Tuesday, October 18, 2022

সুখৰ বাৰ্তাবাহক কুঁৱলী

 সুখৰ বাৰ্তাবাহক কুঁৱলী...

               অনামিকা দেৱী উ:লখিমপুৰ

কুঁৱলী নামি অহাৰ সময় এয়া...

   হয়তু ঢাকি ৰাখিব কুঁৱলীৰ আৱৰণে 

সোণোৱালী পথাৰৰ মোহনীয়া ৰূপ...

   সেউজীয়াবোৰ লুপ্ত হৈ জিলিকি উঠিছে

        পথাৰৰ সোণালী ধানৰ কমনীয়তা...

কৃষকৰ কষ্টবোৰে যেন এতিয়া 

    পাব সফলতাৰ উচ্চ শিখৰ...

অক্লান্ত পৰিশ্ৰমী তেওঁলোকে 

    পাহৰি যাব ভোক পিয়াহ কিম্বা জিৰণি...

ইমানদিনে শুকাই থকা হাঁহিবোৰ

     যেন আকৌ জিলিকি উঠিব...

          শেঁতা দুটি ওঁঠৰ মাজেৰে...

এৰা...কুঁৱলী যেন কিবা এক সুখৰ

      আগমনৰ বাৰ্তাবাহক...

কুঁৱলীৰ আঁৰে আঁৰে কত কৃষকৰ 

      সফলতাৰ হাঁহি বিয়পি পৰে...

            বহু দূৰ অসীমলৈ...

দাৱনীৰ বহু দূৰ পথাৰলৈ বৈ যোৱা

     এটি শান্তিৰ হাঁহি...

আকৌ এবাৰ গুঞ্জৰিত হৈ পৰিব

     নীল গগণৰ সকলোতে...

          স্বপ্ননীল আশাৰ ৰেঙণি স্বৰূপে..

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...