Tuesday, January 03, 2023

স্বাগতম নৱবৰ্ষ

🔸🔴স্বাগতম নৱবৰ্ষ

                      ✍️ জ্যোতিষ্মান চমুৱা

                    (লখিমপুৰ, ঢকুৱাখনা) 


স্বাগতম নৱবৰ্ষ আদৰিছো তোমাক 

আদৰিছো তোমাৰ স্মৃতিক 

বুকুত অলৌকিক সপোন লৈ 

পূৰণিক পাহৰি এক নতুনত্বৰ সুবাস

দেখাৰ মানসেৰে। 

এক নতুন পোহৰৰ ৰেঙণীৰ আশাত 

আদৰিছো তোমাক আদৰিছো তোমাৰ স্মৃতিক। 

হে' নৱবৰ্ষ পাহৰিব বিচাৰো মই 

পাহৰিব বিচাৰো সেই"

মহামাৰী  দিনবোৰৰ কথা। 

সমগ্র বিশ্বকে আতংকিত কৰা

মহামাৰী ৰূপ ধাৰণ কৰা 

কৰুণা কালৰ কথা। 

শূন্যতাৰে চৌদিশ সিক্ত কৰি পেলোৱা

বিশ্বৰ দৰবাৰত নিবিচাৰো  

শত জনৰ কান্দুনৰ ৰুল। 

অশ্ৰুৰ মুকুটাৰে বিশ্বক  নিচিহ্ন কৰা

উজাগৰী দিনবোৰৰ কথা। 

হে" নৱবৰ্ষ আদৰিছো তোমাক 

আদৰিছো তোমাৰ স্মৃতিক। 

দুচকুত সপোন লৈ 

উকা কাগজ পূর্ণ কৰিম

নতুন বছৰত নতুন দিগন্তত। 

আলোড়নেৰে সৃষ্ট পূৰণি কোলাহল পাহৰি

পূৰণি অনুকম্পা খেদি নতুন বছৰত নৱবৰ্ষত 

সাগৰ মথিম,ইতিহাস ৰচিম। 

নতুন প্ৰভাত নতুন চিন্তাৰে

নবিন প্ৰতিশ্ৰুতিৰে এই বিশ্বৰ দৰবাৰত

মৰীচিকা খেদিম। 

হে" নৱবৰ্ষ আদৰিছো তোমাক 

আদৰিছো তোমাৰ স্মৃতিক

পূৰণিক বিদায় দি আদৰণি জনাইছো তোমাক

সোণালী পোহৰে  কৰা যেন

শত জনৰ জীৱন জীপাল। 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...