দ্বিতীয় বছৰ🔸জানুৱাৰী মাহ🔸দ্বিতীয় সংখ্যা
🔴অনুগল্প শিতান:
🔸কৰ্মফল:
“মোক পাৰিলে ক্ষমা কৰিব আপোনালোকে”- চকু ভৰ্তি পানী- অনুশোচনা লৈ হাতযোৰ কৰি কথাটো ক'লে ৰাজুয়ে। তেওঁৰ আজি নিজৰ ওপৰত খুবেই ঘৃণা লাগিছে, আজি হয়তো তেওঁ বুজিব পাৰিছে সি কিমান নীচু মানৰ,সি বুজিব পাৰিছে কোনো প্ৰিয় জনক হেৰুওৱাৰ কষ্টটো। আজি হয়তো সি বুজিব পাৰিছে “নহয়” কথাটোৰ মানে। কিন্তু অনেক দেৰি হৈ গৈছে যে।
থানাত বহি কথাটো ক'লে ৰিয়াৰ মাক দেউতাকক। কিন্তু অনেক দেৰি হৈ গ'লেও সি তাৰ পাপৰ প্ৰাশ্চিত্য। কৰিব বিচাৰে।সি কৈ উঠিল “সিদিনা অলপ বেছি ড্ৰিন্ক কৰি পেলাইছিলো উভতি অহাৰ পথত মই ৰিয়াক চুমা খাব ৰিচাৰিলো ও তাই নিদিলে নিচাটো ভালেই হৈছিল সিদিনা। চুমা খাবলৈ নিদিয়াত তেওঁৰ সন্মুখত নিজকে লজ্জিত বুলি অনুভৱ হৈছিল,খং উঠি গ'ল।মই থাকিব নোৱাৰি জোৰ কৰিব ধৰিলো,তেওঁ বাধা দিয়াৰ চেষ্টা কৰিছিল । কিন্তু মই শুনা নাছিলোঁ। মই ভাবিছিলো তেওঁৰ শৰীৰটো মোৰ পৈত্ৰিক সম্পত্তি। তেওঁ বাধা দিয়াৰ কোন? তেওঁক জোৰ কৰিব গৈয়েই মই মোৰ গাড়ীৰ নিয়ন্ত্ৰণটো হেৰাও আৰু গাড়ীৰ গতিবেগ দেখি ঝাপ মাৰি দিওঁ।তেতিয়াই দুৰ্ঘটনাত ৰিয়াৰ মৃত্যু হয় বুলি কৈ কিছু সময়ৰ বাবে থমকিল ৰাজু।“ভাবি আছে পাঁচ বছৰ পিছত আকৌ কিয় এইবিলাক কৈছোঁ? হয়তো কালিৰ ঘটনাৰ পিছৰ পৰা মোৰ মাথা গৰম হৈ গৈছে। নহয় সেইটো নহয়, আচলতে সেইবাৰ মোৰ কোনো শাস্তি হোৱা নাই। কিবা হোৱাৰ আগতেইতো........। কিন্তু কালি নৰপশুহঁতে ধৰ্ষণ কৰি মাৰি পেলালে,খুবেই খং উঠিছিল। এজনী ফুলৰ দৰে ছোৱালীক নৰপশুহঁতে .......কৈ কৈ কান্দি দিলে।কালি ৰাতি ঠিক কৰিলোঁ,গোটেই কেইজন নৰপশু ৰূপী ধৰ্ষণকাৰীক তেতিয়াই সিহঁতে উচিত শিক্ষা পাব আৰু যেতিয়া শাস্তিৰ বাবে ঠিক কৰিলোঁ তেতিয়াই মোৰ মগজুত মো নিজৰ নামটো প্ৰথম শাৰীত আহিল।”
✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
জুৰীয়া, নগাঁও (অসম)
🔴জাৰ সন্ধিয়া জুই
"ঐ জ্বলিল ঐ জ্বলিল।চাৰিআলিত দোকান জ্বলিল।" থিয়েটাৰ চলি থকাৰ মাজতে টিকেট কাউণ্টাৰত বহি থকা কোনোবাই চিঞঁৰি চিঞৰি চাৰিআলি ফালে দৌৰি যোৱাৰ দেখি গোপালে গেটৰ সন্মুখত বহি থকা লৰাদুটাক গেট খন খুলি দিবলৈ কৈ চাৰিআলি ফালে বেগেৰে দৌৰিবলৈ ধৰিলে। ঘটনা স্থলীত উপস্থিত থকা মানুহ বোৰে যিয়ে যি পাইছে ওচৰতে তাকে লৈ জ্বলি থকা জুইকোৰা নুমুৱাবলৈ চেষ্টা কৰা দেখা গল।সুনীলহঁতৰ দোকানৰ বস্তুবোৰ সকলোৱে ৰাস্তাৰ কাষৰলৈ ওলাই দলিয়াব জুই পৰা বচাবলৈ চেষ্টা কৰিলে।
ধনটি,পবিত্ৰহতে অলেখ স্বপ্ন বুকুত বান্ধি এটকা দুটকা কৈ সাঁচি ৰখা ধনৰ লগত মাইক্ৰফাইনেঞ্চৰ পৰা কিছু টকা ঋণ লৈ এখন দোকান দি কোনোমতে পৰিয়ালটিক দুবেলা দুমুঠি অন্ন যোগান ধৰি আছিল। দাও দাও কৈ সন্মুখতে জ্বলি ছাই হোৱা দোকানখন দেখি সিহঁতৰ মুখৰ পৰা যেন বাকদেৱীয়ে মাত কাঢ়ি নিছিল। হৃদয়খন ভাঙি চূড়মাৰ হৈছিল যেতিয়া সন্মুখত জ্বলি থকা দোকান খনে এখন শ্মশান ঘাটলৈ ৰূপ লৈছিল। অস্থিৰ মনটোক কোনোমতে শান্ত কৰি নেদেখা জনক প্ৰাৰ্থনা জনালে-- "হে ভগৱান, সত্যক স্বীকাৰ কৰিবলৈ আমাক অলপ শক্তি দিয়া।"
©ৰাহুল চেতিয়া
উক্ত অনুগল্পটি বাস্তৱ ঘটনাক লৈ লিখা হৈছে।
🔴বৃদ্ধাশ্ৰমত মাকৰ অশ্ৰুসিক্ত নয়ন:
শৈশৱ কালত মাকৰ কোলাত আশ্ৰয় লোৱা উচ্চ পদবীৰ অধিকাৰী মানুহজনৰ মাক আজিকালি বৃদ্ধাশ্ৰমত থাকে!!
লেখকঃ সমুজ্জ্বল ডেকা, ৰঙিয়া
🔴প্ৰতীক্ষা:
অলেখ স্বপ্ন বুকুত বান্ধি এখন সুখৰ সংসাৰ গঢ়াৰ প্ৰস্তুতিৰে ফুল-শয্যাৰ ৰাতি স্বামী বেদান্তৰ প্ৰতীক্ষাত থকা অনুৰূপাৰ হৃদয়খন ভাঙি চূড়মাৰ হৈছিল যেতিয়া মাতাল বেদান্তই প্ৰৱেশ কৰিছিল শোৱা-কোঠাত। অস্থিৰ খোজেৰে অহা বেদান্তই তাইক মাথোঁ কৈছিল--"তুমি শুই যোৱা অনুৰূপা, মোক সময় দিয়া--।"
পুৱা নিহাৰিকাৰ ফটোখন বুকুত সাৱটি চোফাতে শুই পৰা বেদান্তলৈ চাই তাইৰ বিতৃষ্ণাৰ পৰিৱৰ্তে মৰম ওপজিছিল।প্ৰথমা পত্নীৰ স্মৃতি পাহৰিব নোৱাৰা বেদান্তক বলেৰে পুনৰ বিয়াত বহিবলৈ বাধ্য কৰোৱা মাক-দেউতাকলৈহে তাইৰ খং উঠিছিল। বৈ অহা চকুপানীবোৰ মোহাৰি তাই মনতে ভাবিলে--তাই আৰু প্ৰতীক্ষা কৰিব বেদান্তৰ বাবে--।
✍️ ৰাজ ৰাহুল
🔴অপ্ৰকাশ:
কি অ' তৰা তোৰ ল'ৰা অঞ্জন দেখোন আজি স্কুললৈ যোৱা নাই।
ছাৰ, সিটো আজি স্কুল নাইবুলি কৈ ৰাতিপুৱাই জালখন আৰু বৰশীটো লৈ ওলাই গ'ল।
ঠিকেই মাছুৱৈৰ ল'ৰা মাছুৱৈয়ে হ'ব। পঢ়া-শুনা কৰি ডাক্তৰ, ইঞ্জিনীয়াৰটো নহয়। বিদ্ৰুপৰ হাঁহি এটি মাৰি কথাকেইষাৰ কৈ গ'ল হেড্ ছাৰে।
কাগজেৰে নুৰিয়াই অনা চাদৰ আৰু ব্লাউজৰ টোপোলাটো মাকৰ হাতত গুজি দিওঁতেই মাকে তাক ফলা খৰিৰে উধাই-মুধাই মৰিয়াই অবাইচ মাতেৰে থকাসৰকা কৰিলে।
সিটো মাকক ক'ব নোৱাৰে সিদিনা ফটা ব্লাউজ আৰু ফিচিকিযোৱা চাদৰখনৰ মাজেৰে জিলিকি থকা মঙহটুকুৰালৈ হেড্ ছাৰে ভোকাতুৰ বাঘৰদৰে চাই আছিল বুলি--।
✍️চিত্ৰলেখা মহন্ত। গুৱাহাটী।
🔴 কবিতা শিতান:
(১)
🔸প্ৰাপ্যৰ ঠিকনাৰে:
. ✍️ ৰাজ ৰাহুল
অনুভৱ নকৰোঁতুমি নাই বুলিসন্দিহানো নহওঁতোমাৰ অনুপস্থিতিতঅসুখী হ'ম বুলি--।জানা,ভাল লগা--বেয়া লগা চিন্তাবোৰগৌণ হৈ গ'ল মোৰ বাবে।খাই-বৈ জীয়াই আছোঁখাবলৈ নহয়,যি পাওঁ তাকে লৈসন্তুষ্টিৰ সৰগ ৰচোঁপাবলৈ নহয়।মৰীচিকা কিয় খেদিম ?সপোন নেদেখোঁ,বাস্তৱৰ মুখামুখি হ'বলৈ--কুণ্ঠিতও নহওঁ--!অলৌ গুটি টলৌ গুটি খেলিকিয় পাৰ কৰিম অমূল্য সময় ?ক্ষণস্থায়ী জীৱনকোন কাৰ আপোন ?তোমাৰ অবৰ্তমানতোজীয়াইতো থাকিব লাগিব !তুমি সুখী নে দুখীজানিবলৈও নিবিচাৰোঁ,জানাই দেখোনমই কিমান প্ৰেকটিকেল,গতিকে প্ৰশ্নই নাহেঅসুখী হোৱাৰ--।জানো--কেনেকৈ সুখী হ'ব লাগেজানো--কেনেকৈ জীয়াই থাকিব লাগে--প্ৰাপ্তিৰ ঠিকনাৰে...।
(২)
🔸অ সময়,তুমি সাৰে থাকিবা ৰ'দৰ চোতালত :
জীৱন বৃত্তৰ কক্ষপথৰ মাজেদিসুখ ,দুখ সংঘাতৰ একা বেকা বাটেৰে আৰু এটা বছৰ পাৰ হৈ গুছি গল ,পুৰণিক বিদায় দি নতুনৰ পম খেদি পোৱা ,নোপোৱাৰ খতিয়ানেৰে ।আকৌ নতুন সপোন বোৰ উজাই আহিব সঁঞ্চিত আশা বোৰে জকমকাই ফুলি উঠিব ভবিষ্যতৰ বুকুত ।নিৰাশাৰে পাৰ হোৱা অতীত বোৰত যদিও বা লুকাই আছিল বাস্তৱৰ পদাঘাত, তথাপিও আশাবাদী সকলো অমানিশা খেদি আহিব নতুন প্ৰভাত ।এচেৰেঙা তেজাল ৰ'দে পৃথিৱী উমাল কৰিব ।যন্তণাত পংগু হোৱা হৃদয়বিলাক নকৈ ঠন ধৰি উঠিব ।সাৰ্থক সপোনৰ গোপন হাঁহি মাৰি নতুন প্ৰত্যাশাৰে নতুন দিনবোৰত জীৱনক সফলতাৰে ওমলাব ।নতুন সময়ে আহি ৰ'দৰ চোতাল খন উমাল কৰি তুলিব ।
✍️হীৰামনি লাহন ।
(৩)
🔸এই জীৱন
বুকুৱেদি কান্দোন এটা উজাই আহে
কান্দিব নোৱাৰা এটা কান্দোন
যেন বধিৰ কৰি পেলোৱা এই সময়
আপুনি এদিন অতীত হব
আপুনি এদিন আপোনাৰ হৈ নাথাকিব
আপুনি আপোনাৰ নোহোৱাটোৱেই যে বিষাদ
আজি যে এৰাব নোৱাৰা ব্যস্ততাৰ এই জীৱন
ভালপোৱাৰ স্বাৰ্থতেই গভীৰ হয় ভালপোৱা
ব্যস্ততাৰ অজুহাততেই হেৰাই ঠিকনাবোৰ
আৰু এবোজা দুখৰ খৰিকাজাই
তথাপিও,
বুকুৱেদি উজাই আহে কান্দোন
আৰু সপোন এটাৰ পম খেদি
অৱশেষত বুকুতেই ৰয় থমকি
বেলি লহিওৱাৰ পৰতো
অপেক্ষাৰত এই জীৱন
শাশ্বত ভালপোৱাৰ দৰেই ..... !
🔸 স্বাগতম নৱবৰ্ষ
স্বাগতম নৱবর্ষ |
নিশাৰ আৱৰণ ফালি ওলাই আহে ৰঙা বেলি
স্বাগতম জনাই নতুন দিন এটি ,
পশ্চিম আকাশত যেতিয়া যায় ডুবি
দি যায় নৱ প্ৰভাতক আদৰাৰ প্ৰতিশ্ৰুতি ।
গছ-লতাইও পুৰণি পাতক বিদায় দিয়ে
লঠঙা গছত নকৈ কুঁহিপাত মেলে,
নতুন আশাৰ বন্তি গছি উঠিছে উজ্জ্বলি
এইবেলি নৱবৰ্ষই আনিব সুখৰ বাতৰি।
স্বাগতম স্বাগতম হে নৱবৰ্ষ তোমাক স্বাগতম
পাৰ হোৱা ক্ষণবোৰলৈ নাচাওঁ উভতি,
আহিছে নৱবৰ্ষ ২০২৩ ল'ম আকোঁৱালি ।
স্বাগতম, স্বাগতম হে নৱবৰ্ষ আলোকৰ সন্ধানী
নতুন যুগৰ তুমি হ'বা অতন্দ্ৰ প্ৰহৰি,
সৰু-বৰ বিচাৰ নহ'ব আজি পৃথিৱী হ'ব যে সমন্বয়ৰ বাকৰি ।
হে নৱবৰ্ষ তোমাক স্বাগতম
নৱ প্ৰজন্মৰ তুমিয়েই সপোন ,
সুখ দুখ মানৱ জীৱনৰ লগৰী,
নতুন পুৰুষৰ সফলতাৰ জখলা হোৱা তুমি ।
ৰামধেনুৰ সাতোৰঙেৰে ৰঙীন কৰি
ধৰণীক সজাবা পাটগাভৰু কৰি,
নকৰিবা মৃৎ শিল্প মৃন্ময়ৰ প্ৰতিমূৰ্তি ।
সময়ৰ বোকোচাত বছৰ হয় সলনি
আহে নৱবৰ্ষ নতুন পৰিকল্পনালৈ ,
স্বাগতম,স্বাগতম হে নৱবৰ্ষ তোমাক স্বাগতম
তুমিয়েই আনিবা সত্য,অহিংস, পৱিত্ৰ বাণী।
সদ্যোজাত সময়ৰ খৰস্ৰোতত
উটুৱাম হেৰোৱা দিনৰ ভাল-বেয়া স্মৃতি,
আশাভৰা জীৱনৰ সেন্দুৰীয়া আলি
হেঁপাহৰে নৱবৰ্ষক ল'ম আকোঁৱালি ।
আকাশৰ সীমাত লীন যায় সূৰযৰ ৰেঙনি
পুৱাতেই উদয় হয় প্ৰতিশ্ৰুতি ৰাখি,
বছৰৰ শেষত জীৱনৰ দুখ দুৰ্দশা নাশী,
আকৌ আহে নৱবৰ্ষ আলোক সন্ধানী হৈ ।
স্বাগতম, স্বাগতম হে নৱবৰ্ষ স্বাগতম তোমাক
বিগত বছৰৰ অমানিশা আঁতৰাই,
সুখ-সমৃদ্ধি , আনন্দ -উল্লাস দিয়া উপচাই
সুগন্ধি সুবাস চৌদিশে দিয়া ছটিয়াই ।
সময়ৰ সোঁতত হেৰাই যায় এটি বছৰ
হৃদয়ৰ বৰপেৰাত সাঁচি থয় মাথো স্মৃতিবোৰ,
নতুন সুৰুযৰ নৱপ্ৰভাতৰ আলোকেৰে
জনালোঁ স্বাগতম নৱবৰ্ষক হেঁপাহৰে ।
🔸জীৱন
(৬)
🔸নৱবৰ্ষ তোমাক স্বাগতম:
নৱবৰ্ষ তোমাক স্বাগতম
নতুন আশা ,
নতুন হেপাঁহ ,
নতুন উদ্যমেৰে
উজ্জীৱিত হোৱা ,
পূব আকাশৰ প্ৰভাতী কিৰণে
তোমাৰ চৌপাশ উজ্বলাই তোলা ।
নববৰ্ষ , তুমিয়ে নাশিবা তিমিৰ তমসা
তুমিয়ে বিলাবা শান্তি - সমৃদ্ধিৰ বতৰা ।
কঠিন সময়বোৰ সৰল কৰি
সুখময় কৰা আমাৰ জীৱনটি ।
অতীত এতিয়া মাঁথো স্মৃতি
নতুন আশাবোৰে ভৱিষ্যতলৈ মেলে ঢাপলি
তুমিয়েই দিবা এমুঠি সহাঁৰি।
ক'ৰবাত থমকি ৰয় আমাৰ জীৱন
তথাপিও সলনি নহয় প্ৰকৃতিৰ নিয়ম ।
✍️কাকলি দত্ত ।
দশম শ্ৰেণী
ধেমাজি (মাছখোৱা)
---------*-----------*-----------*----------*---------*--------*----
(৭)
🔸 মোৰ আই এগৰাকী বীৰ যুদ্ধা
নীৰাজিতা কোঁৱৰ চুতীয়া
ঢকুৱাখনা, লখিমপুৰ
মোৰ আই এগৰাকী বীৰ যুদ্ধা
মুখত আছে কুলিৰ মাত
চকুত আছে তৰাৰ হাঁহি
কেতিয়াবা বৈ যায়
দুচকুৱে পানী।
তথাপি মোৰ আই এগৰাকী বীৰ যুদ্ধা।
কলদিলীয়া খোপাৰ ওৰুণি লৈ
হৰি নামঘৰত বন্তি জ্বলাই,
দুয়োহাতে আজোঁৰে পেটৰ ভাত,
হাতত ত্ৰিৰঙ্গা লৈ
হয় শ্বহীদৰ গৰাকী
বীৰাঙ্গনা ত্যাগিনী।
মোৰ আই এগৰাকী বীৰ যুদ্ধা
প্ৰতিটো খোজে দিয়ে প্ৰেৰণা
প্ৰতিভাবোৰ তুমি বিকশাই তোলা।
জ্ঞানবোৰ বিলাই দিয়াৰ
কলমেৰে জেউতি বিলোৱা
মোৰ আই এগৰাকী বীৰ যুদ্ধা।
(৮)
🔸জীৱনৰ ৰং
নৈৰ সোঁতত জাবৰৰ
দৰে ভাহি গ'ল সপোনৰ
নাওখন বঠা খন পানীতে
ঠিকনাবিহীন হ'ল ।
ৰৈ যোৱা সপোন বোৰ
ব্যৰ্থতাৰ নদীত ডুব গ'ল
মাথোঁ ৰৈ গ'ল হাতৰ
মুঠিত গুজি লোৱা
অনিশ্চিতাৰ ফুলপাহ
যাৰ ৰং অসীম বাটতে
অদৃশ্য হ'ল ।
✍️ হীৰক কলিতা
(৯)
🔸 বন-বননিৰ ফুল
শিক্ষক (গণিত বিভাগ)।
তোমালোকে মোক চিনি নাপাবা।
সুউচ্চ প্ৰেৰক-যন্ত্ৰ এটাৰ কাষৰ
অটব্য অৰণ্য এখনত ফুলা
মই এক বন-বননিৰ ফুল।
মই কাৰো পৰিচিত নহওঁ
কোনেও নাজানে মোৰ নামটোনো কি
অথবা মই কেনে প্ৰকাৰৰ ফুল।
মই এক নামহীন ফুল
অৰণ্যতে সাজিছো মোৰ ঘৰ
সেয়ে নহওঁ মই কাৰো পৰিচিত
কোনেও নাজানে মইনো কৰো কি।
মই এবিধ অতি সাধাৰণ ফুল
এঘণ্টা ধৰি মই ফুলি আছো
আৰু অকণমান সৌৰভ বিলাইছো
কিন্তু তাৰ গোন্ধ ল'বলৈ ইয়াত কোনো নাই।
দুৰ্ভাগ্যবশতঃ মোৰ কোনো ৰূপ-লাৱণ্য নাই
নাই কোনো সৌন্দৰ্য সুষমা
আনৰ দৃষ্টিত মই আকৰ্ষিতও নহওঁ
তথাপি মই মোৰ কৰ্ত্তব্য কৰি গৈ আছো।
অৰণ্যত মোৰ ঘৰৰ কাষত
বহুতো বনৰীয়া চৰাই আৰু জন্তু আছে
সিহঁত সদায় মোৰ চৌকাষে চৰি ফুৰে
তাৰে কোনোবাটোৱে কেতিয়াবা
মোৰ সুৰভিৰ গোন্ধ লয়
কিন্তু ইয়াৰ মৰ্ম বুজিবলৈ ই অক্ষম।
মই সদায় অৰণ্যতেই ফুলো
আৰু অৰণ্যতেই মৰহি যাওঁ
এতিয়া মই মানুহৰ আগচোতালৰ বাগিচাত
ফুলিবলৈ নিজকে সংগ্ৰাম কৰিছো।
নাজানো, মোৰ আশা পূৰ্ণ হয়নে নহয়
কিয়নো মই এক বন-বননিৰ ফুল।।
কবিতাটি ২০১৮ চনত এটি সাক্ষাৎকাৰত আকাশবাণী নগাঁও কেন্দ্রত পঠিত।
মোবাইল: ৬০০২৭১৯৭৫৭
Post a Comment (0)