Showing posts with label পংকজ দিহিঙীয়া. Show all posts
Showing posts with label পংকজ দিহিঙীয়া. Show all posts

Wednesday, March 22, 2023

কিতাপ মই কিয় পঢ়োঁ?

 প্ৰবন্ধ-


      কিতাপ মই কিয়‌ পঢ়ো ?


       জ্ঞান লভিবৰ বাবেই কিতাপ পঢ়ো।জ্ঞানে মানুহক জীয়াই ৰাখিছে।জীৱনৰ , সংসাৰৰ জটিলতাক বুজিবলৈ মানুহক জ্ঞানৰ প্ৰয়োজন। জ্ঞান কিতাপৰ পাতত সঞ্চিত হৈ থাকে। যুগ যুগ ধৰি মানুহে লাভ কৰা অভিজ্ঞতা, জ্ঞান, সত্যানুসন্ধান সকলো কিতাপৰ পাতত থুপ খাই আছে। সেইবাবেই কিতাপ সকলোৰে শ্ৰদ্ধেয়।

 ‌

           পৃথিৱীত যিমানবোৰ ধৰ্মগ্ৰন্থ, দৰ্শনৰ কিতাপ, আত্মজীৱনী বা অন্যান্য বিষয়ৰ কিতাপ লিখা হৈছে – সকলোতে আছে অভিজ্ঞতা আৰু জীৱনমুখী চিন্তা,যি মানুহক ভবাই তোলে আৰু জীৱন - যাপনৰ সহজ , শুদ্ধ আৰু পবিত্ৰ পথৰ নিৰ্দেশ দিয়ে ।অতীজৰে পৰা আজিলৈকে কিতাপেই মানুহৰ সহৃদয়, শ্ৰেষ্ঠতম বন্ধু।কিতাপ সত্যৰ পোহৰ বিলোৱা কাহানিও নুণুমুৱা এক বন্তি।তাৰ পোহৰত ভাস্বত হৈ উঠে মানুহ,ভাস্বত হৈ থাকে জীৱন।কিতাপে মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে।জ্ঞানৰ পৰিসৰ বঢ়ায়।জীৱন - যাপনৰ মান উন্নত কৰে।শাসন কাৰ্য নিয়াৰিকৈ আৰু সত্যৰ আলোকত চলি থকাৰ বাবে কিতাপেই পথৰ  সন্ধান দিয়ে।কিতাপ এখন নষ্ট কৰাটো মানুহ হত্যা কৰাতকৈ নিকৃষ্ট কাম।



              নাম: পংকজ দিহিঙীয়া

               শ্ৰেণী:একাদশ

               স্কুল: শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়

               যোগাযোগ নং:৯৩৬৫১২৫১৪৫

Tuesday, March 07, 2023

ৰুগীয়াল পৃথিৱী:পংকজ দিহিঙীয়া

 প্ৰবন্ধ– ৰুগীয়াল পৃথিৱী



মই বেমাৰী হৈ পৰিছো।কোনেও গম নাইপোৱা নেকি?আপোন জনৰ বেমাৰ হ'লে যিদৰে সকলোৱে খবৰ লয়গৈ, ঠিক সেইদৰে মোৰ খবৰ মানুহে নলব নেকি?

               খবৰ লয়নো কি কৰিবা,বেমাৰী মোক তোমালোকে হে কৰিছা।এতিয়া মোক তোমালোকে সোনকালে সুস্থ কৰি তোলা,নহলে মোৰ বেমাৰ তোমালোকলৈও বিয়পিব ।তোমালোকে নিজৰ ভুল সোনকালে স্বীকাৰ কৰা। বিভিন্ন পদুষণ নীয়ন্ত্ৰণ কৰি মোক এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰা। মই বহুত দিন গা ধুব পৰা নাই , কাপোৰ বোৰ(কাপোৰৰ অৰ্থ - প্ৰদূষিত বায়ু) মলিয়ন অাৰু ধুলিময় হৈ পৰিছে।আৰু লাহে লাহে চকুৰ পানী বোৰো শুকাই গৈছে(শুকাই যোৱাৰ অৰ্থ - খৰাং)।মোৰ ৰক্ষাৰ কৱচ খনো(কৱচ ৰ অৰ্থ - অজন স্তৰ ) ফাতিব ধৰিছে। সূৰ্য ৰ বেয়া তাপবোৰে মোৰ চালবোৰক খহটা কৰি দিছে। মোক তোমালোকে বছোৱা.....

                মই তোমালোকক  ঘৰ বনাবলৈ ঠাই দিছো,খাবলৈ আহাৰ দিছো,পানী দিছো আৰু এইবোৰৰ প্ৰতিদানত মোক কেৱল প্ৰদূষণ হে দিলা। মোক ৰক্ষা কৰা মই জটিল ৰোগত ভুগিছো ।মোক ৰক্ষা কৰা.....




                নাম : পংকজ দিহিঙীয়া

                শ্ৰেণী:একাদশ

                 স্কুল: শিৱসাগৰ চৰকাৰী       উচ্চতৰ মাধ্যমিক বহুমুখী

 বিদ্যালয়

Tuesday, February 28, 2023

ৰংপুৰৰ জয়াল স্মৃতি:পংকজ দিহিঙীয়া

 ৰংপুৰৰ জয়াল স্মৃতি 


                                 


বহুদিনৰ চিনাকি যেন লগা

                এইখন মৰমৰ ৰংপুৰ,

হাজাৰ হাজাৰ স্মৃতিৰে ভৰা

               ৰংপুৰ এতিয়া শিৱসাগৰ।


উপজাৰে দিনৰ পৰা

       ৰংপুৰৰ গৌৰৱ

               সকলোৰে কাণে কাণে......


বহু কীৰ্তিচিহ্নৰ মাজতে আমি

                 আলোকপাত কৰোঁ

                        বহু ৰোমন্থন স্মৃতি।


হেজাৰ মৰম আৰু 

         হেজাৰ গৌৰৱ......


অতীতৰ সোণালী ভাষাই

ৰংপুৰৰ সৈতেএক

সম্বন্ধতা গঢ়ে।


পূবৰ বেলি পশ্চিমত অস্ত গ’ল,

এতিয়া আৰু সেইদিন

ঘূৰি নাহে।


যি দিন ৰংপুৰ সোণালী স্মৃতিৰে

 ভৰপূৰ হৈ আছিল।

জেৰেঙাৰ জয়াই সাহসেৰে যুঁজিছিল,

ৰংঘৰত ৰঙৰ খেলা খেলিছিল

কাৰেঙৰ লিগিৰিত কোঁৱৰৰ

শাসনাধীন চলিছিল।

সেই বোৰ আৰু আজি নাই!

সেইয়া কেৱল অতীতৰ

সোণালী প্ৰভাতহে।


জহি- খহি যোৱা গঢ়াৰ দৰে; 

নতুন ৰংপুৰ বহু আশাৰে

সোণালী আখৰেৰে সজাই তুলিছো।


এইখন আমাৰেই ৰংপুৰ 

        বহু স্মৃতিৰে ভৰা

 ‌ ‌ ‌          এইখন শিৱসাগৰ।

         




                        ✍️নাম:পংকজ দিহিঙীয়া

                       শ্ৰেণী:একাদশ(বাণিজ্য)

                       স্কুল: শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়

                        ঠিকনা: শিৱসাগৰ, গনকপত্তী

                        যোগাযোগ নং:৯৩৬৫১২৫১৪৫

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...