Tuesday, January 17, 2023

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা:বাহাৰুল ইছলাম

 🔸ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা


শিল্পী তুমি তিনিও কালৰ

অতীত, বৰ্তমান ও অনাগত ভৱিষ্যতৰ

বিয়পিছে যশস্যা চৌদিশে

কালজয়ী গীতবোৰে নিতৌ

কাঢ়ি নিয়ে মন-প্রাণ ।

অমিয়া গীত-মাতৰ সৈতে ৰচিছা

অনেক বিখ্যাত গ্ৰন্থ।


বিশ্ববিখ্যাত সংগীতেৰে

প্রকাশ কৰিছা জাতিৰ স্বৰূপ

প্রৱন্ধকাৰ,গল্পকাৰ, গীতি কবিতা

সাহিত্য চৰ্চাত মনোনিৱেশেৰে

বিশ্বৰ দৰবাৰত নিয়াৰ

শত-সহস্র প্রয়াস তোমাৰ।


দেশ সেৱাৰ সৈতে জনতাৰ সেৱা

কত মহান কৰ্মৰে আভা ছটিয়াই 

আজি অমৰ হৈ জিলিকিছা

মানৱতাৰ জয়ধ্বনিৰে

জিনিছা বিশ্বমানৱৰ হৃদয়। 


হে' ৰূপৰ কোঁৱৰ

জ্যোতি সানি আন্ধাৰক কৰিছা 

কবৰস্থ, 

সজাই গৈছা সংগীতৰ লয়েৰে

সূৰ্য উঠা স্বদেশৰ

নৱ নির্মাতা

বাটকটীয়া অসমীয়া চলচ্চিত্ৰ জগতৰ। 


সহস্ৰজনে কৰিছে অনুকৰণ

মধুৰ সুৰেৰে ,কাব্যিক ছন্দেৰে

অন্ধকাৰ সমাজত চৰাইছা জ্যোতি

বিপ্লৱী অভিনয়েৰে অন্যায়ক

বাৰে বাৰে কৰিছা লণ্ডভণ্ড।


অসমীয়া জাতিৰ কাণ্ডাৰী

সোণৰ অসম গঢ়াৰ

যাউতিযুগীয়া প্রয়াস

বাটকটীয়া সৰ্ব বিকাশৰ

ৰূপকোঁৱৰ তুমিয়েই জ্যোতিপ্রসাদ আগৰৱালা। 


বাহাৰুল ইছলাম (শিক্ষক)

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...