Thursday, January 05, 2023

মনোজ দাদাৰ জন্মদিন:শিল্পী দাস

🔴 কবিতাৰ শিৰোনাম - 'মনোজ দাদাৰ জন্মদিন'                                     

আজি মোৰ মৰমৰ মনোজ দাদাৰ জন্মদিন,

তেওঁ অবিহনে মোৰ জীৱন মূল্যহীন।

আজিৰ এই বিশেষ তাৰিখত আহিছিল ধৰালৈ,

দাদা-ভন্টি বন্ধনত আছোঁ তেওঁ আৰু মই।

আজিৰ ওপজা দিনৰ অলেখ শুভেচ্ছা যাচিলোঁ,

তেওঁৰ ভবিষ্যৎ উজ্বল হোৱাৰ কামনা কৰিলোঁ।

বহু গালি দিয়ে মনোজ দাদাই নানা আবেগেৰে,

আকৌ বহু মৰম কৰে অতি ভালপোৱাৰে।

দাদা হ'লেও হাঁহি-ঠাট্টাৰে সকলো কথা পাতোঁ,

অতি মৰমৰ ভালপোৱাৰে 'গৰু' বুলি মাতোঁ।

দ্বিধাবোধ,ভয়, আশঙ্কা নহয় কোনো কাৰণত,

মোৰ জীৱনত উন্নতিৰ মানদণ্ডৰে আছে সৰ্বদা কাষত।

ভালপোৱাৰে কওঁ তাক আই লাথ ইউ থু,

আচলতে হ'ব আই লাভ ইউ টু।

ভাই - ভন্টিৰ সম্পৰ্কত আছে মধুৰ মহত্ব,

প্ৰতিদিনৰ ভালপোৱাৰে কাজিয়াবোৰত থাকে আমাৰ নতুনত্ব।

সৰুৰে পৰা বহু কথাৰে কঁন্দাইছিল বহুবাৰ,

সোওঁ হাতেৰে কাম কৰাৰ শিকাইছিল ব্যৱহাৰ।

যি বিচাৰোঁ তাকে দিয়ে হাঁহি মুখেৰে,

কেৱল দাদা নহয় বন্ধুত্বৰ পৰিচয়েৰে আছে মৰমেৰে।

তেওঁৰ পৰিচয় ভাল-বেয়া, উচ্চ-নিচ হ'লেও আনৰ কাষত,

মোৰ জীৱনৰ ঈশ্বৰ দ্ৰুতত থাকে প্ৰতিদিনত।

ভাগ্য মোৰ তেওঁৰ দৰে এজন ভাল দাদা পোৱাৰ,

যাৰ কাষতে কৰোঁ মই সকলো আবদাৰ।

দাদা-ভন্টিৰ মধুৰ কাহিনী আছে বহু দীঘলীয়া,

লিখিলেওঁ শেষ নহ'ব আছে বহু ক'বলগীয়া।

বিশেষ এই ওপজা দিনত হ'ক  পতিপল সুন্দৰ,

ঈশ্বৰৰ কাষত প্ৰাৰ্থনা কৰোঁ তেওঁৰ জীৱন হ'ক আনন্দৰ।

আজিৰ ওপজা দিন হাঁহি-ধেমালিৰে কৰে যেন উৎযাপন,

তেওঁৰ দৰে নাই কোনো মোৰ জীৱনৰ আপন।

মৰমৰ ভন্টি তোৰ দিলোঁ ক্ষুদ্ৰ উপহাৰ,

কবিতাৰ মাধ্যমত তেওঁৰ  দিলোঁ আকাৰ।

দামী নহ'লেও উপহাৰ গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ,

জীৱনৰ বাটত কেতিয়াবা ভুল কৰিলে ক্ষমা মাগিছোঁ।


  ✍️ শিল্পী দাস

     ভালুকমাৰী ৰাণীপুখুৰী, নগাঁও (অসম)

                     ছাত্ৰী, বাণিজ্য শাখা

                      চতুৰ্থ ষান্মাসিক

                      লংকা মহাবিদ্যালয় 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...