Tuesday, January 03, 2023

এটি হাঁহিৰে

 🔴এটি হাঁহিৰে

            মনোৱাৰ হুছেইন

শীতৰ বতৰ যে

চৌপাশ খৰাং খৰাং ;

ফাটিছে গাল আৰু ওঁঠযুৰি

স্থবিৰ বতৰ; ৰৈছে গুমটামাৰি…

জলবায়ুৰ আদ্ৰতাই শুষ্কতা সানিলে

মোৰ কলমৰ চিয়াঁহীত,

শব্দৰ ভড়াল জাঁহ যাবহি

মোৰ চৰম হেমাহিত !

পাৰোনে আজি

এটি হাঁহিৰে, মনক জীপাল কৰিবলৈ,

বিষাদবোৰ পাহৰি অতীতক বিদায় দিবলৈ;

পাৰোনে এটি হাঁহিৰে

সুখৰ আশাৰে নতুনক আকোঁৱালিবলৈ …

পাৰোনে এটি হাঁহিৰে

দুখবোৰ মচিবলৈ;

বন্ধুত্ত্বৰ এনাজৰী ডাল দৃঢ় কৰিবলৈ;

হৃদ‌য়ত প্ৰেমৰ জোৱাৰ আনিবলৈ !!

হাঁহি যেন এক সুলভ অস্ত্ৰ

ভাঙিবলৈ সম্পৰ্কৰ জড়তা,

আঁতৰাবলৈ মনৰ নীৰৱতা,

বুজাবলৈ জীৱনৰ মহত্ত্বতা,

বিলাবলৈ প্ৰেমৰ মাদকতা,

লিখিবলৈ শব্দৰে ভৰা কবিতা ।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...