Tuesday, February 21, 2023

কুঁৱলী:ৰুম্পী দাস,

                        কুঁৱলী

                                                   ✍🏻 ৰুম্পী দাস 

           ভালুকমাৰী ৰাণীপুখুৰী , হোজাই(অসম)


 এজাক কুঁৱলীৰ বৰষুণ ,

মোক কেন্দ্ৰ কৰি ...

হৃদয়ত ঠাই বিচাৰি ;

বুকুৰ স্পন্দনৰ বাতৰিত

প্ৰকাশ পাইছে ।

সময়ৰ কাঁইটীয়া যাত্ৰাত ,

চেঁচা কুঁৱলীৰ আবেগে 

মোক সাৱটি ...

চুমি ধৰিছে ।

বেলি ডুবো হোৱাৰ 

সেই সময়সীমানাত ,

কুঁৱলীৰ আগমন ঘটিছে ।

ৰাতিপুৱা বুলিলে ...

কুঁৱলীৰ সমবেত দৃশ্য ।

গা কপিয়াই 

যৌৱনৰ বেলিকাক ,

আত্মবিভোৰ কৰি তুলিছে ।

সময়ৰ সোঁতত 

বেলিৰ পোহৰ ,

উপহাৰত দি যায় ।

গোলপীয়া পদুম ফুল

ফুলিছে কুঁৱলীৰ সঙ্গী ,

সেই পানীৰ ঠাইত ।

আঁৰে আঁৰে চাই 

মোৰ কাষেদি ,

চলিত থাকে সৰ্বদা ।

নিৰৱ অনুভূতি বিচাৰি ...

শান্তিৰ প্ৰলেপ ,

এধানি হাঁহিৰ ৰঙচুৱা 

মুখৰ আকৃতি গঢ়ি যায় ।

বিজুলীক খাঁমুচি ধৰি ,

কুঁৱলীৰ প্ৰেম বাৰ্তাক 

চক মকাকৈ উঠুৱাই আনে !

ভালপোৱাৰ স্ৰোতাস্বিনী 

সংশয় নথকাকৈ ।

কুঁৱলীৰ মাজতেই 

মিলি থকা তোমাক ,

মই খুজিবলৈ 

বিভোৰ হৈ পৰিছোঁ ।

তুমি আহিবা জানো ,

পোহৰৰ স্ৰোতত বহি ।।


                 ----------------------------------

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...