Showing posts with label শিল্পী দাস. Show all posts
Showing posts with label শিল্পী দাস. Show all posts

Tuesday, February 28, 2023

মই সাহসী নাৰী:শিল্পী দাস,

 মই সাহসী নাৰী

                                                                                 

মই সাধাৰণ ঘৰৰ ছোৱালী

হ'লেও সাহসী এজনী নাৰী,

সকলোতে আগুৱাই যাব পাৰি।

জীৱনত মই নাৰী বুলি

শুনিছিলোঁ সমাজৰ বহু কুকথা,

বহুতে কৈছিল দেউতাক বিয়া দি দিয়াৰ কথা।

কৈছিল তই নাৰী এজনী ছোৱালী

আনৰ ঘৰত যাবি

পঢ়ি কি কৰিবি,

দেউতাৰ বোজা হৈ

কেইদিন নো আৰু থাকিবি।

শত শত আঘাত প্ৰতিমূহুৰ্ত লাগিছিল

দাপোনৰ প্ৰতিচ্ছবি চাই কান্দিছিলোঁ বহু বাৰ,

কিন্তু মোৰ সাহসী নাৰীৰ আত্মাই

শক্তি দিছিল আগুৱাই যোৱাৰ।

প্ৰৱল পৰিশ্ৰম, অশান্তি,

অৰ্থৰ অভাৱ আদি থকাৰ ফলতও

মই পিছুৱাই যোৱা নাই।

এদিন লৰাতকৈও বেছি উন্নতি কৰি

মই বুজাম যিজনে নুবুজে

নাৰীৰ তাৎপৰ্যখিনি।

নাৰীই মা,নাৰীই দেৱতা,

নাৰীই পত্নী ,নাৰীই সংসাৰৰ সৃষ্টি।

ধ্বংস সৃষ্টি নাৰীৰ হাতত

তথাপিও নাৰীক কিয় কৰে অৱহেলা।

নাৰী তুমি জাগ্ৰত হোৱা

মোৰ দৰে সাহসী,

আগুৱাই যাম আজি

কনকলতা আদিৰ দৰে আমি।

নাৰীৰ গৰ্ভত আমাৰ জন্ম

নাৰীৰ কষ্টত আমি আলোকিত

নাৰীৰ নামেই মা বুলি প্ৰথম শব্দ

নাৰীই জীৱনৰ প্ৰথম দৰ্শন,

তথাপিও নাৰীক কৰা

কিয়নো অসন্মান।

মোৰ কাষত সেইজনেই মহান পুৰুষ,

যিজনে নাৰীক দিব পাৰে উচিত সন্মান।

মই সাহসী নাৰী

দৰকাৰ হ'লে দেউতাকও

উচিত শিক্ষা দিব পাৰি।

গৰ্বিত মই,অংহকাৰী মই

মই এজনী নাৰী,

পৰজন্ম বুলি থাকিলেও

হ'ব বিচাৰোঁ নাৰী।

মই সাহসী নাৰী

ধৰ্ষণ কৰিবা বুলি ভাবিলে,

দূৰ্গাৰ ৰূপ ধৰি

দিম মূৰচ্ছেদ কৰি।

মই নাৰী, গছৰ ফুল ভাবি

অযথা ব্যৱহাৰ নকৰিবা বুলি

বিশ্বাস ৰাখিছোঁ আজি।


                           ✍️ শিল্পী দাস

ভালুকমাৰী ৰাণীপুখুৰী, হোজাই

                                      (অসম)

                   ছাত্ৰী, বাণিজ্য শাখা

                          চতুৰ্থ ষান্মাসিক

                     লংকা মহাবিদ্যালয়

      মোবাইল নং-৭০০২৩১৫৫৫০

Monday, February 20, 2023

প্ৰিয় বান্ধবীৰ জন্মদিন

🟣 প্ৰিয় বান্ধবীৰ জন্মদিন

                      

জি মোৰ প্ৰিয় বান্ধবী

অংকিতাৰ জন্মদিন,

তাইৰ অবিহনে মোৰ প্ৰতিপল যেন

 কলেজত লাগে মূল্যহীন।


আজিৰ বিশেষ এই ওপজা দিনৰ

আন্তৰিকতাৰে শুভেচ্ছা যাচিলোঁ,

জীৱন বাটৰ প্ৰতিমহুৰ্ত

সুখেৰে ওপজি পৰাৰ কামনা কৰিলোঁ।


একাদশ শ্ৰেণীত লংকা জুনিয়ৰ কলেজত

তাইৰ লগত মোৰ প্ৰথম পৰিচয়,

পৰিচয়েৰে জানিলোঁ তেতিয়া

তাই আৰু মই বাণিজ্য শাখাৰ হয়।


দুটা বছৰ পাৰ কৰি তাত

আজিও আছোঁ আমি ভাল বান্ধবীৰ পৰিচয়ত,

এতিয়াও কলেজত থাকোঁ দুয়ো

প্ৰায় সুখে -দুখে একে লগত।


ভুল বুজাবুজি ৰাগ-অভিমান

আছে আমাৰ দুয়োৰে,

তথাপিও পিছত ক্ষমা বিচাৰি

মিলি যাওঁ অতি মৰমেৰে।


হৃদয়ৰ নিজান কোণৰ কথাবোৰ

মন উজাৰি ভাগ কৰোঁ আমি,

অংকিতা আৰু মোৰ বন্ধুত্বৰ সম্পৰ্ক

হীৰাতকৈও বেছি দামী।


নাজানো কিমান প্ৰিয় তাই

কিন্তু সকলোতকৈ ভাল বান্ধবী,

বিপদ-আপদত আশ্বাস দিয়াৰ

মোৰ জীৱনৰ প্ৰতিচ্ছবি।


ক'ব লগীয়া বহু আছে

আমাৰ মাজৰ কাহিনী,

ভবিষ্যতত ইতিহাসৰ পৃষ্ঠাত

উজ্বল হোক তাইৰ জীৱনী।


আজিৰ এই বিশেষ দিনত

মাকৰ কোলাতে ধৰালৈ আহিছিল,

সঠিক নিৰ্ণয় কৰাৰ জ্ঞান

মাক-দেউতাকেই শিকাইছিল।


বান্ধবী তোৰ জন্মদিনত

উপহাৰ দিবলৈ সামৰ্থ্য নাই মোৰ,

মৰমত হৃদয়ৰ ভালপোৱাৰে

বৰ্ণনা কৰিলোঁ কবিতাৰে তোৰ।


আমাৰ মধুৰ বন্ধুত্বৰ বাটত

কিবা ভুল কৰিলে মই,

মনৰ গভীৰৰ ভালপোৱাৰে

ক্ষমা কৰিবি তই।


                             ✍️ শিল্পী দাস

       ভালুকমাৰী, হোজাই (অসম)

                            চতুৰ্থ ষান্মাসিক

Wednesday, February 08, 2023

শুভ জন্মদিন:শিল্পী দাস

 🔹শুভ জন্মদিন

                            


সৌৰভ দাদা তোমাৰ আজি বিশেষ এটা দিন,

প্ৰতি বছৰৰ দৰে এইবছৰৰ আজি জন্মদিন।

শুভ দিনৰ শুভ কামনাৰে শুভেচ্ছা জনালোঁ,

মোৰ তৰফৰ হৃদয় ভৰা অশেষ মৰম যাচিলোঁ।

তেজৰ সম্পৰ্ক নহ'লেও তুমিও মোৰ দাদা,

আমাৰ মাজৰ মধুৰত্বত নপৰে যেন বাধা।

অচিনা হ'লেও ভন্টি ভাবি বহু সহায় কৰিলা,

বিপদৰ প্ৰতিপ'লত সাহসৰ প্ৰেৰণা দিলা।

তুমি আৰু মই আছোঁ মাতৃহীনতাই,

আমনি কৰে দুয়োৰে মাতৃৰ কথাই।

ডাঙৰ দাদাৰ দৰে আহিলা মোৰ জীৱনত,

তোমাৰ সুব্যৱহাৰৰ কথা থাকিব গাঁথি হৃদয়ত।

আজিৰ এই বিশেষ দিন কটোৱা ভাল দৰে,

জীৱন বাটৰ প্ৰতিমহুৰ্তত থাকিবা হাঁহিৰে।

মোৰ তৰফৰ সৰু উপহাৰ পাৰিলে গ্ৰহণ কৰিবা,

সময় পালে সৰু ভন্টিৰ কবিতাখন পঢ়িবা।


      ✍️ শিল্পী দাস 

    ভালুকমাৰী ৰাণীপুখুৰী হোজাই                      

তাৰিখ -০৮-০২-২০২৩

Tuesday, February 07, 2023

পোহৰৰ সন্ধানত ঘূৰি ফুৰিছো

 পোহৰৰ সন্ধানত ঘূৰি ফুৰিছো

                                                ✍️ শিল্পী দাস

                                       ভালুকমাৰী ৰাণীপুখুৰী ,হোজাই

                                             ছাত্ৰী, বাণিজ্য শাখা

                                                 চতুৰ্থ ষান্মাসিক 

                                               লঙ্কা মহাবিদ্যালয় 


পোহৰৰ সন্ধানত ঘূৰি ফুৰিছো মই,

বিচাৰি ফুৰিছো বিভিন্ন ঠাইত।

হাহাকাৰ পৃথিৱীখনত

মই যেন ক্লান্ত,

উন্মুক্ত আকাশত

চৰাইবোৰ যেন শান্ত।

ঘূৰি ফুৰিছো স্কুল-কলেজত

পোহৰৰ সৎ জ্ঞান লাভৰ বাবে।

তথাপিও, পোৱা নাই আজিলৈকে

পোহৰৰ সন্ধান।

বিনাশ কৰিব বিচাৰো

মানুহৰ মনৰ জ্ঞানহীনতা,

সৃষ্টি কৰিব বিচাৰো

মানুহৰ সৎ জ্ঞানৰ মহিমা।

কিন্তু কি কৰিম,

পোৱা নাই এটাও বাট 

পোহৰৰ সন্ধানৰ।

মই কেৱল,

পোহৰৰ সন্ধানত ঘূৰি ফুৰিছো।


                                     

Tuesday, January 10, 2023

মই শিল্পী:শিল্পী দাস

🔴 মই শিল্পী:

                            

                         ✍️ শিল্পী দাস

      ভালুকমাৰী ৰাণীপুখুৰী, নগাও

                ছাত্ৰী, বাণিজ্য শাখা 

                       চতুৰ্থ ষান্মাসিক

                   লঙ্কা মহাবিদ্যালয়

                         ‌   


             

মই শিল্পী, কিন্তু..

জাতিৰ বুকুৱে বুকুৱে লিখি যোৱা

প্ৰকৃতাৰ্থত লক্ষ্যৰ বাটৰুৱা হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

মহান শিল্পী মৰমৰ ভূপেন দাৰ দৰে

সুৰকন্ঠ গীতিকাৰ হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

মানুহ-মানৱতাৰ প্ৰতিচ্ছবি আঁকিব পৰা

এজনী ভাল চিত্ৰকৰ হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

সাহিত্যৰ সীমা ভেদি

ৰবীন্দ্ৰনাথৰ দৰে কবি হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

প্ৰতিজন অসমীয়াৰ হিয়াৰ কোহে কোহে, ৰক্ত বিন্দুৱে 

প্ৰকৃত অসমবাসী হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

জাতি, ধৰ্ম,ঐক্য,কলা, সংস্কৃতি

উন্নতিত লিপ্ত হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

অসমক উচ্চতাৰ শিকৰলৈ লৈ যোৱা

সাহসী যুৱতী হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

অসমখন ধ্বংস কৰা দুৰ্নীতিকাৰী সকলক

উচিত শিক্ষা দিব পৰা নাই।

মই শিল্পী, কিন্তু..

কাৰোবাৰ জীৱনৰ প্ৰকৃত 

প্ৰেমিকা হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

পৃথিৱীখন উন্নতি কৰাৰ

সৃষ্টিকৰ্তা হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

কৰ্মকাৰ,দৰ্জি, কুমাৰৰ দৰে

কৰ্মী হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

শান্তিৰ সৰগ পুৰি

নিৰ্মাণ কৰিব পৰা নাই।

মই শিল্পী, কিন্তু..

সুখ,হাঁহি,আনন্দৰ মুখা পিন্ধিব পৰা

মহান মানুহ হ'ব পৰা নাই।

মই শিল্পী, কিন্তু..

হিন্দু-মুছলমান ভেদাভেদ কৰা সকলক

আমি একে এই কথাষাৰ বুজাব পৰা নাই।

মই শিল্পী, কিন্তু..

মোৰ নাম শিল্পী 

তথাপিও প্ৰকৃত শিল্পী হ'ব পৰা নাই।


Thursday, January 05, 2023

মনোজ দাদাৰ জন্মদিন:শিল্পী দাস

🔴 কবিতাৰ শিৰোনাম - 'মনোজ দাদাৰ জন্মদিন'                                     

আজি মোৰ মৰমৰ মনোজ দাদাৰ জন্মদিন,

তেওঁ অবিহনে মোৰ জীৱন মূল্যহীন।

আজিৰ এই বিশেষ তাৰিখত আহিছিল ধৰালৈ,

দাদা-ভন্টি বন্ধনত আছোঁ তেওঁ আৰু মই।

আজিৰ ওপজা দিনৰ অলেখ শুভেচ্ছা যাচিলোঁ,

তেওঁৰ ভবিষ্যৎ উজ্বল হোৱাৰ কামনা কৰিলোঁ।

বহু গালি দিয়ে মনোজ দাদাই নানা আবেগেৰে,

আকৌ বহু মৰম কৰে অতি ভালপোৱাৰে।

দাদা হ'লেও হাঁহি-ঠাট্টাৰে সকলো কথা পাতোঁ,

অতি মৰমৰ ভালপোৱাৰে 'গৰু' বুলি মাতোঁ।

দ্বিধাবোধ,ভয়, আশঙ্কা নহয় কোনো কাৰণত,

মোৰ জীৱনত উন্নতিৰ মানদণ্ডৰে আছে সৰ্বদা কাষত।

ভালপোৱাৰে কওঁ তাক আই লাথ ইউ থু,

আচলতে হ'ব আই লাভ ইউ টু।

ভাই - ভন্টিৰ সম্পৰ্কত আছে মধুৰ মহত্ব,

প্ৰতিদিনৰ ভালপোৱাৰে কাজিয়াবোৰত থাকে আমাৰ নতুনত্ব।

সৰুৰে পৰা বহু কথাৰে কঁন্দাইছিল বহুবাৰ,

সোওঁ হাতেৰে কাম কৰাৰ শিকাইছিল ব্যৱহাৰ।

যি বিচাৰোঁ তাকে দিয়ে হাঁহি মুখেৰে,

কেৱল দাদা নহয় বন্ধুত্বৰ পৰিচয়েৰে আছে মৰমেৰে।

তেওঁৰ পৰিচয় ভাল-বেয়া, উচ্চ-নিচ হ'লেও আনৰ কাষত,

মোৰ জীৱনৰ ঈশ্বৰ দ্ৰুতত থাকে প্ৰতিদিনত।

ভাগ্য মোৰ তেওঁৰ দৰে এজন ভাল দাদা পোৱাৰ,

যাৰ কাষতে কৰোঁ মই সকলো আবদাৰ।

দাদা-ভন্টিৰ মধুৰ কাহিনী আছে বহু দীঘলীয়া,

লিখিলেওঁ শেষ নহ'ব আছে বহু ক'বলগীয়া।

বিশেষ এই ওপজা দিনত হ'ক  পতিপল সুন্দৰ,

ঈশ্বৰৰ কাষত প্ৰাৰ্থনা কৰোঁ তেওঁৰ জীৱন হ'ক আনন্দৰ।

আজিৰ ওপজা দিন হাঁহি-ধেমালিৰে কৰে যেন উৎযাপন,

তেওঁৰ দৰে নাই কোনো মোৰ জীৱনৰ আপন।

মৰমৰ ভন্টি তোৰ দিলোঁ ক্ষুদ্ৰ উপহাৰ,

কবিতাৰ মাধ্যমত তেওঁৰ  দিলোঁ আকাৰ।

দামী নহ'লেও উপহাৰ গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ,

জীৱনৰ বাটত কেতিয়াবা ভুল কৰিলে ক্ষমা মাগিছোঁ।


  ✍️ শিল্পী দাস

     ভালুকমাৰী ৰাণীপুখুৰী, নগাঁও (অসম)

                     ছাত্ৰী, বাণিজ্য শাখা

                      চতুৰ্থ ষান্মাসিক

                      লংকা মহাবিদ্যালয় 

Tuesday, January 03, 2023

নীলা খামৰ চিঠি:শিল্পী দাস

🔸 নীলা খামৰ চিঠি

      তোমালৈ বুলি 'বন্ধু '


প্ৰতি,

        মোৰ মৰমৰ প্ৰিয় বন্ধু মৰম ল'বা।

       আজি ইংৰাজী ২০২২ চনৰ ৩১ জানুৱাৰী এই বছৰটোৰ অন্তিম দিন। মই শীতৰে নিস্তব্ধ আন্ধাৰ ৰাতিত তোমাকে ভাবি শীতৰ কুঁৱলীৰে গা শীতলীছোঁ, খিৰিকীখনৰ কাষত বহি। জোনৰ ফালে চাই তোমাৰ আৰু মোৰ সেই মধুৰ স্মৃতিৰ কথা ভাবি অশ্ৰুৰে গা তিতিছোঁ।যিমানে তোমাক পাহৰিব বিচাৰোঁ, সিমানেই বেছি তোমাৰ কথাই মোৰ হৃদয়খন খাঁমুচি ধৰে পাহৰিব যে নোৱাৰোঁ। মোৰ কল্পনাৰ অনুভূতিৰ হৃদয়খনে ভাবিবলৈ ধৰিছে তোমাৰ আৰু মোৰ নতুন বছৰ ২০২৩চনৰ এক মধুৰ সংসাৰ সজোৱাৰ মহুৰ্ত।নিস্তব্ধতাৰ ভাবনাৰে ওঁঠৰ মিচিকিয়া হাঁহিৰে কিছু সময় পাৰ কৰাত হঠাতেই ভৌমৰাই কাষত আহি ভৌ ভৌ কৰোঁতে স্বচ্ছ কাঁচৰ দৰে চূৰ্ণ-বিচূৰ্ণ হৈ গ'ল মধুময় সপোন। তোমাৰ ভাবনাৰে মনত বহুত সাহসেৰে ....

               আজি বহু দিনৰ মূৰত ২০২২চনৰ অন্তিম দিনত তোমালৈ চিঠি লিখিম বুলি। স্বযতনত ৰখা, তোমাৰ ফটোখনলৈ চাই বিষাদেৰে ভৰা মনেৰে হাতত কলমলৈ লিখিবলৈ ধৰিলোঁ......

         কেনে আছাঁ তুমি,ভালে নে?অ তুমি তো ভালেই আছাঁ। কিয়নো তুমি বিচৰা‌ঁ সপোনৰ ৰূপহী ধুনীয়া ৰাজকন্যা পাই গলা। এতিয়া চাগে তুমি,মোৰ কথা তো মনতেই নকৰা ন।

        আজি নিলিখোঁ বুলি ভাবিও আকৌ লিখিবলৈ ল'লো মোৰ স্বযতনৰ সংগোপনৰ স্মৃতিৰে ভৰা বিষাদ মনেৰে বহু কথা নববৰ্ষ উপলক্ষ্যে তোমালৈ। তোমাক লৈ, মোৰ এই জীৱনৰ অন্তিমলৈকে লিখিলেওঁ শেষ নহ'ব। অনাদৰ কৰি হ'লেও এবাৰ মাথোঁ পঢ়িবা যদিহে মোক এমহুৰ্তৰ বাবে বুন্ধ ভাবি থাকা। আকৌ চাগে চিঠিখন লিখি তোমাক আমনি কৰিছোঁ।বিৰক্ত পালে ঈশ্বৰৰ কাষত প্ৰাৰ্থনা কৰিবা মই যেন সোনকালেই পৃথিৱীৰ পৰা গুচি যাব পাৰোঁ।তোমাকে ভাবি অশ্ৰুৰে ভৰা চকুযোৰ ৰক্তাক্ত হৈ পৰিছে কিন্তু কিনো কৰিম, মই তোমাৰ যোগ্যই নহয় আৰু ভাগ্যতেই নাই; লৰালৰিকৈ আকৌ চকুযোৰৰ পানী মুছি মুছি লিখিবলৈ ধৰিলোঁ।

         বন্ধু, তোমাৰ বাৰু মনত আছেনে? দুই বছৰমান আগৰ কথাবোৰ তোমাৰ আৰু মোৰ। আমি যে কলেজৰ প্ৰথম দিনাই একেই বেঞ্চত বহিছিলোঁ আৰু বন্ধু বুলি পৰিচয় হৈছিলোঁ। মোৰ দুখেৰে ভৰা হৃদয়খন যেতিয়া কষ্টৰে ভৰি পৰিছিল তেতিয়া তুমিই মোক হহাঁইছিলা, মোক সপোন দেখিবলৈ শিকাইছিলা, নিজৰ কথা ভাবিবলৈ বুঝাইছিলা। মনৰ দুখবোৰ প্ৰকাশ কৰাৰ কথা কৈছিলা আৰু শুনিবলৈ কিমান যে বিৰক্তি কৰিছিলা,সেয়া আৰু কি ক'ম। তোমাক বহুবাৰ গালিও দিছিলোঁ। লাহে লাহে বন্ধুত্বৰ পৰিচয়ত ভাগ কৰিছিলোঁ সুখ-দুখ, হাঁহি-কাঁন্দোন, খোৱা আদি সকলো মন উজাৰ কৰি। কলেজৰ লগৰীয়াবোৰ তোমাৰ আৰু মোৰ বন্ধুত্বৰ প্ৰশংসা কৰিছিল আৰু তুমি,মই অহংকাৰেৰে বন্ধুত্বৰ পৰিচয়েৰে দুয়ো দুয়োৰে মুখেৰে চাই প্ৰেমৰ প্ৰতি দুৰ্বলতাৰে মিচিকিয়া হাঁহিছিলো। আকৌ এদিন বিৰক্তিৰে কৈ দিলোঁ মোৰ মনৰ বেদনাবোৰ তোমাৰ কাষত। তুমি মোৰ চকুৰে চকু ৰাখি, হাতত হাত ৰাখি কথা দিছিলাঁ, মই তোমাৰ বন্ধু, মই তোমাৰ সুখ-দুখ সকলোতেই তোমাৰ লগত থাকিম। তুমি আৰু কৈছিলা,'তোমাৰ শৰীৰৰ প্ৰতি যত্ন ল'বা নহ'লে গা বেয়া হ'ব ।মই কৈছিলো,একো নহয় মোৰ যি হোক, মই মোৰ পৰিবাৰৰ সুখত সুখী মই ভালেই আছোঁ। তুমি কৈছিলা, এটা কথা কওঁ তুমি ভাল থাকিবা কিয়নো মই তোমাৰ সুখত সুখী। আজি তোমাৰ এই কথাষাৰেই মোক বৰকৈ বিৰক্তি কৰে।কিয় ক'লা অ এনেকুৱা কথা যদিহে মোৰ প্ৰতি তোমাৰ ভালপোৱাই নাছিল। তুমি আৰু মই সচাঁকৈ কলেজৰ সময় পাৰ হোৱাৰ লগে লগে বন্ধুত্বৰ পৰা জীৱন সঙ্গী হৈ গ'লো নিজেও নাজানো। এদিনাখন তুমিয়েই মোক নিস্তব্ধ ৰাতিত জোন,তৰাক সাক্ষী কৰি বুকু উজাৰি 'বন্ধু তোমাক ভালপাওঁ' বুলি প্ৰথম ভালপোৱাৰ প্ৰস্তাৱ দিছিলা আৰু চিঞৰি চিঞৰি কৈছিলা তুমি মোৰ জীৱন।মইও বন্ধুত্বৰ পৰা কেনেকৈ যে তোমাৰ ভালপোৱাৰ মায়াত পৰিলোঁ নিজেই ক'ব নোৱাৰোঁ । দুয়োয়ে বন্ধুত্ব আৰু ভালপোৱাৰে জীৱন সঙ্গী হিচাপে মনৰ ভাব প্ৰকাশ কৰি ভবিষ্যতৰ বহু সপোনৰে সুখে-হাহিঁৰে পাৰ কৰি আছিলোঁ পতিপল।হঠাতেই এদিনাখন মোক কিয় জানো তুমি ভুল বুজিলাঁ মই নাজানোঁ। জানিবলৈ বহু কৌতুহল হ'লো কিন্তু তুমি বাৰ বাৰ মোক অপমান কৰিলা আৰু বেয়া বহু কথাৰে মোক আঘাত কৰিলা।যিহোক এইবোৰ কথা থাক, তুমি তো এতিয়া তোমাৰ জীৱন সঙ্গীক লৈ ভালে আছা। দুদিনমান পিছত হ'ব চাগে তোমালোক দুয়ো নতুন সংসাৰ জীৱনৰ পাতনি মেলিবা।

        শেষত এয়াই কওঁ যে, তুমি মোৰ প্ৰথম ভালপোৱা আছিলাঁ,আছাঁ আৰু ভবিষ্যতেওঁ থাকিবা মোৰ স্বযতনৰ সংগোপনৰ হৃদয় দাপোনত। কেতিয়াবা যদি ভুলতেই মোৰ কথা মনত পঢ়ে তেতিয়া দুখ নকৰিবা, ভালে থাকিবা, এনেদৰেই সুখে থাকিবা দুয়োয়েই মিলি।এয়া তোমালৈ মোৰ ২০২৩চনৰ নতুন বছৰৰ অন্তিম চিঠি,প'লম নকৰি পঢ়িবলৈ চেষ্টা কৰিবা।

                       - ইতি

   তোমাৰ আজিৰ বিৰক্তিকৰ বন্ধু

                   শিল্পী দাস

  ভালুকমাৰী ৰাণীপুখুৰী, হোজাই

                                       (অসম)

                     ছাত্ৰী, বাণিজ্য শাখা

                           চতুৰ্থ ষান্মাসিক 

                      লংকা মহাবিদ্যালয়

                        পিন ন‍ং-৭৮২৪৪২

Monday, January 02, 2023

কবিতাৰ শিৰোনাম - নববৰ্ষ

 কবিতাৰ শিৰোনাম - নৱবৰ্ষ


                              ✍️ শিল্পী দাস

    ভালুকমাৰী ৰাণীপুখুৰী হোজাই (অসম)

                     ছাত্ৰী, বাণিজ্য শাখা 

                            চতুৰ্থ ষান্মাসিক

                      লংকা মহাবিদ্যালয়


                    নৱবর্ষ           

নতুন পোহৰৰ নতুন দিন,

২০২৩ চনৰ প্ৰথম দিন।

সকলোকে নববৰ্ষৰ শুভেচ্ছা যাচিলোঁ,

কুশলে থকাৰ কামনা কৰিলোঁ।

নববৰ্ষই নতুনত্ব বছৰৰ কথাকে বুজায়,

এই শুভ লগনত সকলোৱে ভালে তো আছাঁই।

ভালে থাকা,সুখে থাকা,

হৃদয়ে বিচৰা ধৰনৰ নক্সা আঁকা।

পুৰণি বছৰৰ দুখিয়া কথাবোৰ,

সময় নষ্ট নকৰিবা ভাবি এইবোৰ।

নতুন বছৰৰ নতুন আশাৰে,

জীৱন গঢ়ি তোলা নতুনত্ব আকাৰে।

উন্নতিৰ পথত আগুৱাই যোৱা,

মধুময় জীৱনৰ যেন নতুন বাট পোৱা।

সময় সলনি হ'ব নদীৰ স্ৰোতৰ দৰে,

সকলোৰ জীৱন যেন সুখেৰে ওপজি পৰে।

বহু কামনাৰে প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ কাষত,

হাঁহি-ধেমালিৰে উৎযাপন কৰা নববৰ্ষৰ দিনত।

নববৰ্ষ আহিছিল আহিছে আহিব,

কিন্তু মূল্যৱান সময় আৰু নাহিব।

সকলোৰে নববৰ্ষই হোক অতুলনীয় জীৱনী,

ইতিহাসৰ পৃষ্ঠাত থাকে যেন মধুময় কাহিনী।


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...