Tuesday, November 08, 2022

আত্মা বিননি:প্ৰসন্ন কুমাৰ বৰা

 আত্মা বিননি



সময় বৰ নিষ্ঠুৰ।

জীৱন সংগ্ৰামত বহু ব্যস্ততাৰ।

আহৰি নাই কাৰোবাৰ খবৰ লোৱা।

জীয়াই থাকোঁতে যদি,

নাপাওঁ সঁহাৰি।

নৰিয়াপাটি থাকোঁতে 

এষাৰ মাতআৰুএসাঁজ।

সংসাৰ ত্যাগৰ পাছত,

কেলেই লাগিছে।

এসোপামান শান্তিৰ শুভেচ্ছা।

মাথোঁ পৰিয়ালটোক দিয়া।

আগতেই জানাই নাছিলা।

কেতিয়াবা খবৰ লৈছিলা?

কেনেদৰে আছোঁ।

আজি মোৰ বিদেহী আত্মাটোক

শান্তিৰ শুভেচ্ছা যাঁচিছা ।

ভাল লাগিছে দিয়া

শ্ৰদ্ধাঞ্জলি, 

তেওঁ সুৰ,কণ্ঠ,সংলাপ কিমান গভীৰতা।

তেওঁৰ অভিনয় পাৰদৰ্শিতাৰ মনোমোহা।

তই আৰু মোক নুশুধিবি ।

সিহঁতৰ কথা,সিহঁতবোৰ তেনেকুৱাই

নাটকীয় মিঠা সংলাপৰে 

নিজ শাসন আদায়  কৰে।

সহজ সৰল মানুহৰ কান্ধত বন্ধুক ৰাখি

 গুলী ফুটাই

বুজিছ নহয় তই।

দেখিছ নে তই 

নৰপিশাচহঁতে বুকুৰ ফালি 

কেঁচা তেজ শুহি খোৱা

সিহঁতক নাশ কৰিবলৈ 

ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব লাগিব

তই হ'ব লাগিব মাঁকালী 

পশ্চিমৰ ৰাঙলী বেলিটো,

  আৰু অলপ সময় বাবে,

 ধৰি ৰাখিবৰ লাগিব।

চিঞৰি,চিঞৰি শুনাই দিম

মৰা মানুহৰ আত্মাৰ বিননি

ঐ! মই আকৌ আহিছোঁ চা৷



প্ৰসন্ন কুমাৰ বৰা মৰিগাঁও

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...