Tuesday, January 03, 2023

এটি হাঁহিৰে

 🔴এটি হাঁহিৰে

            মনোৱাৰ হুছেইন

শীতৰ বতৰ যে

চৌপাশ খৰাং খৰাং ;

ফাটিছে গাল আৰু ওঁঠযুৰি

স্থবিৰ বতৰ; ৰৈছে গুমটামাৰি

জলবায়ুৰ আদ্ৰতাই শুষ্কতা সানিলে

মোৰ কলমৰ চিয়াঁহীত,

শব্দৰ ভড়াল জাঁহ যাবহি

মোৰ চৰম হেমাহিত !

পাৰোনে আজি

এটি হাঁহিৰে, মনক জীপাল কৰিবলৈ,

বিষাদবোৰ পাহৰি অতীতক বিদায় দিবলৈ;

পাৰোনে এটি হাঁহিৰে

সুখৰ আশাৰে নতুনক আকোঁৱালিবলৈ

পাৰোনে এটি হাঁহিৰে

দুখবোৰ মচিবলৈ;

বন্ধুত্ত্বৰ এনাজৰী ডাল দৃঢ় কৰিবলৈ;

হৃদ‌য়ত প্ৰেমৰ জোৱাৰ আনিবলৈ !!

হাঁহি যেন এক সুলভ অস্ত্ৰ

ভাঙিবলৈ সম্পৰ্কৰ জড়তা,

আঁতৰাবলৈ মনৰ নীৰৱতা,

বুজাবলৈ জীৱনৰ মহত্ত্বতা,

বিলাবলৈ প্ৰেমৰ মাদকতা,

লিখিবলৈ শব্দৰে ভৰা কবিতা ।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...