Tuesday, October 18, 2022

এটি প্ৰেমৰ কবিতা:মিন্টু গোৱলা

এটি প্ৰেমৰ কবিতা:

                      মিন্টু গোৱলা ,লখিমপুৰ,

আবেলিৰ বেলিটি কিয় জানো
কৈ গ'ল (?)
তুমি অহাৰ কথা 
মোৰ হৃদয়ৰ স্পন্দনত তুমি সদায়
সাতুৰি - নাডুৰি থাকা ।
আবেলিৰ সময়বোৰ বৰ ভালে 
য'ত নীৰৱ প্ৰকৃতিৰ মাজত আমি দুয়ো 
বহি প্ৰেমৰ কথা পতা ।
ভাল লাগে তুমি আহিলে মোৰ কাষত 
তুমি আহিলে মোৰ হৃদয়ৰ স্পন্দন
 বৰকৈ উৎফুল্লিত হৈ উঠে।
আবেলিৰ মৃদু বতাহ জাকে
 দুয়োৰ মন মুহি পেলাই ,
দুয়োক লৈ যায় মুগ্ধ প্ৰেমৰ পৃথিৱীত 
য'ত দুয়ো আপোন পাহৰা হওঁ  ।

তুমি অহা আবেলিৰ পৰ বোৰ 
মোৰ বাবে এটি সুবাসী পখিলা
অহাৰ ক্ষণ যেন অনুভৱ হয়।
তোমাৰ সৈতে আবেলি পৰত বহি 
নৈৰ পাৰৰ সুগন্ধি বুটলা 
সময়বোৰ বৰ ভাল লাগে।
আজি বহু দিন হ'ল 
তোমাৰ লগত আবেলি 
পৰত লগ নধৰা ।
 
আহিবাচোন আবেলি সময়ত 
মোৰ সৈতে কথা পাতিব ,
তোমাৰ সৈতে বৰকৈ
 কথা পাতিব মন গৈছে ।
আহিবা নে? 
সেই নৈৰ পাৰত বহিব 
আবেলিৰ মৃদু বতাহ জাক ল'বলে ।
মই জানো তুমি আহিবা 
আবেলিৰ এজাক প্ৰেমৰ বৰষুণ হৈ 
মোৰ হৃদয়ৰ স্পন্দনত ।
বাট চাই ৰʼম নৈৰ পাৰত 
 তুমি অহা প্ৰতি পলক 
হৃদয়ৰ দুৱাৰ খুলি ৰাখিম 
তুমি অহাৰ বাবে (!)
এতিয়া যে তুমি অহাৰ সময়
শৰতৰ শেহতীয়া বৰষুণ জাকত
 তুমি আহিবা বুলি বাট চাই আছোঁ।
আহিবা শৰতৰ সন্ধিয়াৰ 
শেৱালী ফুলা ক্ষণত
নিয়ৰ সিক্ত দূৱৰিৰ দলিচাত ,
তাতেই লগ হ'ম দুয়ো পাতিম প্ৰেমৰ কথা ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...