Tuesday, November 08, 2022

বলা সখী তল সৰা শেৱালী বুটলিবলৈ যাওঁ :ছেলিমা বেগম

চুটি গল্প 

বলা সখী তল সৰা শেৱালী বুটলিবলৈ যাওঁ 

ইবলিনা =:ডেইজী অ ডেইজী টোপনিৰ পৰা এতিও উঠা নাই অ ডেইজী উঠা না শেৱালি  ফুল কেইটা বুটলি আনিবলৈ যাওঁ ।ৰ'দ দিলে ফুলবোৰ লেহেৰি যাব। ডেইজী টোপনিৰ পৰা সাৰ পালে আৰু দুয়ো সখী মিলি ফুল বুটলিবলৈ ওলাই যায়। 

দীপ =: ঐ তহঁতে ফুলবোৰৰ সদায় বুটলি লৈ যোৱা। আমাৰ কাৰণে অলপ থৈ যাবি। আমাকো শেৱালী ফুলৰ সুবাসে মন মতলীয়া কৰে ফুলৰে পূজা কৰিম। হব দীপ আধাখিনি থৈ দিছোঁ তোমাৰ কৰনে। 

            এনেধৰণে ইবলিনা আৰু ডেইজীয়ে শৰৎ আহিলে ফুল বুটলি আনে। দীপয়েও সিহঁতৰ লগত ফুল বুটলি বুটলি এদিন তিনিও জন ডেকা গাভৰু হ’লে 

। সিহঁতৰ মাজত বন্ধুত্ব গঢ়ি তুলিলে। প্রেতেক বছৰৰ ধৰে এইবাৰো তল সৰা শেৱালী আনিবলৈ যাওঁতে দিপে মাত লগালে ঐ ইবলিনা তহঁত এতিয়া আৰু সৰু হৈ থকা নাই। এই বাৰ ফুল নি কাক পূজা কৰিবি। ইবলিনা টপৰাই উত্তৰ দিলে মনৰ মানুহ জনক। 

কোন অ সেই জন তোৰ মনৰ মানুহ জন জানিব পাৰিম নে? নিশ্চয় জানিবি এদিন, এই কথা কৈ দুয়ো সখী দৌৰ মাৰি ঘৰ পালেহি। দীপৰ সিহঁতৰ কথা শুনি নিজকে অলপ লাজ লাজ ভাব লাগিল আৰু মনৰ আনন্দৰে অলপ হাঁহিলে। 

                 পিচদিনা ইবলিনা আৰু ডেইজী আবেলি সময়ত অলপ ফুৰিব লৈ ওলাই গৈছিল ।দুয়ো সখী মুখত পাউডাৰ হানি ওঁঠত লিপষ্টিক লগাই ধুনীয়াকৈ সাজি কাচি ফুৰি আছে। 

দীপ=:মা আজি বজাৰৰ পৰা কিবা আনিব লাগিব নে কি? হয় দীপ বজাৰত ওলাইছ নে, হয় মা, তেনে হলে টকা কেইটা লৈ যা চাহ পাত চেনি অলপ আনিবা, ঠিক আছে মা। ডেকা দীপ মনৰ আনন্দৰে গুণ গুণাই গান গাই গৈ আছে। আদাবাটতে ইবলিনা আৰু ডেইজীক লগ পালে। ইবলিনা মাত লগালে    ঐ দীপ ইমান সাজি কাচি কলৈ, ঐ তহঁত দুটা কি কৰিছ ইয়াত। আমি দুয়ো এতিয়া আৰু তল সৰা শেৱালি ফুল বিছৰা নাই। কাৰোবাৰ মনৰ প্রেম বিছাৰি আছোঁ। ঐ ইবলিনা প্রেম ৰাস্তাত বিছাৰিলে নাপাবি, কাৰোবাৰ অন্তৰত সোমাব লাগিব। তেতিয়া হলে শেৱালি ফুলৰ মালা পিন্ধাব পাৰিবি। তেনেহলে দীপ তোকেই সেই ফুলৰ মালা পিন্ধাই দিম।


✍️ছেলিমা বেগম 

জিলা নগাঁও 

থানা জুৰীয়া 

গাঁও মেলেকাধিং 

ডাক ঘৰ বলিকটীয়া 

পিন নম্বৰ 782122 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...