ দৰে

সুৰকন্ঠ গীতিকাৰ হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

মানুহ-মানৱতাৰ প্ৰতিচ্ছবি আঁকিব পৰা

এজনী ভাল চিত্ৰকৰ হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

সাহিত্যৰ সীমা ভেদি

ৰবীন্দ্ৰনাথৰ দৰে কবি হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

প্ৰতিজন অসমীয়াৰ হিয়াৰ কোহে কোহে, ৰক্ত বিন্দুৱে 

প্ৰকৃত অসমবাসী হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

জাতি, ধৰ্ম,ঐক্য,কলা, সংস্কৃতি

উন্নতিত লিপ্ত হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

অসমক উচ্চতাৰ শিকৰলৈ লৈ যোৱা

সাহসী যুৱতী হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

অসমখন ধ্বংস কৰা দুৰ্নীতিকাৰী সকলক

উচিত শিক্ষা দিব পৰা নাই।

মই শিল্পী, কিন্তু..

কাৰোবাৰ জীৱনৰ প্ৰকৃত 

প্ৰেমিকা হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

পৃথিৱীখন উন্নতি কৰাৰ

সৃষ্টিকৰ্তা হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

কৰ্মকাৰ,দৰ্জি, কুমাৰৰ দৰে

কৰ্মী হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

শান্তিৰ সৰগ পুৰি

নিৰ্মাণ কৰিব পৰা নাই।

মই শিল্পী, কিন্তু..

সুখ,হাঁহি,আনন্দৰ মুখা পিন্ধিব পৰা

মহান মানুহ হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

হিন্দু-মুছলমান ভেদাভেদ কৰা সকলক

আমি একে এই কথাষাৰ বুজাব পৰা নাই।

মই শিল্পী, কিন্তু..

মোৰ নাম শিল্পী 

তথাপিও প্ৰকৃত শিল্পী হ'ব পৰা নাই।


No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...