🔷কোনোৱাই
✍🏻 ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী , হোজাই(অসম)
কোনোৱাই আনিছিল ,
আহিছিলোঁ মায়াময় পৃথিৱীত ।
কোনোৱাই শিকাইছিল ,
শিকিছিলোঁ মুখৰ ভাষা ।
কোনোৱাই হঁহাইছিল ,
হাঁহিছিলোঁ দুটা ওঁঠ মেলি ।
কোনোৱাই কন্দাইছিল ,
কান্দিছিলোঁ নয়ন উজাৰি ।
কোনোৱাই কৰাইছিল ,
কৰিছিলোঁ হাতেৰে কৰমি ।
কোনোৱাই বুজাইছিল ,
বুজিছিলোঁ মনৰ গভীৰেৰে ।
কোনোৱাই দেখাইছিল ,
দেখিছিলোঁ হৃদয়েৰে সপোন ।
কোনোৱাই খোৱাইছিল ,
খাইছিলোঁ মুখৰ তৃপ্তিৰে ।
কোনোৱাই পিন্ধাইছিল ,
পিন্ধিছিলোঁ দেহৰ মাঝাৰে ।
কোনোৱাই শুনাইছিল ,
শুনিছিলোঁ নিৰৱ কানৰে ।
কোনোৱাই মাৰাইছিল ,
মাৰিছিলোঁ বুকুৰ আপোন ।
আজি কিনো একাকাৰ
কিনো হাহাকাৰ ,
আজি কিয় অবুজন মনক
বুজাব নোৱাৰিলো ।
বহিলোঁ চকুমুদি
আকৌ কেতিয়াবা মেলিব'নে ?
No comments:
Post a Comment