Tuesday, January 03, 2023

নৱবৰ্ষৰ কথা

🔴নৱবৰ্ষৰ কথা

কাহানিও হ'ব জানোঁ পৰিৱৰ্তন

যদিহে নকৰোঁ নিজে? 

কত আহিছে কত গৈছে

কত আহিব কত যাব

আলসুৱা নৱবৰ্ষ। 


পণ লওঁ সৱেমিলি

নৱবৰ্ষৰ শুভক্ষণত 

কৰোঁ পৰিৱৰ্তন আপোনক

জগতৰ এলান্ধুৰ পৰা, 

কৰোঁ সংস্কাৰ 

কু-কৰ্ম আৰু কলুষিত হৃদয়ক

এই ৰঙীন ক্ষণত। 


সুখ শান্তিৰ বাণীৰে

থাকক মনবোৰ ভৰি,

বন্ধুত্বৰ শিকলিডাল

পৱিত্ৰ হওঁক শুভ্র নিয়ৰৰ দৰে

নিষ্প্ৰভ হৈ থকা আশাবোৰ 

কোমল কুঁহিপাত সদৃশ

ঠণ ধৰি উঠক। 


নতুনত্বৰ সন্ধান বিচাৰি

আহা আমি আগুৱাও

প্ৰতিটো প'ল প্ৰতিটো ক্ষণ

মানৱতাৰ জয়ধ্বনিৰে 

সুন্দৰৰ দলিচা পাৰি শান্তিৰ নিলয় বিচাৰি। 


সভ্যতাৰ ইতিহাসখনিৰ

যাত্রা  থাকক অব্যাহত

পুষ্পবোৰে সুগন্ধি ছটিয়াই

নাইকীয়া কৰক জগতৰ দুৰ্গন্ধ 

পূৰ্ণিমাৰ জোনাকৰ দৰে

জ্যোতিৰ্ময় হওঁক হৃদয়বোৰ।


পুনৰাবৃত্তি নহওঁক

অভিশপ্ত অতীতবোৰ, 

আহা আমি সৱে

এধাৰি অহিংসাৰ মালা পিন্ধি

কবৰস্থ কৰোঁ  হিংসাক

আনন্দৰ জোৱাৰে

ধুই-পখালি নিকা কৰক

জগতৰ বিষাদক। 


🔸বাহাৰুল ইছলাম (শিক্ষক) 

বালিজান, মৰিগাঁও

ম'বাইল-9101130649

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...