Showing posts with label মনোৱাৰ হুছেইন. Show all posts
Showing posts with label মনোৱাৰ হুছেইন. Show all posts

Tuesday, January 10, 2023

মোৰ কবিতাৰ ছন্দ বিচাৰি:মনোৱাৰ হুছেইন

 🔴মোৰ কবিতাৰ ছন্দ বিচাৰি
                      ✍️মনোৱাৰ হুছেইন




দিন বাগৰি আজি বহু দিনেই হ'ল


সেই বাবেই ছাগে আমনি কৰিব লৈছে মনটোয়ে !


আজিও মন যায়


সন্ধিয়া পৰত সেউজী উদ্যানত বহিবলৈ ;


ডুব যাৰ খোজা বেলিৰ হেঙুলীয়া ৰঙ


তোমাৰ গালত বুলাবলৈ;


মৰমৰ কথাৰে


ভাগৰুৱা জীৱনৰ উপন্যাসৰ প্ৰতিটো শব্দ বুজাবলৈ ।


বৰফৰ দৰেই আজি


শব্দবোৰ গোট মাৰিছে হৃদয়ত,


হাঁহিবোৰ ফুটি উঠা নাই দুটি ওঠত !


মন মোৰ সঘনাই পাখি মেলে তোমালৈ


তোমাৰ সৈতে নিজানত ৰহিৰলৈ ;


হেৰুৱা গানৰ সুৰ বিচাৰিবলৈ,


আধৰুৱা কবিতাৰ ছন্দ মিলাবলৈ !!

Tuesday, January 03, 2023

এটি হাঁহিৰে

 🔴এটি হাঁহিৰে

            মনোৱাৰ হুছেইন

শীতৰ বতৰ যে

চৌপাশ খৰাং খৰাং ;

ফাটিছে গাল আৰু ওঁঠযুৰি

স্থবিৰ বতৰ; ৰৈছে গুমটামাৰি

জলবায়ুৰ আদ্ৰতাই শুষ্কতা সানিলে

মোৰ কলমৰ চিয়াঁহীত,

শব্দৰ ভড়াল জাঁহ যাবহি

মোৰ চৰম হেমাহিত !

পাৰোনে আজি

এটি হাঁহিৰে, মনক জীপাল কৰিবলৈ,

বিষাদবোৰ পাহৰি অতীতক বিদায় দিবলৈ;

পাৰোনে এটি হাঁহিৰে

সুখৰ আশাৰে নতুনক আকোঁৱালিবলৈ

পাৰোনে এটি হাঁহিৰে

দুখবোৰ মচিবলৈ;

বন্ধুত্ত্বৰ এনাজৰী ডাল দৃঢ় কৰিবলৈ;

হৃদ‌য়ত প্ৰেমৰ জোৱাৰ আনিবলৈ !!

হাঁহি যেন এক সুলভ অস্ত্ৰ

ভাঙিবলৈ সম্পৰ্কৰ জড়তা,

আঁতৰাবলৈ মনৰ নীৰৱতা,

বুজাবলৈ জীৱনৰ মহত্ত্বতা,

বিলাবলৈ প্ৰেমৰ মাদকতা,

লিখিবলৈ শব্দৰে ভৰা কবিতা ।।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...