ধৰাৰ বাস্তৱতা বৰ নিষ্ঠুৰ:
ধৰাৰ বাস্তৱতা বৰ নিষ্ঠুৰ
ব্যস্ততা অন্তহীন মৰাৰ সময় নাই
ধন ধন বুলি মানুহ বলীয়া হৈ
উৎস বিচাৰি ফুৰে অনাই-বনাই!
উচ্চবিত্তৰ ধনেই ধন নদন বদন
তথাপি ক'লা বজাৰী দুই নম্বৰী ধান্দা
নিম্নবিত্তৰ লঘোণেই কৰে অনশন
টুক-টাক চলে মধ্যবিত্তৰ বেহা মন্দা
এয়ে ধৰাৰ বাস্তৱতা-চিৰাচৰিত দস্তুৰ !
আপুৰুগীয়া সংস্কৃতি বিজতৰীয়া
পবিত্ৰ অনুষ্ঠানত নিষিদ্ধ সেৱন,
কেৰেপ নকৰে বিধিৰ সতৰ্কীকৰণ
কাউৰীৰ নাচোনেই যেন ম'ৰাৰ পেখন
অপসংস্কৃতিৰ প্ৰদৰ্শনী মুকলি-মূৰীয়া
মৌবন যৌৱনৰ কৰ্মত চিৰ বেকাৰ
তেজত বিষক্ৰিয়া ড্ৰাগছৰ চিকাৰ
মানৱ সম্পদ কিয় ঘূণীয়া ৰুগীয়া ?
হিংসা বিদ্বেষ ধৰ্ষণ ডাইনী হত্যা
অপহৰণ মুক্তিপণ কুসংস্কাৰ অন্ধতা
শোষণ উৎপীড়ন প্ৰবঞ্চনাৰ আলিঙ্গন
সততা কৰ্ম পটুতা দুৰ্ণীতিত সমৰ্পন
ধনবলৰ নখ দৰ্পনত চলে গণ মাধ্যম
গণতন্ত্ৰ প্ৰহেলিকা নিত্য নতুন দৰদাম
জাত্যাভিমান আধুনিকতাৰ অন্য নাম
দুৰ্লভ মানৱতা উন্মুক্ত স্বাৰ্থপৰতা
ঐক্যৰ বীজত ভিন্নতা সুলভ মৃত্যুদাতা
ইমান নিষ্ঠুৰ কিয় হৈছে ধৰাৰ বাস্তৱতা ?
ব্যস্ততা অন্তহীন মৰাৰ সময় নাই
ধন ধন বুলি মানুহ বলীয়া হৈ
উৎস বিচাৰি ফুৰে অনাই-বনাই!
উচ্চবিত্তৰ ধনেই ধন নদন বদন
তথাপি ক'লা বজাৰী দুই নম্বৰী ধান্দা
নিম্নবিত্তৰ লঘোণেই কৰে অনশন
টুক-টাক চলে মধ্যবিত্তৰ বেহা মন্দা
এয়ে ধৰাৰ বাস্তৱতা-চিৰাচৰিত দস্তুৰ !
আপুৰুগীয়া সংস্কৃতি বিজতৰীয়া
পবিত্ৰ অনুষ্ঠানত নিষিদ্ধ সেৱন,
কেৰেপ নকৰে বিধিৰ সতৰ্কীকৰণ
কাউৰীৰ নাচোনেই যেন ম'ৰাৰ পেখন
অপসংস্কৃতিৰ প্ৰদৰ্শনী মুকলি-মূৰীয়া
মৌবন যৌৱনৰ কৰ্মত চিৰ বেকাৰ
তেজত বিষক্ৰিয়া ড্ৰাগছৰ চিকাৰ
মানৱ সম্পদ কিয় ঘূণীয়া ৰুগীয়া ?
হিংসা বিদ্বেষ ধৰ্ষণ ডাইনী হত্যা
অপহৰণ মুক্তিপণ কুসংস্কাৰ অন্ধতা
শোষণ উৎপীড়ন প্ৰবঞ্চনাৰ আলিঙ্গন
সততা কৰ্ম পটুতা দুৰ্ণীতিত সমৰ্পন
ধনবলৰ নখ দৰ্পনত চলে গণ মাধ্যম
গণতন্ত্ৰ প্ৰহেলিকা নিত্য নতুন দৰদাম
জাত্যাভিমান আধুনিকতাৰ অন্য নাম
দুৰ্লভ মানৱতা উন্মুক্ত স্বাৰ্থপৰতা
ঐক্যৰ বীজত ভিন্নতা সুলভ মৃত্যুদাতা
ইমান নিষ্ঠুৰ কিয় হৈছে ধৰাৰ বাস্তৱতা ?
✍️আমিৰ হুছেইন আহমেদ |
No comments:
Post a Comment