Tuesday, January 03, 2023

কোনোবাই:

 🔷কোনোৱাই 

                     ✍🏻 ৰুম্পী দাস

ভালুকমাৰী ৰাণীপুখুৰী , হোজাই(অসম)

কোনোৱাই আনিছিল ,

আহিছিলোঁ মায়াময় পৃথিৱীত ।

কোনোৱাই শিকাইছিল ,

শিকিছিলোঁ মুখৰ ভাষা ।

কোনোৱাই হঁহাইছিল ,

হাঁহিছিলোঁ দুটা ওঁঠ মেলি ।

কোনোৱাই কন্দাইছিল ,

কান্দিছিলোঁ নয়ন উজাৰি ।

কোনোৱাই কৰাইছিল ,

কৰিছিলোঁ হাতেৰে কৰমি ।

কোনোৱাই বুজাইছিল ,

বুজিছিলোঁ মনৰ গভীৰেৰে ।

কোনোৱাই দেখাইছিল  ,

দেখিছিলোঁ হৃদয়েৰে সপোন ।

কোনোৱাই খোৱাইছিল ,

খাইছিলোঁ মুখৰ তৃপ্তিৰে ।

কোনোৱাই পিন্ধাইছিল ,

পিন্ধিছিলোঁ দেহৰ মাঝাৰে ।

কোনোৱাই শুনাইছিল ,

শুনিছিলোঁ নিৰৱ কানৰে ।

কোনোৱাই মাৰাইছিল ,

মাৰিছিলোঁ বুকুৰ আপোন ।

         আজি কিনো একাকাৰ 

             কিনো হাহাকাৰ ,

আজি কিয় অবুজন মনক 

      বুজাব নোৱাৰিলো ।

          বহিলোঁ চকুমুদি 

আকৌ কেতিয়াবা মেলিব'নে ?


No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...