Thursday, January 05, 2023

অসম:লক্ষীন্দ্ৰ গগৈ

🔴অসম

©লক্ষীন্দ্ৰ গগৈ

কাজিৰঙাৰ বিখ্যাত এশিঙীয়া গঁড়টি,

বৃহত্তৰ নদী দ্বীপ  অসমৰ মাজুলী ।

দেওহাঁহ অসমৰ সোণালী পক্ষী,

মাজুলী অসমৰ সত্ৰ নগৰী ।

কাৰ্বি আংলং খন পাহাৰে সৃষ্টি

অসমৰ দক্ষিণত আছে বৰাক নদী ।

অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা আৰু মানাহ

প্ৰাকৃতিক ঐতিহ্য স্থানত থকা ।

মানাহৰ বিখ্যাত নাহৰফুটুকী,

বৰপেটা সত্ৰ ধৰ্মৰ ভেটি ।

অসমীয়াক উচ্চ কৰা এজন মহান গুৰু

মহাপুৰুষ নামেৰে অমিয়াক সোঁৱৰো ।

সংগীতৰ সূৰ্য মৰমৰ ভূপেন ডা,

অসমীৰ সন্তান সবাতোকৈ চ'ৰা ।

ব্ৰহ্মপুত্ৰ অসমৰ বিশাল নদী,

ডিব্ৰুগড়ত আছে তেলৰ খনি ।

ভাৰতৰ উত্তৰ-পূবত অসমৰ অৱস্থিতি,

বিদেশটো স্থান আছে অসমৰ সংস্কৃতি ।

পাহাৰে ভৈয়ামে কেৱল সমন্বয়ৰ বৃষ্টি,

সকলো দিশতে উন্নত অসমৰ কৃষ্টি ।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...