🔴আধুনিকতাৰ নামত নৱপ্ৰজন্ম কোনদিশে ধাৱমান ?
এক অৱলোকন
অতীতৰ সময়ত মানুহ জীয়াই থাকিবলৈ, বিশেষকৈ ভোক নিৰ্বাৰণৰ বাবে অন্ন, শীত বা লজ্জা নিবাৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বস্ত্ৰ, ৰ'দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ এটি বাসস্থান এইয়াই আছিল যথেষ্ট। কেনেদৰে এমুঠি আহাৰ যোগাৰ কৰি পৰিয়ালটি সুন্দৰকৈ খাই-বাচি থাকিব পাৰি, সেইয়াই আছিল প্ৰধান লক্ষ্য। তাৰ বাবে নিৰ্ভৰ কৰিছিল প্ৰধানকৈ খেতিৰ ওপৰতেই। দিন বাগৰাৰ লগে লগে জ্ঞান আৰু শিক্ষাৰ পোহৰ পৰিল সকলোৰে শিৰত। ভগৱানৰ প্ৰতিচ্ছায়াৰে উজ্বলি উঠা বিভিন্নজন গুৰুৰ আদৰ্শৰে এক গতনানুগতি পৰিৱৰ্তনৰ ধাৰা মানৱজীৱনলৈ বৈ আহিল। সমাজ পাতি বসবাস কৰাৰ লগে লগে মানুহৰ প্ৰয়োজনীয়তাও বাঢ়িল। শিক্ষাৰ অগ্ৰসৰৰ লগে লগে খাদ্য, বস্ত্ৰ, বাসস্থানক লৈ দৈনিক চিন্তাধাৰাত অতিবাহিত কৰা মানুহজন যান্ত্ৰিকতাৰ পৃথিৱীৰ বৈদ্যুতিক মেচিনসমূহৰ লগে লগে মানুহৰ জীৱনলৈও পৰিৱৰ্তন আহিল। খোজকাঢ়ি বা ঘোঁৰা, গৰু গাড়ীৰ জৰিয়তে যাতায়াত কৰা মানুহৰ জীৱনত, গাড়ী মটৰচাইকেল আদিৰ অবিহনে চলাচল কৰাতো কঠিন হৈ পৰিল। সৃষ্টিশীল পৃথিৱীৰ আধুনিক যুগত দূৰদৰ্শন, কম্পিউটাৰ, ম'বাইল, নেট'ৱৰ্ক অবিহনে মানুহৰ জীৱন অতিবাহিত কৰাটো যেন বিৰক্তিদায়ক হৈ পৰিল। অৱশ্যে ইয়াৰ দ্বাৰা লাভালাভ, সুবিধাও যথেষ্ট উন্নতশীল হৈ পৰিল।
কিন্তু কথা হ'ল, এই যান্ত্ৰিকতাৰ যুগত আধুনিকতাৰ নামত নৱপ্ৰজন্ম কোন দিশে গতি কৰিছে। অতীতৰ সময়ত ঘৰৰ প্ৰতিজন সদস্য, ভাই-ভনী, ককাই-ভাই, বন্ধু-বান্ধৱৰ মাজত যি মৰম, চেনেহ বা একেলগে কৰা হাঁহি-ধেমালি, খেলা-ধূলা সেইবোৰ লাহে লাহে হ্ৰাস পাব ধৰিছে। প্ৰতিজন ল'ৰা, ছোৱালী কি আদহীয়াজনো কাৰোবাৰ লগত অলপ হাঁহি স্ফুৰ্টিৰে কথা পতাৰ বিপৰীতে ম'বাইল বা লেপটপ আদিতে নিজকে ব্যস্ত হৈ পৰে। যাৰ দ্বাৰা মৰম, চেনেহ, একত্ৰা কমি আহিছে প্ৰতিজনৰ মাজত।
বিপদত পৰা মানুহ এজনক সদ্যহতে সঁহায় কৰা বা বচোৱাতো মানুহ হিচাপে সকলোৰে কৰ্তব্য। কিন্তু তাৰ পৰিবৰ্ত্তে বৰ্তমান চানেকিবোৰ কেমেৰাত আবদ্ধ কৰাৰহে বেছিকৈ পৰিলক্ষিত হয়। কাৰোবাক কিবা এটা সঁহায় কৰিলেও সেইয়া সকলোৰে আগত এবাৰ পৰিচয় নকৰিলে যেন মনেই শান্তি নহয়।
বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ সমস্যাতো হৈছে আনৰ সমালোচনা কৰা। ভুল হওক, শুদ্ধ হওক বিবেচনা নকৰাকৈ যধে-মধে সামাজিক মাধ্যম সমূহত সমালোচনা বা বিতৰ্কৰ সৃষ্টি হৈ যায়, কাৰবোৰ প্ৰতি দয়া মমতা, যান্ত্ৰিকতাৰ ভিৰৰ মাজত হেৰাই গৈছে নেকি মানৱতা ?
আধুনিক হ'বলৈ গৈ নিজৰ সাজ সজ্জাবোৰ এৰি পশ্চিমীয়া নগ্ন ছৱিবোৰক আঁকোৱালি লোৱা নাইনে ? ৰং-ৰহস্যৰ নামত মাতল হৈ কেৱল উদযাপন কৰিছো নানান বহুৱা সংস্কৃতিক। কিন্তু নিজৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰাক ৰাখিব পাৰিছোনে ধৰি ? এইবোৰক লৈ নৱপ্ৰজন্ম কিমান সচেতন ? কেৱল চাকৰিৰ পিছত ঘোঁৰাৰ দৰে ফুৰিছে চেঁকুৰি প্ৰতিজন, কিন্তু শিল্প-কলা, কৃষি-কৰ্ম এইয়াও যেন এক প্ৰবৃত্তি কেইজনেনো যায় আগবাঢ়ি।
যদি খেতি কৰ্মৰ প্ৰতি সকলোৱে পিছ হোঁহকি মাৰে তেনেহ'লে ভৱিষ্যতে খাদ্যৰ সংকটত সকলোৱে ভূগিব লগা হ'বচোন ?
আধুনিকতাই গ্ৰাস কৰা নৱপ্ৰজন্মৰ আটাইতকৈ ক্ষতিকাৰক আহিলাবিধ হৈছে ম'বাইল লগতে নেটৱৰ্কো। যিয়ে সত ব্যৱহাৰ কৰিছে আগুৱাই গৈছে। কিন্তু বেছিভাগেই অযথা ব্যৱহাৰৰ দ্বাৰা বিপথে পৰিচালিত হৈছে। যাৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ ভৱিষ্যতে এক অন্ধকাৰ দিশে গতি কৰিছে। যদি বৰ্তমান শুদ্ধ পথলৈ ঘূৰাই আনিব পৰা নাযায়, সেইয়া ধ্বংস অনিবাৰ্য্য।
আজিৰ প্ৰজন্মই দেশৰ ভৱিষ্যত। বৰ্তমানৰ প্ৰতিজন শিশু বা ছাত্ৰ-ছাত্ৰীক সঠিকভাৱে গঢ় দিব পাৰিলেহে ভৱিষ্যতে দেশৰ উন্নতি আশা কৰিব পাৰি।
©জয়ন্ত কুমাৰ নাথ
নগাঁও
No comments:
Post a Comment