Showing posts with label বাহাৰুল ইছলাম. Show all posts
Showing posts with label বাহাৰুল ইছলাম. Show all posts

Tuesday, January 17, 2023

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা:বাহাৰুল ইছলাম

 🔸ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা


শিল্পী তুমি তিনিও কালৰ

অতীত, বৰ্তমান ও অনাগত ভৱিষ্যতৰ

বিয়পিছে যশস্যা চৌদিশে

কালজয়ী গীতবোৰে নিতৌ

কাঢ়ি নিয়ে মন-প্রাণ ।

অমিয়া গীত-মাতৰ সৈতে ৰচিছা

অনেক বিখ্যাত গ্ৰন্থ।


বিশ্ববিখ্যাত সংগীতেৰে

প্রকাশ কৰিছা জাতিৰ স্বৰূপ

প্রৱন্ধকাৰ,গল্পকাৰ, গীতি কবিতা

সাহিত্য চৰ্চাত মনোনিৱেশেৰে

বিশ্বৰ দৰবাৰত নিয়াৰ

শত-সহস্র প্রয়াস তোমাৰ।


দেশ সেৱাৰ সৈতে জনতাৰ সেৱা

কত মহান কৰ্মৰে আভা ছটিয়াই 

আজি অমৰ হৈ জিলিকিছা

মানৱতাৰ জয়ধ্বনিৰে

জিনিছা বিশ্বমানৱৰ হৃদয়। 


হে' ৰূপৰ কোঁৱৰ

জ্যোতি সানি আন্ধাৰক কৰিছা 

কবৰস্থ, 

সজাই গৈছা সংগীতৰ লয়েৰে

সূৰ্য উঠা স্বদেশৰ

নৱ নির্মাতা

বাটকটীয়া অসমীয়া চলচ্চিত্ৰ জগতৰ। 


সহস্ৰজনে কৰিছে অনুকৰণ

মধুৰ সুৰেৰে ,কাব্যিক ছন্দেৰে

অন্ধকাৰ সমাজত চৰাইছা জ্যোতি

বিপ্লৱী অভিনয়েৰে অন্যায়ক

বাৰে বাৰে কৰিছা লণ্ডভণ্ড।


অসমীয়া জাতিৰ কাণ্ডাৰী

সোণৰ অসম গঢ়াৰ

যাউতিযুগীয়া প্রয়াস

বাটকটীয়া সৰ্ব বিকাশৰ

ৰূপকোঁৱৰ তুমিয়েই জ্যোতিপ্রসাদ আগৰৱালা। 


বাহাৰুল ইছলাম (শিক্ষক)

Tuesday, January 03, 2023

নৱবৰ্ষৰ কথা

🔴নৱবৰ্ষৰ কথা

কাহানিও হ'ব জানোঁ পৰিৱৰ্তন

যদিহে নকৰোঁ নিজে? 

কত আহিছে কত গৈছে

কত আহিব কত যাব

আলসুৱা নৱবৰ্ষ। 


পণ লওঁ সৱেমিলি

নৱবৰ্ষৰ শুভক্ষণত 

কৰোঁ পৰিৱৰ্তন আপোনক

জগতৰ এলান্ধুৰ পৰা, 

কৰোঁ সংস্কাৰ 

কু-কৰ্ম আৰু কলুষিত হৃদয়ক

এই ৰঙীন ক্ষণত। 


সুখ শান্তিৰ বাণীৰে

থাকক মনবোৰ ভৰি,

বন্ধুত্বৰ শিকলিডাল

পৱিত্ৰ হওঁক শুভ্র নিয়ৰৰ দৰে

নিষ্প্ৰভ হৈ থকা আশাবোৰ 

কোমল কুঁহিপাত সদৃশ

ঠণ ধৰি উঠক। 


নতুনত্বৰ সন্ধান বিচাৰি

আহা আমি আগুৱাও

প্ৰতিটো প'ল প্ৰতিটো ক্ষণ

মানৱতাৰ জয়ধ্বনিৰে 

সুন্দৰৰ দলিচা পাৰি শান্তিৰ নিলয় বিচাৰি। 


সভ্যতাৰ ইতিহাসখনিৰ

যাত্রা  থাকক অব্যাহত

পুষ্পবোৰে সুগন্ধি ছটিয়াই

নাইকীয়া কৰক জগতৰ দুৰ্গন্ধ 

পূৰ্ণিমাৰ জোনাকৰ দৰে

জ্যোতিৰ্ময় হওঁক হৃদয়বোৰ।


পুনৰাবৃত্তি নহওঁক

অভিশপ্ত অতীতবোৰ, 

আহা আমি সৱে

এধাৰি অহিংসাৰ মালা পিন্ধি

কবৰস্থ কৰোঁ  হিংসাক

আনন্দৰ জোৱাৰে

ধুই-পখালি নিকা কৰক

জগতৰ বিষাদক। 


🔸বাহাৰুল ইছলাম (শিক্ষক) 

বালিজান, মৰিগাঁও

ম'বাইল-9101130649

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...