Showing posts with label প্ৰসন্ন কুমাৰ বৰা. Show all posts
Showing posts with label প্ৰসন্ন কুমাৰ বৰা. Show all posts

Tuesday, November 29, 2022

অপমান:প্ৰসন্ন কুমাৰ বৰা

 অপমান



হুঁচিয়াৰ 

নহয় সহ্য 

যেতিয়া ভাষাক অপমান

যেতিয়া জাতিক অপমান

যেতিয়া বীৰ শ্বহীদক অপমান

শিৰাই শিৰাই স্বতঃস্ফূৰ্তহৈ উতলি উঠে, বীৰ লাচিত তেজ

মোমাইক কাটিবলৈ

হেৰৌ বদন

আকৌ আনিবি তই মান

আহোমৰ তেজত বিৰাজমান

শৰাইঘাটৰ ৰাঙলী নদীত বান

ইতিহাসৰ বৰ অসমৰ পাট লুটিয়াই

বীৰ লাচিতকে এবাৰ চা

আছে হেংদাং লোৱা নাই

ল'লে হেংদাং  ৰক্ষ্যা নাই

বাৰেবাৰে কৰিছ কিয় অপমান

হুঁচিয়াৰ

দয়া নাই, ক্ষমা নাই

মানৱৰূপী দানৱ,ক্ষমতালোভী ষড়যন্ত্ৰ

আহিছোঁ ওলাই লাচিত

 মই

অন্যায় বিৰুদ্ধে অবিৰাম যুঁজিম

কাপুৰুষ নহয় মই 


প্ৰসন্ন কুমাৰ বৰা

সাৱধান:প্ৰসন্ন কুমাৰ বৰা

সাৱধান


আস্! কি যান্ৰণা 

সহ্য কৰিব নোৱাৰি অ'

বিৰহ বোৰে বৰকৈ বিন্ধিলে

ধৈৰ্য ওঁ সীমা আছে অ'

সৌৱা! 

ৰণ শিঙা প্ৰতিধ্বনি শুনিছোঁ

মানৱ ৰূপী দানৱে তেজৰ ফাকু খেলিছে

মই যাবই লাগিব আই

মই আৰু চাই থাকিব নোৱাৰোঁ

ভাই অ' উঠ!বেলি লহিয়ালে

নৰপিশাচে ভনী দেহত যৌৱনৰ তৃপ্তি লভিলে

আই অ' তই দুখ নকৰিবি

আমি আছোঁ নহয়

তোৰ আৰু বুকু খোদা হ'ব নিদিওঁ

সিহঁতবোৰ তেনেকুৱাই 

সিহঁত তেজপিয়া

শাসন কৰা চলেৰে শোষণ কৰিছে

মানৱৰ সমাজত দানৱ হুংকাৰ

আৰু সহ্য কৰিব নোৱাৰি

এইখন সভ্য মানৱৰ সমাজ

ৰাম ৰাজ্যত ৰাৱণ লংকা কেতিয়াও হ'ব নোৱাৰে

সাৱধান! দুষ্কৃতি চক্ৰান্ত মুখা-পিন্ধা ভদ্ৰলোক

কুৰুক্ষেত্ৰ ৰণুৱা আহিছে ওলাই।


প্ৰসন্ন কুমাৰ বৰা

Tuesday, November 22, 2022

মৰি মৰি জীয়াই আছে জীৱন

 মৰি মৰি জীয়াই আছে জীৱন

অন্ধকাৰত আত্মাই আৰ্তনাদত চিঞৰিছে

এখনি সভ্যতাৰ মানৱী সমাজ বিছাৰি

ক'ত আছে ?

এনে এখন মানৱী সমাজ

য'ত মানুহে মানুহৰ মূল্য বুজে

অনুভৱে ডেউকা মেলি উৰিছে

কবিতা ছন্দৰ বিছাৰি

হৃদয়ৰ এমুঠি শব্দ বুটলি

সমন্বয় ক্ষেত্ৰৰ মতামতলৈ বুলি

সপোনে সাৰ পালে

কবিতাক বিছাৰি

পুনৰাই জীৱন সজাওঁ বুলি

আহি দেখিলোঁ

বিভীষণৰ ভাষা উৎপাত

ভাষাৰে ৰাজনীতি পাতনি মেলিছে

কবি উদাৰতা মনক মনকৰিবলগীয়া

কোন দিশেৰে ধাৱমান আজি

উদাহৰণস্বৰূপে প্ৰথমে বন্ধুত্বৰ   খোপনি

তাৰ পাছত বহু কলংকিত…

হেৰৌ! 

বিভীষণৰূপী ছদ্মবেশী

আকৌ মৰি মৰি জীয়াই থাকিব নিদিবি

ৰঙা কলিজা তেজেৰে লিখিব নিদিবি

দুহাতেৰে ৰাঙলী কৰি বিপ্লৱী কবিতা

ওলাই আহিছোঁ আন্ধাৰৰ খলা-বমা পথেৰে

থৰক-বৰক খোজেৰে

পোহৰৰ আশাৰ ৰেঙনি দেখি।


প্ৰসন্ন কুমাৰ বৰা (মৰিগাঁও)

Wednesday, November 16, 2022

প্ৰতিশ্ৰুতি:প্ৰসন্ন কুমাৰ বৰা

 প্ৰতিশ্ৰুতি



তুমি চাই আছা

চাই আছোঁ মই

জীৱন নাটকৰ কৰুণ দৃশ্যপট

ৰক্ত কলিজাৰ বিষাক্ত বেদনা

কুমলীয়া হৃদয়ে উচুপি উঠিল

মন বিবেকৰ তয়াময়া ৰণ

বাজি উঠিল বুকুত

বজ্ৰ গাৰ্জনি

নীৰৱ কণ্ঠস্বৰ

নীৰৱতা অশ্ৰু

মাথোঁ চাই আছা তুমি

চাই আছোঁ মই

মই কন্দা নাই

কান্দোঁ বুলি 

হৃদয় উজাৰি কান্দিব পৰা নাই

মাতোঁ বুলি মাতিব পৰা নাই

তোমাৰ প্ৰতিশ্ৰুতিৰ

মজিয়াখনত এপাহি কৰবী হৈ শুই আছা

পুষ্প ৰথৰ জা-যোগাৰ 

তোমাক নিবলৈ

নাযাওঁ মই তোমাক থবলৈ

তোমাক চাবৰ নোৱাৰিম

দপদপীয়া অগ্নিৰ মাজত

নশ্বৰ শৰীৰ দাহ হোৱাৰ

তুমি নাজানা

তুচ্ছ-তাচিল্য সুৰেৰে সকলোৱেই কয়

মই নিষ্ঠুৰ বুলি

মই হেনো তোমাৰ কোনো নহয়

মাথোঁন তুমি মোক চাই আছা

চাই আছোঁ মই

জীৱন নাটকৰ অন্তিমটো দৃশ্যৰ

তোমাৰ প্ৰতিশ্ৰুতিৰে

তুমি দিয়া প্ৰেৰণাই 

বুকুত বান্ধি 

থাকিম জীয়াই

আধৰুৱা সপোন তোমাৰ

ৰাখিম জীয়াই

নিসংগতাত বিছাৰিম সদায়

ছায়াহৈ মোক দিবা জগাই

বিদায় ক্ষণট দুভৰি পৰা আঁতৰিল ধৰিত্ৰী

আকাশ ভাঙী মুৰত পৰিল

তোমাৰ প্ৰতিশ্ৰুতিত…


প্ৰসন্ন কুমাৰ বৰা(মৰিগাঁও)

Tuesday, November 08, 2022

প্ৰশ্ন

প্ৰশ্ন:

শিয়ৰি উঠেনে ৰক্ত কণিকা শৰীৰত

অপমানত ভাষাই যেতিয়া সকিয়াই

নাই কাৰোৱেই একো উমঘাম

কি কৰিবা?

একো কৰিব নোৱাৰা 

তোমাক সুধিলোঁ

তুমি হেনো অসমীয়া

কিমান সাহসী তুমি

পাকঘৰত উদৰ পুৰাই

জুটি লগাই এসাঁজ

নিজ গৃহত গৰজি

আকৌ যদি যাবলাগে ৰণলৈ

ওলাই আহাঁ ৰাঙলী হ'বলৈ

নহ'লে লজ্জিত অসমীয়া

জাতি দ্ৰোহী ওঁ আশ্ৰয় শিবিৰ

বাৰেবাৰে অপমান

এতিয়া ক'ত আছে সংগ্ৰাম

আছেনে শৰীৰত বীৰত্ব তেজ

আছে যদিওঁ আগবাঢ়ি নাহা

কাপুৰুষ!

আছে যদি সাহসিকতা

প্ৰশ্ন উত্তৰ দিয়া!


প্ৰসন্ন কুমাৰ বৰা, মৰিগাঁও

আত্মা বিননি:প্ৰসন্ন কুমাৰ বৰা

 আত্মা বিননি



সময় বৰ নিষ্ঠুৰ।

জীৱন সংগ্ৰামত বহু ব্যস্ততাৰ।

আহৰি নাই কাৰোবাৰ খবৰ লোৱা।

জীয়াই থাকোঁতে যদি,

নাপাওঁ সঁহাৰি।

নৰিয়াপাটি থাকোঁতে 

এষাৰ মাতআৰুএসাঁজ।

সংসাৰ ত্যাগৰ পাছত,

কেলেই লাগিছে।

এসোপামান শান্তিৰ শুভেচ্ছা।

মাথোঁ পৰিয়ালটোক দিয়া।

আগতেই জানাই নাছিলা।

কেতিয়াবা খবৰ লৈছিলা?

কেনেদৰে আছোঁ।

আজি মোৰ বিদেহী আত্মাটোক

শান্তিৰ শুভেচ্ছা যাঁচিছা ।

ভাল লাগিছে দিয়া

শ্ৰদ্ধাঞ্জলি, 

তেওঁ সুৰ,কণ্ঠ,সংলাপ কিমান গভীৰতা।

তেওঁৰ অভিনয় পাৰদৰ্শিতাৰ মনোমোহা।

তই আৰু মোক নুশুধিবি ।

সিহঁতৰ কথা,সিহঁতবোৰ তেনেকুৱাই

নাটকীয় মিঠা সংলাপৰে 

নিজ শাসন আদায়  কৰে।

সহজ সৰল মানুহৰ কান্ধত বন্ধুক ৰাখি

 গুলী ফুটাই

বুজিছ নহয় তই।

দেখিছ নে তই 

নৰপিশাচহঁতে বুকুৰ ফালি 

কেঁচা তেজ শুহি খোৱা

সিহঁতক নাশ কৰিবলৈ 

ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব লাগিব

তই হ'ব লাগিব মাঁকালী 

পশ্চিমৰ ৰাঙলী বেলিটো,

  আৰু অলপ সময় বাবে,

 ধৰি ৰাখিবৰ লাগিব।

চিঞৰি,চিঞৰি শুনাই দিম

মৰা মানুহৰ আত্মাৰ বিননি

ঐ! মই আকৌ আহিছোঁ চা৷



প্ৰসন্ন কুমাৰ বৰা মৰিগাঁও

Tuesday, November 01, 2022

নতুন সূৰ্য:প্ৰসন্ন কুমাৰ বৰা

 "নতুন সূৰ্য"

                            প্ৰসন্ন কুমাৰ বৰা মৰিগাঁও


মোক এটা সূৰ্য লাগে

তেজতকৈওঁ ৰঙা

আন্ধাৰ নিশাক দুফাল কৰি

নতুন প্ৰভাত অনা

প্ৰতিশোধৰ পোছাক পিন্ধি সাজু হলোঁ

তুলি ললোঁ হাতত মহান অস্ত্ৰ

সযতনে বান্ধি ললোঁ টঙালি কঁকালত

ৰণুৱা তেজী ঘোঁৰা চেঁকুৰাই 

ৰক্তাক্ত ৰণ স্থলিত যাঁও আগুৱাই

শৰীৰত উথলি উঠিছে লাচিতৰ তেজ

সকলোৱেই আগবাঢ়ি আঁহা নাই জাতিভেদ

শ্লোগানৰে অগ্নিযোগৰ ফিৰিঙতি মই

মহান বীৰ,বিপ্লৱী আদৰ্শৰে

আহ ঐ আহ,ওলাই আহ

 দেশ যায় যায়,জাতি যায় যায়

আজি আপোন ভাষাটোৰ হেৰাই

Tuesday, October 25, 2022

আগজাননী:প্ৰসন্ন কুমাৰ বৰা

 "আগজাননী"

 ভদ্ৰলোকৰ আঁৰতো

 এটা বিষাক্ত মন

কোন তুমি ছদ্মবেশী?

ভদ্ৰত্বাৰ মুখা পিন্ধি

নিসংগতা সুযোগ লভি

কামাতুৰহৈ মাজ ৰাত্ৰি

ধুনীয়া নাৰীৰ দেহ বিছাৰি

সভ্যতাৰ সমাজখনত বাস কৰি

নিজকেই মহত্তম উপাধি লভি

মহান ব্যক্তিজন খাজিলি

আপোন বান্ধৱী পাতি

সুকোমল দেহৰ তৃপ্তিৰে ভোগ কৰি

কিমানৰ জীৱন নাশ কৰিবি

 বন্ধ ক'ৰ ৰঙ্গমঞ্চৰ নাটক

ইয়াৰ পৰিণাম বহু ভয়ঙ্কৰ

সকিয়াই দিলোঁ তোক

এইক্ষণে কবিতাৰ শব্দৰে৷


প্ৰসন্ন কুমাৰ বৰা ,মৰিগাঁও

Tuesday, October 18, 2022

কবি আৰু কবিতা:প্ৰসন্ন কুমাৰ বৰা

 কবি আৰু কবিতা:

                     প্ৰসন্ন কুমাৰবৰা,মৰিগাঁও

বিপ্লৱী জীৱনৰ অলপমান সময় পাই ধাপলি মেলোঁ 

তোমাৰ কাষলৈ


তুমি মোৰ বহু দিনৰে আপোন

তোমাৰ আঁচলৰ ছাঁতে শান্তি বিছাৰি

দুখ ভাগৰ নেওচি

মই পাওঁ তোমাৰ কাষত বিছাৰি

সুখ- সমৃদ্ধি

যাচি দিওঁ তোমাৰ দুগালত

শব্দৰ মিঠা চুম্বন

পিন্ধাই  সজাব বিচাৰোঁ বাক্য মালাৰে  তোমাৰ খোপাট

শব্দ-সম্ভাৰ আলিংগনত আপোন- পাহৰা হৈ

নিসংগতাৰ  কামনাত  মগ্ন  হৈ

হিয়া উজাৰি দিওঁ

ভাষাৰ টোপোলা খুলি

অনুভৱ - কাব্যিকতাৰ  সঙ্গমত জন্ম লভাৰ সত্ত্বা....

এটি  মিঠা   কবিতা

কবি আৰু কবিতা.....॥

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...