Tuesday, October 18, 2022

কবি আৰু কবিতা:প্ৰসন্ন কুমাৰ বৰা

 কবি আৰু কবিতা:

                     প্ৰসন্ন কুমাৰবৰা,মৰিগাঁও

বিপ্লৱী জীৱনৰ অলপমান সময় পাই ধাপলি মেলোঁ 

তোমাৰ কাষলৈ


তুমি মোৰ বহু দিনৰে আপোন

তোমাৰ আঁচলৰ ছাঁতে শান্তি বিছাৰি

দুখ ভাগৰ নেওচি

মই পাওঁ তোমাৰ কাষত বিছাৰি

সুখ- সমৃদ্ধি

যাচি দিওঁ তোমাৰ দুগালত

শব্দৰ মিঠা চুম্বন

পিন্ধাই  সজাব বিচাৰোঁ বাক্য মালাৰে  তোমাৰ খোপাট

শব্দ-সম্ভাৰ আলিংগনত আপোন- পাহৰা হৈ

নিসংগতাৰ  কামনাত  মগ্ন  হৈ

হিয়া উজাৰি দিওঁ

ভাষাৰ টোপোলা খুলি

অনুভৱ - কাব্যিকতাৰ  সঙ্গমত জন্ম লভাৰ সত্ত্বা....

এটি  মিঠা   কবিতা

কবি আৰু কবিতা.....॥

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...