প্ৰবন্ধ-
কিতাপ মই কিয় পঢ়ো ?
জ্ঞান লভিবৰ বাবেই কিতাপ পঢ়ো।জ্ঞানে মানুহক জীয়াই ৰাখিছে।জীৱনৰ , সংসাৰৰ জটিলতাক বুজিবলৈ মানুহক জ্ঞানৰ প্ৰয়োজন। জ্ঞান কিতাপৰ পাতত সঞ্চিত হৈ থাকে। যুগ যুগ ধৰি মানুহে লাভ কৰা অভিজ্ঞতা, জ্ঞান, সত্যানুসন্ধান সকলো কিতাপৰ পাতত থুপ খাই আছে। সেইবাবেই কিতাপ সকলোৰে শ্ৰদ্ধেয়।
পৃথিৱীত যিমানবোৰ ধৰ্মগ্ৰন্থ, দৰ্শনৰ কিতাপ, আত্মজীৱনী বা অন্যান্য বিষয়ৰ কিতাপ লিখা হৈছে – সকলোতে আছে অভিজ্ঞতা আৰু জীৱনমুখী চিন্তা,যি মানুহক ভবাই তোলে আৰু জীৱন - যাপনৰ সহজ , শুদ্ধ আৰু পবিত্ৰ পথৰ নিৰ্দেশ দিয়ে ।অতীজৰে পৰা আজিলৈকে কিতাপেই মানুহৰ সহৃদয়, শ্ৰেষ্ঠতম বন্ধু।কিতাপ সত্যৰ পোহৰ বিলোৱা কাহানিও নুণুমুৱা এক বন্তি।তাৰ পোহৰত ভাস্বত হৈ উঠে মানুহ,ভাস্বত হৈ থাকে জীৱন।কিতাপে মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে।জ্ঞানৰ পৰিসৰ বঢ়ায়।জীৱন - যাপনৰ মান উন্নত কৰে।শাসন কাৰ্য নিয়াৰিকৈ আৰু সত্যৰ আলোকত চলি থকাৰ বাবে কিতাপেই পথৰ সন্ধান দিয়ে।কিতাপ এখন নষ্ট কৰাটো মানুহ হত্যা কৰাতকৈ নিকৃষ্ট কাম।
নাম: পংকজ দিহিঙীয়া
শ্ৰেণী:একাদশ
স্কুল: শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়
যোগাযোগ নং:৯৩৬৫১২৫১৪৫
No comments:
Post a Comment