Showing posts with label আমিৰ হুছেইন আহমেদ. Show all posts
Showing posts with label আমিৰ হুছেইন আহমেদ. Show all posts

Wednesday, April 05, 2023

জীৱন সংগ্ৰামৰ দৌৰ

 জীৱন সংগ্ৰামৰ দৌৰ


জীৱন সংগ্ৰামৰ অন্যতম সূচিত

অংশ লৈছা দৌৰ প্ৰতিযোগিতাত

জীৱিকাৰ পথত যি বাধ্যতামূলক

হৰা জিকা ফলাফল বিভুৰ হাতত !


লাখ লাখ শুক্ৰাণুৰ স্থিতিৰ দৌৰত

তুমি প্ৰথম হৈ পাইছা ধৰাৰ বঁটা,

দৌৰ আজন্ম লগৰী সংলগ্ন গৰ্ভত

জীৱশ্ৰেষ্ঠ মানৱ হৈছা কুন্ধত কটা !


যত নোলোৱা কিয় কঠোৰ প্ৰশিক্ষণ

অকলেই যুঁজিব লাগিব খেলত,

স্মৰ্তব্য যে প্ৰতিদ্বন্দ্বী চবে শ্ৰেষ্ঠ নিপুণ

পৰিশ্ৰমী হ'লেই নপৰিবা খালত !


মেধাৰ অপব্যপহাৰেই সংগ্ৰাম হয় ব্যৰ্থ

পৰিশ্ৰমৰ মৰ্যাদাই পূৰ্ণতা নাপায়,

ইপ্সিত জয়ৰ লক্ষ্যত উহ্য থাকে অৰ্থ

বিশ্ব সভ্যতা শ্ৰমে কৰিছে আদায় !


হতাশাক দীৰ্ঘাশ্বাস নিতৌ কৰি লোৱা

চকু মুদি দেহত সাহসৰ ফুঁ মৰা, 

'মই জয়ী হ'মেই'-এই মন্ত্ৰ মনত কোৱা

কাৰ সাধ্য ৰোধে বিজয়ৰ ধাৰা ?

_________________________________

আমিৰ হুছেইন আহমেদ।

Tuesday, February 28, 2023

'অ' অক্ষৰৰ অসম :আমিৰ হুছেইন আহমেদ।

'অ' অক্ষৰৰ অসম 



অমৰাৱতী অসমৰ অমৃত অসীম

অলেখ অতিথিৰ অহৰহ অভ্যুত্থান

অভিনৱ অভিৰুচি অকৰ্ম অনমণীয়

অফুৰন্ত অম্লজান অকুটিল অংশুমান !


অসমীয়া অভিধান অমিয়া অনুপান

অভিজাত অলঙ্কৰণৰ অতল অভিজ্ঞান

অনন্ত অভ্যন্তৰত অদ্বৈত অক্ষৰৰ অন্বেষণ

অকপট অন্তৰৰ অনুপ্ৰাণিত অনুলিখন !   


অবিভাজ্য অন্তৰায় অসত্যৰ অন্তৰ্ধান

অপবাদ অনাদৃত অদৰ্কাৰী অপপ্ৰচাৰ,

অশলাগীৰ অত্যুক্তিত অতিষ্ঠ অসম

অপকাৰীৰ অবোধ্য অজেয় অধিকাৰ !


অনিন্দিত অসম অতিশয় অনুপম

অনুভবী অনুশাসনত অগণন অনুষ্ঠান,

অবৈধ অনুপ্ৰৱেশ অনৈক্যৰ অনিয়ম

অপ্ৰতিদ্বন্দ্বী অসমৰ অজ্ঞাত অদৰ্শন !


অহৈতুকী অভিধাক অভিন্ন অভিনন্দন

অব্যভিচাৰী অসমৰ অম্লান অভিমান,

অন্যায় অবিচাৰ অমাৰ্জনীয় অনুশীলন

অসমতেই অহিংসাৰ অবিৰত অভিযান !!


_________________________________

আমিৰ হুছেইন আহমেদ।

Tuesday, February 21, 2023

নিশাৰ তৰাবোৰ

                  নিশাৰ তৰাবোৰ



নিশাৰ তৰাবোৰ           অতিকৈ হেঁপাহৰ

                চুই চাবলৈ মন যায়,

আমালৈ চাই হাঁহি        ধৰালৈ নামি আহি 

                হৰ্ষৰ হিল্লোল বঢ়ায় !


উজ্জ্বল তৰাবোৰে          গগন ছানি ধৰে

                সৌন্দৰ্য্যৰ পাতে মেলা,

দীপ্তিৰ ন ৰূপেৰে            তমসা নাশ কৰে

                ই যে অলৌকিক খেলা !


মন প্ৰাণ কাঢ়ে                 পুষ্প ৰঙৰ দৰে

                 তৰাৰ ৰজা ভোটাতৰা,

জ্যোতি যাৰ অধিক         সাহসৰ প্ৰতীক

                   প্ৰহৰৰ  দিয়ে বতৰা |


তৰাৰো আছে অৰি       দীপ্তি নকৰে ফেৰি

                  ক'লা মেঘ যাৰ নাম,

ঢাকি কৰে এন্ধাৰ           বিকল্প নাই তাৰ 

                পলে পলে বঢ়ায় দাম !   


গ্ৰহ তৰা জোন            সবে' অতি আপোন  

                  আদিত্যৰ চলে প্ৰভূত্ব,

নিশাৰ হাতিপটি           অপূৰ্ব এক সৃষ্টি

                  সৌৰজগত তাৰ ভৃত্য !

___________________________________

আমিৰ হুছেইন আহমেদ ।

Tuesday, February 14, 2023

মদাৰ ফুল:আমিৰ হুছেইন আহমেদ

দাৰ ফুল



কাঁইটেৰে আবৃত বৃক্ষৰ ফুল

ৰঙা মদাৰ প্ৰকৃতিৰ বৰদান,

গোন্ধহীন অথচ আকৰ্ষণৰ মূল

লঠঙা ডালত হৰ্ষৰ অঙ্কুৰণ !


মদাৰে ৰঙীন কৰে ফাগুনৰ মুখ

তেজ ৰঙা ফুলে গায় মৌন গান,

প্ৰকৃতিৰ প্ৰলেপৰ সঞ্চাৰিত সুখ

পঁচোৱাৰে সতে তোলে ঐক্যতান !


সৰ্বস্ব হেৰুৱাই নগ্ন ডালত ফুলে

ফাগুনৰ মায়াত প্ৰসৱ বেদনাত,

ধূলি বালিৰ প্ৰসাধন দেহত সানি লৈ

বসন্তক আদৰে বস্ত্ৰহীন সাজত !


ন সৌন্দৰ্য্যৰে পৰিপূৰ্ণ কৰে প্ৰকৃতি

পখীৰ কাকলিৰে মুখৰিত বৃক্ষ,

এই ফুলৰ পূজাত দেৱ-দেৱী অতুষ্টি

অনাদৃত বুলি সবে কৰে কটাক্ষ !


মদাৰৰ নগ্নতাই বসন্তৰ বিজ্ঞাপন

বতাহৰ ছেৱত উটি ভাঁহি যায়,

কাঁইটতে স্থান নিজক দিয়ে বিসৰ্জন

এলাগি হ'লেও ধৰাক নকৈ সজায় !

___________________________________

আমিৰ হুছেইন আহমেদ ।

Tuesday, December 13, 2022

ধৈৰ্য:আমিৰ হুছেইন আহমেদ

              ধৈৰ্য

       


কৰ্মত ধৈৰ্য ধৰিবা  সাফল্য এদিন পাবা

           ধৈৰ্য উন্নতিৰ চাবি-কাঠি,

ধীৰ স্থিৰ হয় মন       এটা উৎকৃষ্ট গুণ

           বিপদৰ বন্ধু-আশাৰ শক্তি !


ধৈৰ্য নহয় অপেক্ষা জীবন যুঁজৰ পৰীক্ষা

           কঠিন কামক সহজ কৰে,

ধৈৰ্যৰ বান্ধ খুলিলে  লক্ষ্য যাব বিফলে

           কটা গছত জানো ফল ধৰে ?


গছৰ মন্থৰ বাঢ়ন       দীৰ্ঘকাল ফল ধাৰণ

           ধৈৰ্যশীলৰ সৈতে প্ৰভু থাকে,

মনত থাকিলে ভক্তি      ই হয় প্ৰচণ্ড শক্তি

           এন্ধাৰ ভেদি পোহৰ দেখে |


সাহ বিশ্বাসৰ কলা  বিজয়ৰ গাঁথে মালা

            সকলো পাই মান বঢ়ায়,

জীৱনৰ যত ধুমুহা    অন্তৰ দগ্ধ কুকুহা 

            ধৈৰ্য বিনে নুমাই নাযায় !


লক্ষ্য যদি মূল্যবান নিতে হোৱা আগুৱান

             ধৈৰ্যই কৰিব সপোন পূৰণ,

জ্ঞানীৰ অনন্য সঙ্গী বিকাশ হয় দৃষ্টিভঙ্গী 

             মহত্ব লাভ কৰা স্থায়ী লক্ষণ !!

_______________________________

আমিৰ হুছেইন আহমেদ |

Wednesday, November 16, 2022

কন্যা সন্তান:আমিৰ হুছেইন আহমেদ

কন্যা সন্তান



সৃষ্টিকৰ্তাৰ আশীৰ্বাদ মৰমৰ সম্পদ

কন্যাই ঘৰৰ নিপোটল কবিতা,

কোমলতাৰ প্ৰতীক অমূল্য মুকুতা

সুগন্ধি লাৱণী ফুলৰ বিলায় সম্বাদ !


চন্দ্ৰ বদনি দুহিতাৰ উদাৰ দুই হাত

আলসুৱা মন-জন সেৱাৰ জাত

ঘৰৰ ভ্ৰাম্যমাণ মণি মমতাৰ খনি  

মৌ বৰষা মাতত হিয়া পৰে শাঁত !


পৰিয়ালৰ শোভা স্বচ্ছতাৰ আভা

মজুত ৰাখে ঘৰৰ সৰ্ব খবৰ,

পিতৃ মাতৃৰ প্ৰিয়পাত্ৰী বেমাৰৰ ধাত্ৰী

বিপদ উদ্ধাৰৰ মূল সৰোবৰ !


স্নেহ জৰিৰে বান্ধি-নকৰে অভিসন্ধি

অমায়িক আচাৰ সুমিষ্ট আব্দাৰ,

কন্যা অভিশাপ-এয়া উন্মাদৰ প্ৰলাপ

পাষাণ লোকৰ অন্যায় অবিচাৰ !


পুত্ৰ কন্যাৰ সৰ্বত্ৰে সমান অধিকাৰ

লিঙ্গভেদ মধ্যযুগীয় ধ্যান-ধাৰণা,

শিক্ষাগ্ৰহণ মানসিক নৈতিক উত্তৰণ

আৱৰ্জনা নহৈ আগবঢ়ায় অৰিহণা !


শাস্ত্ৰৰ নীতিবচন কন্যা জন্ম গ্ৰহণ

সেই পিতৃ মাতৃ অতি পুণ্যবান,

বংশ ৰক্ষা কৰা-সৃষ্টিৰ গতিধাৰা

কন্যাৰ গৰ্ভৰ অলৌকিক দান !!


আমিৰ হুছেইন আহমেদ |

Tuesday, November 08, 2022

হাত:শিশু কবিতা

শিশু কবিতা
               হাত

দেহৰ শুৱনি বলিষ্ঠ অঙ্গ

কৰ্মত দিয়া হাত উজান,

হাত পতালৈ কৰা মোহ ভঙ্গ

হাত দীঘলৰ দেখা সপোন !

      নিঃস্বৰ সম্পত্তিৰ কৰা সদ্গতি

        অসাধুৱে হাত কৰি লয়,

        হাত সৰাৰ কৰা উপায় নিষ্পত্তি

       হাতযোৰ কৰা মূৰ্খৰ পৰিচয় !

উৎসাহ প্ৰেৰণাৰে কৰ্ম কৰিলে

উন্নতিৰ পথত হাত উঠে,

কৰ্ম হীন হৈ হাত সাৱতি থাকিলে

অনাদৃত হবা বাটে-ঘাটে !

       হাতলৰ এক নিকৃষ্টতম স্বভাৱ

        মহাপাপ অক্ষমনীয় দোষ,

        দেহত আঘাতৰ নঘটে অভাৱ

        লোভত নপৰি লভিবা সন্তোষ !

কাবৌ কাকুতি কৰি হাতত ধৰা

দুৰ্বল মনৰ অশুভ লক্ষণ,

হাত টানৰ সঞ্চয় মাটি কৰ কৰা

অমৃত যেন হাতৰ অৰ্জন !

         কৰমৰ্দন দুই হাতৰ প্ৰীতি বন্ধন

         নমস্কাৰ তাৰে এটা সংস্কৰণ,

         হাতৰ বজ্ৰ মুঠিত শক্তি প্ৰদৰ্শন

         হাতৰ কৰ্মতে বৰ্তে জনজীৱন !

দুই হাত তুলি নিতে প্ৰভুলৈ বুলি

পুৱা সন্ধ্যা কৰিবা প্ৰাৰ্থনা

হাতেই হ'ল উত্থান-পতনৰ খিলি

কৰ্মৰ মহিমা হাতৰ সাধনা !


আমিৰ হুছেইন আহমেদ 

ধৰাৰ বাস্তৱতা বৰ নিষ্ঠুৰ:আমিৰ হুছেইন আহমেদ

ধৰাৰ বাস্তৱতা বৰ নিষ্ঠুৰ:

ধৰাৰ বাস্তৱতা বৰ নিষ্ঠুৰ
ব্যস্ততা অন্তহীন মৰাৰ সময় নাই
ধন ধন বুলি মানুহ বলীয়া হৈ
উৎস বিচাৰি ফুৰে অনাই-বনাই!
উচ্চবিত্তৰ ধনেই ধন নদন বদন
তথাপি ক'লা বজাৰী দুই নম্বৰী ধান্দা 
নিম্নবিত্তৰ লঘোণেই কৰে অনশন
টুক-টাক চলে মধ্যবিত্তৰ বেহা মন্দা 
এয়ে ধৰাৰ বাস্তৱতা-চিৰাচৰিত দস্তুৰ !
আপুৰুগীয়া সংস্কৃতি বিজতৰীয়া
পবিত্ৰ অনুষ্ঠানত নিষিদ্ধ সেৱন,
কেৰেপ নকৰে বিধিৰ সতৰ্কীকৰণ
কাউৰীৰ নাচোনেই যেন ম'ৰাৰ পেখন
অপসংস্কৃতিৰ প্ৰদৰ্শনী মুকলি-মূৰীয়া
মৌবন যৌৱনৰ কৰ্মত চিৰ বেকাৰ
তেজত বিষক্ৰিয়া ড্ৰাগছৰ চিকাৰ
মানৱ সম্পদ কিয় ঘূণীয়া ৰুগীয়া ?
হিংসা বিদ্বেষ ধৰ্ষণ ডাইনী হত্যা
অপহৰণ মুক্তিপণ কুসংস্কাৰ অন্ধতা
শোষণ উৎপীড়ন প্ৰবঞ্চনাৰ আলিঙ্গন
সততা কৰ্ম পটুতা দুৰ্ণীতিত সমৰ্পন
ধনবলৰ নখ দৰ্পনত চলে গণ মাধ্যম
গণতন্ত্ৰ প্ৰহেলিকা নিত্য নতুন দৰদাম
জাত্যাভিমান আধুনিকতাৰ অন্য নাম 
দুৰ্লভ মানৱতা উন্মুক্ত স্বাৰ্থপৰতা
ঐক্যৰ বীজত ভিন্নতা সুলভ মৃত্যুদাতা
ইমান নিষ্ঠুৰ কিয় হৈছে ধৰাৰ বাস্তৱতা ?

✍️আমিৰ হুছেইন আহমেদ |

Tuesday, October 25, 2022

দীপাৱলী: আমিৰ হুছেইন আহমেদ

 দীপাৱলী:

                     আমিৰ হুছেইন আহমেদ

আন্ধাৰ কু সংস্কাৰৰ সংহাৰক

অজ্ঞানতা নাশক জ্ঞানৰ বাহক

দৃষ্টিনন্দন পোহৰৰ সৰোবৰ  

অপায় অমঙ্গল দূৰতে কৰে বিদূৰ

মনত মূৰ্তমান জোনাকী প্ৰশান্তি

আলোক সজ্জাৰ বিচ্ছুৰিত লহৰ ।


দানৱৰ ৰূঢ়তাৰ প্ৰহেলিকা ফালি

ৰঙীন আলোক সৈনিকৰ বিচৰণ

তমসা ধুমুহাৰ তাণ্ডব অতপালি 

জ্যোতিৰ পাখিৰে কৰে বিতাৰণ-! 


কুলুষ-কালিমাৰ ৰাক্ষসী নিশ্বাস 

সমাজত অঙ্কুৰিত যত বিষ পুলি

দীপৰ জ্যোতিয়ে পেলায় উভালি

যাৰ প্ৰহাৰত হয় অপশক্তি নাশ! 


পোহৰৰ উৎসব হেঁপাহৰ দেৱালী

বিশ্ব খ্যাত পৰ্ব- উদুলি-মুদুলি

দৃষ্টি নন্দন সাজত ঘৰৰ পদুলি

উলাহৰ উদযাপন-মনপ্ৰাণ খুলি !


কলগছৰ কামিত প্ৰজ্বলিত বন্তি

গাৰ্হস্থ্যৰ শ্ৰীবৃদ্ধি প্ৰগতি কামনা

অপ্ৰীতি বঞ্চনা মুক্তিৰ পূৰ্ণ তুষ্টি 

জীৱন জীৱিকাৰ পাৰৰ সাধনা-! 


কঙালীৰ পিছত দেৱালী আহে

পথাৰত ধাননিয়ে বৰণ সলায়

সোণগুটিত দেৱীৰ আশীষ ভাহে 

পোহৰৰ পৰ্বই তাকেই দেখুৱায় !


বন্তিৰ শৈলীৰ শুভ দীপাৱলী 

আতচবাজিৰ বিকট উৰুলি

শব্দ প্ৰদুষণ আনে আকোঁৱালি

ৰোধ কৰোঁহক সবে' মিলিজুলি !!

________________________________


Tuesday, October 18, 2022

কাতি বিহু:আমিৰ হুছেইন আহমেদ |

●কাতি বিহু:

                    আমিৰ হুছেইন আহমেদ 


আহিন কাতিৰ মকৰ ক্ৰান্তিত

কাতি বিহুৰ দুখৰ আগমন,

ৰং ৰহৈচ নাচ-গান অশোভিত

আধ্যাত্মিক বিহু শৰৎ কালীন !


গেঁৰ ধৰা ধাননিত আকাশ বন্তি 

ফচল স্তুতি-হওক নদন বদন,

উদং ভঁৰাল ভৰ্তিৰ কৰে মিনতি

শাওনৰ সপোন কৰক পূৰণ !


আঘোণত আহক সোণালী লখিমী

তুলসীৰ তলত নাম-কীৰ্তন গায়,

প্ৰকৃতিৰে নিৰ্ভৰশীল আই অসমী

অন্নপূৰ্ণা দেৱী হৈ খাদ্য যোগায়!


ভোগৰ প্ৰাচুৰ্য নাই-বিনোদন বিহীন

'কঙালী বিহু'-কাতিৰ আশীৰ্বাদ,

চহা জীৱনৰ মনে-প্ৰাণে হয় বিলীন 

যাৰ কৃপা বিনে তহিলং আবাদ !


বিহু গণজীৱনৰ সাহস মহাপ্ৰাণ

এয়া যে কৃষ্টি-সংস্কৃতিৰ বৰঘৰ,

চেনেহৰ বিহু অসমৰ স্বাভিমান

বুকুৰ আপোন অতি পৰাৎপৰ !!

_____________________________



Tuesday, October 11, 2022

আহিনৰ হেঁপাহ:আমিৰ হুছেইন আহমেদ

আহিনৰ হেঁপাহ

আহিনে আনে শৰৎ

সজাল ধৰা 

ভৰুণ পথাৰ 

কৃষকৰ উপহাৰ 

নাঙল ধোৱা ধাননি

ৰূপ লাৱণ্যৰ আহিনে 

শৰতক জনায় আদৰণি

হেঁপাহৰ তোলে খলকনি

শাৰদী ৰাণীৰ অভয় বাণী

আধুনিক অসুৰক বধি

মানৱতাৰ কৰে শুভ মহৰৎ--! 


আহিন সৌন্দৰ্যৰ উপাসক

তৰাৱলীৰ নীলিম আকাশ 

স্নিগ্ধ জোনাকৰ ঢল 

শেৱালিৰ শুভ্ৰ চাদৰ

দুবৰিৰ নিয়ঁৰ 

বতাহৰ লহৰ 

জাৰ জহৰ প্ৰাবল্য তৰল

এনেকৈ আহিনৰ আত্ম প্ৰকাশ 

হেঁপাহৰ শিখৰৰ পথ প্ৰদৰ্শক ।


বালি চাপৰিত কহুঁৱা ফুল 

বিলত ভেঁট পদুমৰ পাহি 

শৰালিয়ে উৰি আহি 

পানীত সাতুৰি নাদুৰি

কলধ্বনিৰে মুখৰিত কৰি 

যুৰীয়া প্ৰেমত মচগুল 

নৈৰ দাপোন চাই মন বিয়াকুল---! 


ধৰা লৈ আহে দূৰ্গত নাশিনী

শক্তিৰ দেৱী দুৰ্গা জননী

সাম্প্ৰতিক অসুৰক বধিবলৈ

মহাযজ্ঞৰ বিশাল আয়োজন 

আহিনৰ হেঁপাহৰ  আমন্ত্ৰণ

আহিন শাৰদী ৰাণীৰ নন্দিনী--! 

_______________________________

আমিৰ হুছেইন আহমেদ

Tuesday, October 04, 2022

নাপিত :আমিৰ হুছেইন আহমেদ

 নাপিত :আমিৰ হুছেইন আহমেদ


নিপুণ কাৰিকৰ ক্ষৌৰ কৰ্মী
প্ৰদূষিত দাঢ়ি চুলিৰ ঘাতক,
সৌন্দৰ্য্য বৰ্দ্ধক অক্লান্ত সংগ্ৰামী
কেশ সংস্কৃতিৰ সংস্কাৰ সাধক
এটা অনাদৃত বৃত্তি পশ্চাৎগামী
হস্তবিদ্যাৰে গুচায় পেটৰ ভোক  !
ক্ষুৰ কেঁচিৰে নিৰ্ভৰশীল জীৱিকা
বিশ্বাসৰ প্ৰতিমূৰ্তি-ধূৰ্তৰ প্ৰতীক,
সাৱধানী সত্বা- দৃষ্টিত নিৰাপত্তা
জাত-পাত অভেদ্য সমতা ৰখা
একেই আসনত সৰু বৰৰ মান্যতা
প্ৰয়োজনত নাপিতৰ চাহিদা অধিক !
কেঁচিৰ কেঁচ কেঁচ শব্দই কথা কয়
ভোবোকাৰ চেহেৰা মসৃণ কৰে
গ্ৰাহকৰ ৰুচিবোধত সঁহাৰি জনাই
হাটে-বাটে ফেৰি কৰে মুক্ত হৃদয়
মানৱ দৰদী পেচা ভয় শঙ্কা নাই
সামান্য পাৰিশ্ৰমিকত মানুহ গঢ়ে !!
প্ৰযুক্তিৰ ৰথত উঠিল এই সংস্কৃতি
আওপুৰণি পদ্ধতি হ'লগৈ উচন 
নামী বিলাসী চেলুনৰ দৌৰাত্ম্যই
এই বৃত্তিক কৰিলে নগুৰ-নাগতি
পীৰাৰ স্থানত মান পালে সিংহাসন 
শ্ৰমৰ নৈপুণ্যত লভে জীৱিকাৰ ধন !

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...