Tuesday, January 10, 2023

মোৰ কবিতাৰ ছন্দ বিচাৰি:মনোৱাৰ হুছেইন

 🔴মোৰ কবিতাৰ ছন্দ বিচাৰি
                      ✍️মনোৱাৰ হুছেইন




দিন বাগৰি আজি বহু দিনেই হ'ল


সেই বাবেই ছাগে আমনি কৰিব লৈছে মনটোয়ে !


আজিও মন যায়


সন্ধিয়া পৰত সেউজী উদ্যানত বহিবলৈ ;


ডুব যাৰ খোজা বেলিৰ হেঙুলীয়া ৰঙ


তোমাৰ গালত বুলাবলৈ;


মৰমৰ কথাৰে


ভাগৰুৱা জীৱনৰ উপন্যাসৰ প্ৰতিটো শব্দ বুজাবলৈ ।


বৰফৰ দৰেই আজি


শব্দবোৰ গোট মাৰিছে হৃদয়ত,


হাঁহিবোৰ ফুটি উঠা নাই দুটি ওঠত !


মন মোৰ সঘনাই পাখি মেলে তোমালৈ


তোমাৰ সৈতে নিজানত ৰহিৰলৈ ;


হেৰুৱা গানৰ সুৰ বিচাৰিবলৈ,


আধৰুৱা কবিতাৰ ছন্দ মিলাবলৈ !!

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...