Showing posts with label দ্বিতীয় সংখ্যা. Show all posts
Showing posts with label দ্বিতীয় সংখ্যা. Show all posts

Tuesday, January 10, 2023

দ্বিতীয় বছৰ🔸জানুৱাৰী মাহ🔸দ্বিতীয় সংখ্যা

দ্বিতীয় বছৰ🔸জানুৱাৰী মাহ🔸দ্বিতীয় সংখ্যা




ম্পাদকীয়,


      ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ ২২ তাৰিখে ধেমাজি জিলাৰ অন্তৰ্গত নিলখপুৰ গাৱৰ উদ্যমী যুৱক শ্ৰীৰাহুল চেতিয়াৰ আশাশুধীয়া প্ৰচেষ্টাত জন্ম লাভ কৰা ধেমাজি জিলাৰ পৰা  প্ৰকাশিত অসমৰ প্ৰথমখন সাপ্তাহিক ই আলোচনী 'জোনাকী'য়ে  দ্বিতীয় বছৰ গৰকিলে।  এই শুভ ক্ষণত লেখক - পঢ়ুৱৈ সমন্বিতে শ্ৰদ্ধাসূলভ অভিনন্দন যাঁচিছো সেইসকললৈ , যিসকলৰ নিৰংকুশ প্ৰয়াসে আজি পৰ্যন্ত আমাৰ মৰমৰ আলোচনীখনৰ ধাৰাবাহিকতা ৰক্ষাত অৰিহণা যোগালে । অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা , প্ৰচাৰ আৰু প্ৰসাৰত বিন্দুমাত্ৰ সহযোগিতা আগবঢ়াবলৈ আমাৰ নেতৃত্বত জোনাকী পৰিয়ালবৰ্গই কৰা প্ৰচেষ্টা যথাৰ্থতে সৰ্বাংগসুন্দৰ হওক । লেখক-পঢ়ুৱৈৰ মাজত যোগসূত্ৰ স্থাপনেৰে এই জয়যাত্ৰা অব্যাহত ৰাখিব পৰাকৈ নেদেখাজনে সদৌটিকে কুশলে ৰাখক । বিগত বছৰটোত আলোচনীখনৰ বিভিন্ন দিশত অজানিতে ৰৈ যোৱা ভুল-ত্ৰুটি শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আমি সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰাৰ প্ৰতিশ্ৰুতিৰে...
সাহিত্যৰ পথাৰৰ সকলো সৃষ্টিৰ সফলতা নিৰ্ভৰ কৰে পঢ়ুৱৈৰ সহাৰিৰ ওপৰত। "জোনাকী "আলোচনীক জনপ্ৰিয় কৰি তোলা প্ৰতিজন পঢ়ুৱৈক সেয়েহে জনাইছোঁ আন্তৰিক ধন্যবাদ।

সদৌশেষত, সদৌটিলৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনাইছো আৰু অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰুটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ "জোনাকী"ৰ দ্বিতীয় বৰ্ষৰ প্ৰথম মাহৰ দ্বিতীয় সংখ্যাটি বিশেষ সংখ্যা ৰূপে আগ্ৰহেৰে আগবঢ়াই দিলোঁ।


🔴অনুগল্প শিতান:

🔸কৰ্মফল:

“মোক পাৰিলে ক্ষমা কৰিব আপোনালোকে”- চকু ভৰ্তি পানী- অনুশোচনা লৈ হাতযোৰ কৰি কথাটো ক'লে ৰাজুয়ে। তেওঁৰ আজি নিজৰ ওপৰত খুবেই ঘৃণা লাগিছে, আজি হয়তো তেওঁ বুজিব পাৰিছে সি কিমান নীচু মানৰ,সি বুজিব পাৰিছে কোনো প্ৰিয় জনক হেৰুওৱাৰ কষ্টটো। আজি হয়তো সি বুজিব পাৰিছে “নহয়” কথাটোৰ মানে। কিন্তু অনেক দেৰি হৈ গৈছে যে।


            থানাত বহি কথাটো ক'লে ৰিয়াৰ মাক দেউতাকক। কিন্তু অনেক দেৰি হৈ গ'লেও  সি তাৰ পাপৰ প্ৰাশ্চিত্য। কৰিব বিচাৰে।সি কৈ উঠিল “সিদিনা অলপ বেছি ড্ৰিন্ক কৰি পেলাইছিলো উভতি অহাৰ পথত মই ৰিয়াক চুমা খাব ৰিচাৰিলো ও তাই নিদিলে নিচাটো ভালেই হৈছিল সিদিনা। চুমা খাবলৈ নিদিয়াত তেওঁৰ সন্মুখত নিজকে লজ্জিত বুলি অনুভৱ হৈছিল,খং উঠি গ'ল।মই থাকিব নোৱাৰি জোৰ কৰিব ধৰিলো,তেওঁ বাধা দিয়াৰ চেষ্টা কৰিছিল । কিন্তু মই শুনা নাছিলোঁ। মই ভাবিছিলো তেওঁৰ শৰীৰটো মোৰ পৈত্ৰিক সম্পত্তি। তেওঁ বাধা দিয়াৰ কোন? তেওঁক জোৰ কৰিব গৈয়েই মই মোৰ গাড়ীৰ নিয়ন্ত্ৰণটো হেৰাও আৰু গাড়ীৰ গতিবেগ দেখি ঝাপ মাৰি দিওঁ।তেতিয়াই দুৰ্ঘটনাত ৰিয়াৰ মৃত্যু হয় বুলি কৈ কিছু সময়ৰ বাবে থমকিল ৰাজু।“ভাবি আছে পাঁচ বছৰ পিছত  আকৌ কিয় এইবিলাক কৈছোঁ? হয়তো কালিৰ ঘটনাৰ পিছৰ পৰা মোৰ মাথা গৰম হৈ গৈছে। নহয় সেইটো নহয়, আচলতে সেইবাৰ মোৰ কোনো শাস্তি হোৱা নাই। কিবা হোৱাৰ আগতেইতো........। কিন্তু কালি নৰপশুহঁতে ধৰ্ষণ কৰি মাৰি পেলালে,খুবেই খং উঠিছিল। এজনী ফুলৰ দৰে ছোৱালীক নৰপশুহঁতে .......কৈ কৈ কান্দি দিলে।কালি ৰাতি ঠিক কৰিলোঁ,গোটেই কেইজন নৰপশু ৰূপী ধৰ্ষণকাৰীক তেতিয়াই সিহঁতে উচিত শিক্ষা পাব আৰু যেতিয়া শাস্তিৰ বাবে ঠিক কৰিলোঁ তেতিয়াই মোৰ মগজুত মো নিজৰ নামটো প্ৰথম শাৰীত আহিল।”


         ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।

           জুৰীয়া, নগাঁও (অসম)


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...