নীলা খামৰ চিঠি
নাজমিনা মজিদ
ধুবুৰী ।
প্ৰতি,
গোলাপ ভালপোৱা ল'ৰা জন । অতি হেঁপাহেৰে তোমালৈ চিঠি লিখো বুলি কলমটো হাতত ল'লো । আশা কৰোঁ কুশলে আছা । মোৰো বহুত ভাল জানা । বহাগ আহি পালেহি কুলিৰ মাত শুনিবলৈ পাইছোঁ । মনটো ভাল লাগি গ'ল । বহাগত লগ পালে বিহুৱান্ দিলো হয় *!* কিন্তু ব্যস্ত জীৱন । একো নাই দিয়া . . . তুমি তোমাৰ বাটেৰে আৰু মই মোৰ বাটেৰে আগবাঢ়ি গৈ থাকোঁ । এডাল সৰল ৰেখাৰ দৰে । জীৱন আৰু সংগ্ৰাম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি তুমিয়েই চোন সুন্দৰ এটা বাৰ্তা দিয়া যুৱসমাজক । সৎ পথত সঠিক ভাবে চলা ঈশ্বৰে নিশ্চয় মংগল কৰিব । কেতিয়াবা লগ পাম গ্ৰন্থ মেলাত নতুবা কোনো এখন বিপণিত কলম কিনোতে । কবিতা লিখিবলৈ কলমটোয়েই আমাৰ প্ৰেৰণাৰ উৎস নহয় জানো. . *!*
এদিন আহিবাচোন *!* সাহিত্যৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি দিম দুয়ো । আমাৰ শব্দৰ বৰষুণত তিতি বীজ গজালি ওলাব । আমাক যে কি ভাল লাগিব *!* নহয়নে ?? জানানে...আমাৰ ইয়াত ডেকা-গাভৰুৰ আখৰা চলিছে পেপাৰ মাত , ঢোলৰ ছেওঁ । সময় মিলিলে আমি কেতিয়াবা দ্বৈত কণ্ঠত কবিতা আবৃত্তি কৰিম হ'ব *!* *!তুমি যে সময় মিলাব পাৰিবা মোৰ কিন্তু বিশ্বাস নহয় অ'
আজিলৈ ইমানেই দেই । ভালে থাকা ঈশ্বৰে সকল মনোবাঞ্ছা পূৰণ কৰক তোমাৰ । প্ৰিয় ডাকোৱালে চিঠিখন তোমাৰ ঠিকনাত দি থৈ আহিব । ইতি,
কবিতাৰ প্ৰেয়সী
ঠিকনা:চিনাকি কলেজ ৰোড
সময়: এটি মায়াৱী সন্ধিয়া ।
No comments:
Post a Comment